অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পূৰ্বাঞ্চল তাই সাহিত্য সভা

বান অক পাপ লিক মৌঙ তাই (ইংৰাজী: Ban Ok Pup Lik Mioung Tai, তাই: 𑜈𑜃𑜫 𑜒𑜨𑜀𑜫 𑜆𑜆𑜫 𑜎𑜢𑜀𑜫 𑜉𑜢𑜤𑜂𑜫 𑜄𑜩 𑜽) অসমীয়াত পূৰ্বাঞ্চল তাই সাহিত্য সভা হ’ল তাই ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯৮১ চনত গঠন হোৱা এক জাতীয় অনুষ্ঠান।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বান অক পাপ লিক মৌঙ তাই (ইংৰাজী: Ban Ok Pup Lik Mioung Tai, তাই: 𑜈𑜃𑜫 𑜒𑜨𑜀𑜫 𑜆𑜆𑜫 𑜎𑜢𑜀𑜫 𑜉𑜢𑜤𑜂𑜫 𑜄𑜩 𑜽) অসমীয়াত পূৰ্বাঞ্চল তাই সাহিত্য সভা হ’ল তাই ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯৮১ চনত গঠন হোৱা এক জাতীয় অনুষ্ঠান। ইয়াৰ প্ৰধান কাৰ্যালয় চৰাইদেউ জিলা জিলাৰ পাটসাকোৰ ডম্বৰু দেওধাই ফুকন ভৱনত অৱস্থিত। ডম্বৰু দেওধাই ফুকন আছিল পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ড° পুষ্প গগৈ ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।

ইতিহাস

১৯৮১ চনৰ ৮ এপ্ৰিলত ধেমাজিত বান অক পাপ লিক মৌঙ তাই বা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ১৯৮২ চনৰ ৭, ৮ আৰু ৯ মাৰ্চত অবিভক্ত শিৱসাগৰ আৰু বৰ্তমানৰ চৰাইদেউ জিলা জিলাৰ পাটসাকোত। অধিৱেশনত সভাপতিত্ব কৰিছিল ডম্বৰু দেওধাই ফুকনে আৰু ড° পুষ্প গগৈ আছিল সম্পাদক। এই ডম্বৰু দেওধাই ফুকনৰ স্মৃতিতে পৰৱৰ্তী সময়ত সভাৰ মুখ্য কাৰ্যালয়টো ডম্বৰু দেওধাই ফুকন ভৱন নামেৰে নামাকৰণ কৰা হয়।

পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা

সভাপতিকাৰ্যকাল
ডম্বৰু দেওধাই ফুকন১৯৮১-৮৩
ৰত্নেশ্বৰ বুঢ়াগোহাঞি১৯৮৩-৮৭
হেম বুঢ়াগোহাঞি১৯৮৭-৯১
ডিম্বেশ্বৰ চেতিয়া১৯৯১-৯৪
জীৱেশ্বৰ মহন১৯৯৪-৯৬
কামিনী গগৈ১৯৯৬-২০০২
ড° পুষ্প গগৈ২০০২-০৪
মনোৰঞ্জন ফুকন২০০৪-০৬
জীৱেশ্বৰ মহন২০০৬-০৭
যোগেন্দ্ৰ নাথ ফুকন২০০৭-০৯
কেশৱানন্দ দিহিঙীয়া২০০৯-১১
প্ৰণৱ গগৈ২০১১-১৩
ড° দয়ানন্দ বৰগোহাঞি২০১৩-২২
অতুল ফুকন২০২২-বৰ্তমানলৈকে

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্বাঞ্চল তাই সাহিত্য সভা” প্ৰবন্ধৰ সংশোধন ৫৮৫৪৭২ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।