অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নৱগ্ৰহ

নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে। এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,नव) আৰু "গ্ৰহ" (ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ।

হালনাগাদ: ৩১ মে’ ২০২১ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে।১ এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,नव) আৰু "গ্ৰহ" (ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ। ভাৰতীয় জ্যোতিৰ্বিদ্যাত ভূদেৱী (পৃথিৱী), ইউৰেনাচ আৰু নেপচুনক নটা গ্ৰহৰ এটা তালিকাত অন্তৰ্ভুক্ত কৰা নহয়।২ ভাৰতীয় সংস্কৃতিৰ সপ্তাহৰ সাত দিনৰ নাম সমূহো এই নৱগ্ৰহৰ নামেৰে সংযুক্ত। ঠাইভেদে ভাৰতত এই সাত বাৰৰ নামৰ কিছু পাৰ্থক্য আছে।

মহাজাগতিক পদাৰ্থ পিণ্ড

+নৱগ্ৰহ:১নংচিত্ৰনাম (বৈদিক)পশ্চিমীয়া সমন্বয়দিন
১.Surya graha.JPGসূৰ্য (দেৱতা), ৰবিসূৰ্যদেওবাৰ, ৰবিবাৰ
২.Chandra graha.JPGচন্দ্ৰ (দেৱতা), সোমচন্দ্ৰসোমবাৰ,
৩.Budha graha.JPGবুধ (দেৱতা), সৌম্যবুধ গ্ৰহবুধবাৰ,
৪.Shukra graha.JPGশুক্ৰ (দেৱতা), শুক্ৰাচাৰ্য্যশুক্ৰ গ্ৰহশুক্ৰবাৰ,
৫.Angraka graha.JPGমংগল (দেৱতা), অংগৰকমঙ্গল গ্ৰহমংগল বাৰ,
৬.Brihaspati graha.JPGবৃহস্পতি (দেৱতা), গুৰুবৃহস্পতি গ্ৰহবৃহস্পতি বাৰ, গুৰুবাৰ
৭.Shani graha.JPGশনি (দেৱতা),শনি গ্ৰহশনিবাৰ,
৮.Rahu graha.JPGৰাহুচন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ উত্তৰ চেদ বিন্দু
৯.কেতুচন্দ্ৰ আৰু পৃথিৱীৰ কক্ষৰ দক্ষিণ চেদ বিন্দু

তথ্যসূত্ৰ

  1. ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 280. ISBN 978-0-14-341421-6
  2. ↑ Sanskrit-English Dictionary by Monier-Williams, 1899

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱগ্ৰহ” প্ৰবন্ধৰ সংশোধন ২৭৯৯১৪ (৩১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।