অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নেপালী চাহ

নেপালী চাহ নেপালত উৎপাদিত চাহগছৰ ( কেমেলিয়া চাইনেন্সিছ ) পাতৰপৰা তৈয়াৰী পানীয় হ’ল নেপালী চাহ। ৰূপ, সুগন্ধি আৰু সোৱাদৰ ক্ষেত্ৰত ইহঁতৰ সুকীয়া বৈশিষ্ট্য আছে যদিও বহু দিশত ভাৰতৰ দাৰ্জিলিং চাহৰ সৈতে মিল আছে। ইয়াৰ উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ অৰ্থ হ'ল নেপালী চাহ দাৰ্জিলিং চাহতকৈ কম পৰিচিত।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৫ ১,১৭৬ শব্দ · ৭ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নেপালী চাহ নেপালত উৎপাদিত চাহগছৰ ( কেমেলিয়া চাইনেন্সিছ ) পাতৰপৰা তৈয়াৰী পানীয় হ’ল নেপালী চাহ। ৰূপ, সুগন্ধি আৰু সোৱাদৰ ক্ষেত্ৰত ইহঁতৰ সুকীয়া বৈশিষ্ট্য আছে ১ যদিও বহু দিশত ভাৰতৰ দাৰ্জিলিং চাহৰ সৈতে মিল আছে।২ ইয়াৰ উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ অৰ্থ হ'ল নেপালী চাহ দাৰ্জিলিং চাহতকৈ কম পৰিচিত।৩

নেপালী চাহ দুই ধৰণৰ। পৰম্পৰাগত আৰু চি টি চি (CTC) চাহ।

পৰম্পৰাগত বা গতানুগতিক চাহ

দাৰ্জিলিং চাহৰ দৰে গতানুগতিক চাহ চীনা জাতৰ চাহগছ (C. sinensis var. sinensis)ৰপৰা তৈয়াৰ কৰা হয়। এই চাহ হাতেৰে বা মেচিনেৰে বাছি উলিওৱা হয়। বেছিভাগ বিশেষ চাহ যেনে গ্ৰীণ টি, ওলং চাহ, বগা চাহ আৰু হাতেৰে বাছি উলিওৱা চাহ গতানুগতিক চাহৰ শ্ৰেণীত পৰে। নেপালত সমুদ্ৰপৃষ্ঠৰপৰা ৩০০০ৰপৰা ৭০০০ ফুট উচ্চতাত নেপালৰ পাহাৰীয়া অঞ্চলত গতানুগতিকভাৱে চাহ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ কৰা হয়। নেপালৰ পূব অঞ্চলৰ উচ্চমানৰ পৰম্পৰাগত চাহ উৎপাদনৰ বাবে জনাজাত ছখন প্ৰধান জিলা হৈছে ইলাম, পঞ্চথাৰ, ধনকুটা, তেৰহাথুম, সিন্ধুলপালচোক, আৰু কাস্কি।

নেপালত অৰ্থডক্স চাহৰ চাৰিটা ফ্লাছ(পাত চিঙাৰ সময় বা ধাৰা) আছে:৪৫

গতানুগতিক তথা পৰম্পৰাগত চাহ
গতানুগতিক তথা পৰম্পৰাগত চাহছবি: Naresh.limbu at English Wikipedia · CC BY-SA 3.0
  • প্ৰথম ফ্লাছ মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহৰপৰা আৰম্ভ হয় আৰু এপ্ৰিল মাহৰ শেষলৈকে চলি থাকে। পাতবোৰ কোমল, আৰু ৰসৰ ৰং শেঁতা হালধীয়া-সেউজীয়া, মৃদু আৰু সূক্ষ্ম সোৱাদযুক্ত। প্ৰথম ফ্লাছৰ মৃদু আৰু সূক্ষ্ম সোৱাদৰ বাবে অধিক ব্যয়-বহুল, কিন্তু ইয়াক কম পৰিমাণে উৎপাদন কৰা আৰু চাহিদা যোগানতকৈ বেছি হোৱাৰ বাবেও।
  • দ্বিতীয়টো ফ্লাছ মে’ মাহৰ দ্বিতীয় সপ্তাহৰপৰা আৰম্ভ হয় আৰু জুলাই মাহৰ শেষ সপ্তাহলৈকে থাকে। দ্বিতীয় ফ্লাছত পাতবোৰ অধিক শক্তিশালী হৈ পৰে আৰু প্ৰথম ফ্লাছৰ দৰে নহয়, চাহৰ সুকীয়া গুণ দেখা যায়। একাংশ বিশেষজ্ঞই কয় যে দ্বিতীয়বাৰৰ বাবে ফ্লাছৰ সময়ত সৰ্বোত্তম চাহ উৎপাদন হয়।
  • বাৰিষাৰ ফ্লাছ, যাক "বৰষুণৰ চাহ" বুলিও কোৱা হয়, দ্বিতীয় ফ্লাছৰ ঠিক পিছতেই, জুলাই মাহৰ শেষ সপ্তাহত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ শেষলৈকে থাকে। সঘনাই বৰষুণ হোৱাৰ বাবে চাহৰ সম্পূৰ্ণ ৰং আৰু শক্তি গঢ় লৈ উঠাৰ লগে লগে বাৰিষাৰ চাহে অতি তীব্ৰ আৰু গভীৰ ৰং দেখা যায়, যাৰ ফলত অধিক চহকী, অধিক তীব্ৰ চাহৰ সৃষ্টি হয়।
  • শৰৎকালৰ ফ্লাছ সাধাৰণতে অক্টোবৰৰপৰা আৰম্ভ হয় আৰু নৱেম্বৰৰ শেষলৈকে থাকে। শৰৎকালীন চাহত কস্তুৰী সোৱাদ, তিতা সুগন্ধি, আৰু গাঢ় বাদামী ৰঙৰ সংমিশ্ৰণ পোৱা যায়।

চিটিচি চাহ

চিটিচি (ক্ৰাছ, টিয়াৰ, কাৰ্ল) চাহ
চিটিচি (ক্ৰাছ, টিয়াৰ, কাৰ্ল) চাহছবি: Naresh.limbu at English Wikipedia · CC BY-SA 3.0

ক্ৰাছ, টিয়াৰ, এণ্ড কাৰ্ল (CTC) চাহ হৈছে অসম জাতৰ ( কেমেলিয়া চাইনেন্সিছ ভেৰেয়িটি আছামিকা ) প্ৰক্ৰিয়াকৰণৰ পদ্ধতি আৰু এয়া নেপালৰ নিম্ন, গৰম আৰু আৰ্দ্ৰ সমভূমিত, মূলতঃ ঝাপা জিলাত উৎপাদিত হয়। গতানুগতিক চাহৰ তুলনাত ইয়াৰ উৎপাদন ব্যয় কম হোৱাৰ বাবে ইয়াৰ ঘৰুৱা ব্যৱহাৰৰ প্ৰায় ৯৫%।

নেপালৰ চিটিচি চাহৰ চাৰিটা সুকীয়া ধাৰা আছে: প্ৰথম, দ্বিতীয়, বাৰিষা, আৰু শৰৎকালীন ধাৰা। কিন্তু গতানুগতিক চাহৰ দৰে নহয়, চিটিচি চাহ গোটেইখিনিতে প্ৰায় সম্পূৰ্ণ একে, আৰু প্ৰায়ে ইনফিউজ কৰাৰ পাছত ইয়াৰ ৰং গাঢ় আৰু পাতল সুগন্ধি দেখা যায়। কিন্তু স্থানীয় পৰিস্থিতিৰ পাৰ্থক্যৰ বাবে এই ধাৰাবোৰ প্ৰচলিত চাহৰ দৰে একে ধাৰা অনুসৰি আৰম্ভ আৰু শেষ নহয়।

ইতিহাস

ৰাণা বংশৰ সময়ত

১৮০০ চনৰ ভিতৰত আৰু ১৯০০ চনৰ আৰম্ভণিতে নেপাল ৰাণা বংশৰ অধীনত আছিল। ৰাণাৰ শাসন-ব্যৱস্থা এটা অতি কেন্দ্ৰীভূত স্বৈৰাচাৰী আছিল আৰু ৰাজতন্ত্ৰৰ দৰে কাম কৰিছিল। তেওঁলোকৰ নীতিৰ ফলত নেপাল বহিঃজগতৰপৰা বিচ্ছিন্ন হৈ পৰে। নেপালৰ সীমা আৰু শাসন-ব্যৱস্থা অভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে অহৰহ অস্থিৰ হৈ পৰিছিল। ভাৰতৰ দৰে এই নীতিসমূহে নেপালক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰপৰা জাতীয় স্বাধীনতা বজাই ৰখাত সহায় কৰিছিল যদিও আধুনিকীকৰণ আৰু অৰ্থনৈতিক বিকাশৰপৰা ইয়াক বিচ্ছিন্ন কৰি ৰাখিছিল। এইদৰে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ফুলি উঠা ওচৰৰ দাৰ্জিলিং চাহ উদ্যোগৰ তুলনাত নৱজাত নেপালী চাহ উদ্যোগটোৱে বিৰূপ ক্ষতিগ্ৰস্ত হৈছিল।

বিশ্বাস কৰা হয় যে নেপালৰ প্ৰথম চাহজোপা চীনৰ সম্ৰাটে তেতিয়াৰ নেপালৰ প্ৰধানমন্ত্ৰী জং বাহাদূৰ ৰাণাক উপহাৰ দিয়া বীজৰপৰা খেতি কৰা হৈছিল। তথাপি নেপালৰ চাহ উদ্যোগৰ শিপা ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত বিশ্বৰ প্ৰথম বহুজাতিক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতক উপনিৱেশিকৰণ কৰাৰপৰাই আৰম্ভ কৰিছে। ৬১৮৬৩ চনৰ আশে-পাশে দাৰ্জিলিঙত প্ৰথম চাহবাগিছা প্ৰতিষ্ঠা হোৱাৰ ১০ বছৰৰ ভিতৰতে হাইব্ৰিড জাতৰ চাহৰ খেতি কৰা হয় আৰু ইলাম জিলাত সমুদ্ৰপৃষ্ঠৰপৰা ৪৫০০–৫০০০ ফুট উচ্চতাত নেপালৰ প্ৰথম চাহবাগিছা ইলাম চাহবাগিছা প্ৰতিষ্ঠা কৰা হয়। ৭ নেপালৰ চাহ উদ্যোগৰ ভৱিষ্যতৰ উজ্জ্বল সম্ভাৱনা দেখি দুবছৰৰ পাছত ইলাম জিলাত দ্বিতীয়খন চাহবাগিছা ছকতিম চাহবাগিছা স্থাপন কৰা হয়। ১৯০০ চনৰ শেষৰফালে চাহৰ গছবোৰ পুৰণি হোৱাৰ লগে লগে আৰু উৎপাদন হ্ৰাস পোৱাৰ লগে লগে নেপালৰ চাহ খেতিয়কসকলে দাৰ্জিলিং কাৰখানাসমূহৰ যোগানকাৰী হিচাপে কাম কৰিছিল।

কিন্তু নেপালৰ নৱজাত চাহ উদ্যোগৰ বিকাশত ব্যৰ্থ হয়। যি সময়ত দাৰ্জিলিং চাহ উদ্যোগে বিশ্ব বাণিজ্যিক বজাৰত ভাল প্ৰদৰ্শন কৰিছিল, সেই সময়ত নেপালৰ চাহ উদ্যোগে ঘৰুৱা ব্যৱহাৰ পূৰণ কৰিব পৰা নাছিল। নেপালৰ ডেকা চাহ উদ্যোগৰ অৱনতিৰ মূল কাৰণ আছিল ৰাণা বংশৰ সময়ত ৰাজনৈতিক অস্থিৰতা আৰু তাৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক নীতি।

ৰাণা বংশৰ পিছত

১৯৫০ চনত নেপালৰ ৰাজনৈতিক পৰিৱেশ সলনি হ’ল। গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ এখন নতুন সংবিধান ৰচনা কৰা হ’ল। সফল গণতন্ত্ৰীকৰণ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতো নেপালৰ অৰ্থনীতি অন্ততঃ বিশ্বৰ বাকী অংশৰ বাবে মুকলি হ’ল। ফলত স্থবিৰ চাহ উদ্যোগত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগৰ সোঁত দেখা গ’ল। ১৯৫৯ চনত তৰাই অঞ্চলত প্ৰথমখন ব্যক্তিগত চাহবাগিছা স্থাপিত হৈছিল, যাৰ নাম ভূধাকৰণ চাহবাগিছা।

১৯৬৬ চনত চাহ উদ্যোগৰ বিকাশত সহায়ৰ বাবে নেপাল চাহ উন্নয়ন নিগম (NTDC) প্ৰতিষ্ঠা কৰা হয়। মূলতঃ নেপালত উৎপাদিত চাহপাত দাৰ্জিলিঙৰ কাৰখানাত বিক্ৰী কৰা হৈছিল, কিয়নো দাৰ্জিলিঙৰ চাহৰ জোপোহাবোৰ পুৰণি হৈ পৰিছিল, যাৰ ফলত প্ৰচেছড চাহৰ মানদণ্ড বেয়া হৈছিল। সেয়েহে দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা কাৰখানাসমূহৰ বাবে নেপালৰ চাহপাত আছিল এক মূল্যৱান ইনপুট। অৱশেষত ১৯৭৮ চনত ইলামত চাহপাত প্ৰক্ৰিয়াকৰণৰ বাবে নেপালত প্ৰথমটো কাৰখানা স্থাপন কৰা হয় আৰু কেইবছৰমান পিছত ইলাম জিলাৰ ছকতিমত আন এটা কাৰখানা স্থাপন কৰা হয়। ১৯৭৮ চনৰপৰা নব্বৈৰ দশকলৈ নেপাল চাহ উন্নয়ন নিগমে বহিঃৰাজ্য উন্নয়ন প্ৰশাসন (ODA)ৰ সহযোগত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক নগদ শস্য হিচাপে চাহৰ উন্নয়ন আৰু উৎপাদনত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ বাবে কেইবাটাও প্ৰচেষ্টা চলাইছিল। ফলত আজি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে নেপালৰ চাহ উদ্যোগৰ সংখ্যাগৰিষ্ঠ অংশ গঠন কৰিছে। ইয়াৰ চাহ উদ্যোগৰ বিকাশত অধিক সহায়ক হোৱাকৈ ১৯৮২ চনত তেতিয়াৰ নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱৰ ৰাজত্বকালত মহামহিম নেপাল চৰকাৰে পাঁচখন জিলা—ঝাপা, ইলাম, পঞ্চথাৰ, ধনকুটা আৰু তেৰহাথুম—ক নেপালৰ চাহ বেল্ট হিচাপে ঘোষণা কৰে।৮

বৰ্তমান চাহৰ উৎপাদন

বৰ্তমান নেপালৰ চাহ উদ্যোগত ব্যক্তিগত খণ্ডৰ আধিপত্য আছে। ১৯৬০ চনত স্থাপিত প্ৰথমটো ব্যক্তিগত পৰম্পৰাগত কাৰখানা ভূডখৰন চাহ প্ৰাইভেট লিমিটেড। ১৯৮০ চনত চাহ উদ্যোগ উদাৰীকৰণৰ পূৰ্বে চাহ উদ্যোগ চৰকাৰী একচেটিয়া অধিকাৰ আছিল। ২০০০ চনলৈকে নেপালৰ চাহ ৰপ্তানি বছৰি প্ৰায় ১০০-১৫০ টনহে আছিল। কিন্তু প্ৰায় এদশক পূৰ্বে গ্ৰহণ কৰা উদাৰীকৰণৰ বাবে নেপালৰ চাহ উদ্যোগত চাহ ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাই বছৰি প্ৰায় ৪,০০০-৫,০০০ টন হয়।

বৰ্তমান নেপালত ১৬,৭১৮ হেক্টৰ এলেকাত বছৰি প্ৰায় ১৬.২৯ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হয়। ইয়াৰদ্বাৰা বিশ্বৰ মুঠ চাহ উৎপাদনৰ মাত্ৰ ০.৪%হে। কৃষি বনানিকৰণ পদ্ধতিত চাহৰ খেতি স্ব-নিৰ্ভৰশীল নগদ শস্য হিচাপে কৰা হয় আৰু ইয়াক দীৰ্ঘম্যাদী বহনক্ষম কৃষিৰ এক প্ৰধান উদাহৰণ বুলি গণ্য কৰা হয়। ৯ নেপালৰ মূল চাহ উৎপাদনকাৰী অঞ্চলসমূহ হ'ল ঝাপা, ইলাম, পঞ্চথাৰ, ধনকুটা, তেৰহাথুম আৰু নতুনকৈ সংযোজন কৰা অঞ্চলসমূহ হ'ল কাস্কি, দোলাখা, কাভ্ৰে, সিন্ধুপালচোক, ভোজপুৰ, ছ'লুখুম্বু, আৰু নুৱাকোট,১০ যাৰ লক্ষ্য হৈছে নেপালৰ মুঠ চাহ উৎপাদন বৃদ্ধি কৰা। নেপালৰ চাহ মূলতঃ ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, জাৰ্মানী, ফ্ৰান্স, পোলেণ্ড, নেদাৰলেণ্ড, জাপান, বেলজিয়াম, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়।

বিশ্বৰ বজাৰত নেপালী গতানুগতিক চাহৰ সম্ভাৱনাক স্বীকাৰ কৰি হিমালয়ান অৰ্থডক্স চাহ উৎপাদক সংস্থাই (HOTPA) গতানুগতিক চাহৰ গুণগত মান আৰু বিপণন উন্নত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ২০০৩ চনত নেপালী চাহৰ বিপণনত সহায়ক হোৱাকৈ হিমালয়ান অৰ্থডক্স চাহ উৎপাদক সংস্থা (HOTPA)ৰ বিপণন শাখা হিমালয়ান চাহ উৎপাদক সমবায় লিমিটেড (HIMCOOP) প্ৰতিষ্ঠা কৰা হয়। একেদৰে ২০০৬ চনত হিমালয়ান অৰ্থডক্স চাহ উৎপাদক সন্থাই (HOTPA) এক আচৰণ বিধি ৰূপায়ণ কৰে। আচৰণ বিধিৰ মূল উদ্দেশ্য আছিল নেপালী অৰ্থডক্স চাহৰ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈ উন্নীত কৰা। আচৰণ বিধিৰ মূল নীতিসমূহ হ'ল -১১

  • প্ৰকৃতিৰ প্ৰতি সন্মান
  • মানৱতাৰ প্ৰতি সন্মান
  • উৎপাদন ব্যৱস্থাৰ প্ৰতি সন্মান
  • গুণগত মানৰ প্ৰতি সন্মান

কৃষকসকলক এতিয়া নেপালৰ কৃষি মন্ত্ৰ্যালয়ে স্থাপন কৰা ৰাষ্ট্ৰীয় চাহ আৰু কফি উন্নয়ন ব'ৰ্ডে সহায় কৰে। ২০০০ চনত এনটিচিডিবিয়ে এখন ৰাষ্ট্ৰীয় চাহ নীতি আৰম্ভ কৰে, যাৰ লক্ষ্য আছিল চাহ খেতিয়কসকলৰ ঋণ আৰু মাটিৰ সুবিধা উন্নত কৰা। গতানুগতিক চাহে এতিয়া নেপালৰ প্ৰায় ২০,০০০ কৃষকে জীৱিকাৰ উৎস হিচাপে বাছনি কৰিছে।

তথ্যসূত্ৰ

  1. ↑ The THEOPHILE Guide. Le Palais Des Thes. পৃ. 126. ISBN 2-9517419-1-X
  2. ↑ Tea in Nepal. National Tea and Coffee Development Board
  3. ↑ Is Nepali Tea same as Darjeeling Tea?. nepalvista.com
  4. ↑ Flushes of tea in Nepal. Nepal Tea Development Corporation Limited
  5. ↑ Cup Quality. National Tea and Coffee Development Board
  6. ↑ doi.org/10.12719%2FKSIA.2014.26.1.11
  7. ↑ Vander Stoep, Gail A. (2010). Adding value to Nepal's orthodox tea industry. SNV Netherlands Development Organisation. পৃ. 40. ISBN 978-9937225113
  8. ↑ web.archive.org/web/20110724190355/http://www.ne
  9. ↑ Indigenous Tea (Camellia sinensis) Farming in Ilam district: Viable source of sustainable livelihood in the eastern hills of Nepal. Forestry Nepal
  10. ↑ Tea Plantation and Production. National Tea and Coffee Development Board
  11. ↑ Code of Conduct Regulation 2063. For orthodox tea Production, Processing and Market Promotion. Himalayan Orthodox Tea Producers Association

সম্পৰ্কিত শ্ৰেণী

নেপালনেপালৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী চাহ” প্ৰবন্ধৰ সংশোধন ৫৪৯৮৯৫ (১১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।