অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড (এনডিডিবি) হৈছে ভাৰতৰ সংসদৰ এক আইনৰ দ্বাৰা স্থাপিত এক বিধিবদ্ধ সংস্থা। ই ভাৰত চৰকাৰৰ মীন পালন, পশুপালন আৰু দুগ্ধ জাত মন্ত্ৰালয়ৰ মালিকানাধীন। মুখ্য কাৰ্যালয়টো গুজৰাটৰ আনন্দ্‌ত আছে আৰু সমগ্ৰ দেশতে আঞ্চলিক কাৰ্যালয় আছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড (এনডিডিবি) হৈছে ভাৰতৰ সংসদৰ এক আইনৰ দ্বাৰা স্থাপিত এক বিধিবদ্ধ সংস্থা।১ ই ভাৰত চৰকাৰৰ মীন পালন, পশুপালন আৰু দুগ্ধ জাত মন্ত্ৰালয়ৰ মালিকানাধীন। মুখ্য কাৰ্যালয়টো গুজৰাটৰ আনন্দ্‌ত আছে আৰু সমগ্ৰ দেশতে আঞ্চলিক কাৰ্যালয় আছে। এনডিডিবিৰ সহায়ক কোম্পানীবোৰৰ ভিতৰত আছে ইণ্ডিয়ান ডেইৰী মেচিনেৰী কোম্পানী লিমিটেড্‌, মাদাৰ ডেইৰী আৰু ইণ্ডিয়ান ইমিউনোলজিকেলছ লিমিটেড্‌, হায়দৰাবাদ।২ উৎপাদকৰ মালিকানাধীন আৰু নিয়ন্ত্ৰিত সংগঠনবোৰক বিত্তীয় আৰু সমৰ্থন কৰাৰ বাবে বোৰ্ডখন সৃষ্টি কৰা হৈছিল। ইয়াৰ কাৰ্যসূচী আৰু কাৰ্যকলাপে কৃষক সমবায়বোৰ শক্তিশালী কৰিব বিচাৰে আৰু এনে প্ৰতিষ্ঠান সমূহৰ বিকাশৰ বাবে অনুকূল ৰাষ্ট্ৰীয় নীতিসমূহক সমৰ্থন কৰিব বিচাৰে।৩

মীনেশ শ্বাহ বৰ্তমান এনডিডিবিৰ অধ্যক্ষ।৪

ইতিহাস

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড ৰ প্ৰতিষ্ঠা ড° ভাৰ্গিজ কুৰিয়েনে কৰিছিল। ১৯৬৫ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী - স্বৰ্গীয় লাল বাহাদুৰ শাস্ত্ৰীয়ে কাইৰা সমবায় গাখীৰ উৎপাদক সংঘৰ (আমুল) সফলতা ভাৰতৰ অন্যান্য প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাৰ উদ্দেশে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড (এন.ডি.ডি.বি) সৃষ্টি কৰা হৈছিল।৫

২০১২ চনত, ৰাষ্ট্ৰীয় দুগ্ধ পৰিকল্পনা (এন.ডি.পি.) কাৰ্যসূচীৰ অধীনত, এন.ডি.ডি.বি.-য়ে পঞ্জাৱকে ধৰি ১৪ খন মুখ্য গাখীৰ উৎপাদক ৰাজ্যৰ ৪০,০০০ গাওঁক লক্ষ্য কৰি দুগ্ধ পালন বৃদ্ধি কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছিল।৬ প্ৰকল্পটোৰ উদ্দেশ্য আছিল এই ৰাজ্যসমূহত প্ৰায় ২.৭ নিযুত দুগ্ধজাত জন্তু কভাৰ কৰা।৭৮

অক্টোবৰ ২০২০ ত, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডে গুজৰাটৰ আনন্দ জিলাৰ মুজকুভা দুগ্ধ সমবায় সমিতিত (ডিচিএছ) এক সাৰ ব্যৱস্থাপনা প্ৰচেষ্টা আৰম্ভ কৰিছে, য'ত দুগ্ধ জাত খেতিয়কসকলে তেওঁলোকৰ ৰন্ধন ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লগা গেছ উৎপাদনৰ বাবে জৈৱ গেছ প্ৰকল্প স্থাপন কৰে।৯

২০২০ চনত, এন.ডি.ডি.বি. ক অধিক ৰাজ্য লৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা অনুসৰি, নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চলত দুগ্ধজাত সামগ্ৰী আৰু গ্ৰাম্য জীৱিকাৰ প্ৰচাৰৰ বাবে লাডাখ প্ৰশাসনৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।১০১১

অন্যান্য পদক্ষেপসমূহ

এনডিডিবি য়ে অল ইণ্ডিয়া ৰেডিঅ'ৰ (AIR) সহযোগত ৰেডিঅ' সম্বাদ মুকলি কৰিছিল – বিদৰ্ভ আৰু মাৰাঠৱাড়া অঞ্চলৰ দুগ্ধ খেতিয়কসকলৰ বাবে ৰেডিঅ'ত এক সজাগতা শৃংখলা যাক প্ৰতি মঙলবাৰে আৰু শুক্ৰবাৰে পৰিকল্পনা কৰা হয়, ৩০ মিনিটৰ খণ্ড হিচাপে যিটো নাগপুৰ, জলগাওঁ, ঔৰঙ্গাবাদ, ওচমানাবাদ আৰু নান্দেৰে ৰেডিঅ' কেন্দ্ৰৰ পৰা বৈজ্ঞানিক পশু ব্যৱস্থাপনা আৰু নন্দ ৰেডিঅ' কেন্দ্ৰৰ পৰা বৈজ্ঞানিক পৰিচালন আৰু দুগ্ধ বিশেষজ্ঞৰ সৈতে সম্পৰ্কিত বিষয়ত সম্প্ৰচাৰ কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Dilip Rath appointed as NDDB chairman
  2. ↑ राष्ट्रीय डेयरी विकास बोर्ड (एनडीडीबी) · NDPI
  3. ↑ National Dairy Development Board official website
  4. ↑ www.nddb.coop/node/2213#:~:text=of%20Chairman%2C
  5. ↑ Gupta, Sharad. (26 November 2019). Remembering Verghese Kurien – India's first milkman. businessline
  6. ↑ (18 May 2012). NDDB plans to boost dairy farming in Punjab. Hindustan Times
  7. ↑ NDDB plans to boost dairy farming in Punjab
  8. ↑ Dairy development by NDDB in India
  9. ↑ (28 October 2020). Anand district: NDDB begins initiative for dairy farmers on manure management. The Indian Express
  10. ↑ (7 October 2020). NDDB to promote dairying in Ladakh, inks MoU with UT · Vadodara News - Times of India. The Times of India
  11. ↑ (1 November 2020). NDDB to build 3 new dairy plants in Jharkhand at cost of Rs 90 crore. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৩০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।