নেপালৰ খাদ্য
১৬ প্ৰবন্ধ
-
চেল ৰুটি
চেল ৰুটি (Sel roti) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য। পৰম্পৰাগতভাৱে ই এবিধ চাউলৰ গুড়ি পানীৰ সৈতে আটা মৰাৰ দৰে মাৰি আঙুঠি আকৃতিৰ কৰি ভজা এবিধ মিঠা ব্যঞ্জন।
-
গুন্দ্ৰুক
গুন্দ্ৰুক নেপালৰ নেপালী লোকে কিম্বন প্ৰচেষ্টাৰ দ্বাৰা সেউজীয়া শাকৰপৰা তৈয়াৰ কৰা তৈয়াৰী খাদ্য। চিকিম আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ লগতে ভূটান আৰু ম্যানমাৰতো ই জনপ্ৰিয়। নেপালত বাৰ্ষিক গুণ্দ্ৰুক উৎপাদন প্ৰায় ২০০০ টন বুলি অনুমান কৰা হৈছে। ইয়াৰে অধিকাংশই ঘৰুৱাভাৱে উৎপাদন কৰা হয়।
-
কিনেমা
কিনেমা হৈছে কিম্বন কৰা সৰিয়হৰ খাদ্য। এয়া পূব হিমালয় অঞ্চলৰ কিৰাট সম্প্ৰদায় তথা পূব নেপাল, আৰু ভাৰতৰ দাৰ্জিলিং, কালিম্পং আৰু চিকিম অঞ্চলৰ লোকে প্ৰস্তুত কৰা খাদ্য। কিনেমাক কিনামা বুলিও কোৱা হয় আৰু এয়া লিম্বু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য।
-
ক্বাঁটি
ক্বাঁটি ( নেপালৰ নেপালীৰ নেৱাৰ ভাষাত ক্কাঁ মানে 'গৰম' আৰু টি মানে 'চুৰুহা') হৈছে নপ্ৰকাৰৰ অংকুৰিত মাহৰ মিশ্ৰিত চুৰুহা। নেপালৰ চন্দ্ৰ কেলেণ্ডাৰত দশম মাহ গুণলাৰ পূৰ্ণিমা দিন গুণলা পুঁহি উৎসৱত খোৱা পৰম্পৰাগত খোৱা নেৱাৰ সম্প্ৰদায়ৰ খাদ্য।
-
চিংকী (নেপালী ব্যঞ্জন)
চিংকী হৈছে এবিধ নেপালী ব্যঞ্জন। কিন্বন প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা গুন্দ্ৰুকৰ দৰেই। কিন্তু গুন্দ্ৰুক শাক-পাচলিৰপৰা প্ৰস্তুত কৰা হয় কিন্তু চিংকি মূলা আলুৰপৰা প্ৰস্তুত কৰা হয়। এই প্ৰজন্ম পুৰণি থলুৱা খাদ্য বনাবলৈ পূৰঠ মূলাৰ টুকুৰাবোৰ বাঁহ আৰু খেৰেৰে আবৃত গাঁত এটাত হেঁচা মাৰি থৈ দিয়া হয়।
-
ছোইলা
ছোইলা , কেতিয়াবা ছাভেলা বা ছোয়লা বুলিও কোৱা হয়। এয়া হৈছে নেপালৰ নেৱাৰ সম্প্ৰদায়ৰ মচলাযুক্ত গ্ৰীল কৰা ম'হৰ মাংসৰে ৰন্ধা একপ্ৰকাৰ ব্যঞ্জন। যদিও পৰম্পৰাগতভাৱে ম'হৰ মাংসৰে তৈয়াৰ কৰা হয়, সমসাময়িক সংস্কৰণত ছাগলীৰ মাংস, কুকুৰা, হাঁহ, আৰু কাঠফুলা আদিও ব্যৱহাৰ কৰা দেখা যায়॥ সাধাৰণতে চাউলৰ গুৰিৰ…
-
জিম্বু
জিম্বু পিয়াঁজ পৰিয়ালৰ অন্তৰ্গত এবিধ বনৌষধি, নেপালৰ কিছুমান অঞ্চলত আৰু ভাৰতৰ কিছু মধ্য হিমালয়ৰ ৰাজ্য যেনে উত্তৰাখণ্ডত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়, য'ত ইয়াক জাম্বু বা ফাৰাণ বুলি কোৱা হয়। ই এলিয়ামৰ দুটা প্ৰজাতিৰ দ্বাৰা গঠিত, (ক) hypsistum আৰু (খ) przewalskianum।
-
টংবা
টংবা হৈছে নেপালৰ পূব পাহাৰীয়া অঞ্চল আৰু চুবুৰীয়া ভাৰতীয় অঞ্চল চিকিম আৰু দাৰ্জিলিংত পোৱা বজৰা ভিত্তিক তৈয়াৰী দেশীয় সুৰা। টংবা এজন অতিথিৰ প্ৰতি সন্মানৰ চিন আৰু এই পানীয় বিশেষ অনুষ্ঠান আৰু উৎসৱৰ এক গুৰুত্বপূৰ্ণ উপাদানো। টংবা লিম্বু জনগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা পানীয়।
-
ঢাকানে
ঢাকানে ( ढकने), এক প্ৰকাৰৰ মিঠা পোলাও, নেপালত উৎপত্তি হোৱা চাউলৰ পৰা তৈয়াৰী খাদ্য। নেপালৰ সকলো ঠাইতে ইয়াৰ জনপ্ৰিয়তা, পূব নেপালত যথেষ্ট বেছি আৰু ঠাই অনুসৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। যদিও ই মিঠা খাদ্য, তথাপিও ইয়াক ডেজাৰ্ট হিচাপে পৰিৱেশন কৰিব নোৱাৰি, কাৰণ ই এক গধুৰ খাদ্য।
-
ঢিঁডো
ঢিঁডো নেপালত প্ৰস্তুত কৰা এবিধ খাদ্য। উতলা পানীত লৰাই থাকি লাহে লাহে আটা দি প্ৰস্তুত কৰা হয়। নেপালৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নেপালৰ পাহাৰীয়া অঞ্চল আৰু ভাৰতৰ চিকিম আৰু দাৰ্জিলিং অঞ্চলত এয়া এক প্ৰধান আহাৰ।
-
ধিক্ৰি
ধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘী উৎসৱৰ বাবে ই এক অপৰিহাৰ্য খাদ্য। ইয়াৰ উপৰি আন আন উৎসৱ যেনে দশাইন আৰু ছঠত ইয়াক পৰিৱেশন কৰা হয়। গৰম পানী আৰু চাউলৰ গুড়ি দি মথি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিটোক চচ্চেজৰ আকৃতি দিয়া হয়।
-
নেপালী খাদ্যাভাস
নেপালী খাদ্যাভাস নেপাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল যেনে ছিকিম আৰু গোৰ্খালেণ্ডৰ সাংস্কৃতিক বৈচিত্ৰ্যমজ় তথা ভৌগোলিক অঞ্চল, জাতি, জলজ মাটি, জলবায়ুৰ ওপৰত ভিত্তি কৰি নেপালী খাদ্যৰ বিস্তৃত খাদ্যাভাস দেখা যায়॥ ডাইল-ভাত-তৰকাৰী সমগ্ৰ নেপালতে খোৱা হয়।
-
নেপালী চাহ
নেপালী চাহ নেপালত উৎপাদিত চাহগছৰ ( কেমেলিয়া চাইনেন্সিছ ) পাতৰপৰা তৈয়াৰী পানীয় হ’ল নেপালী চাহ। ৰূপ, সুগন্ধি আৰু সোৱাদৰ ক্ষেত্ৰত ইহঁতৰ সুকীয়া বৈশিষ্ট্য আছে যদিও বহু দিশত ভাৰতৰ দাৰ্জিলিং চাহৰ সৈতে মিল আছে। ইয়াৰ উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ অৰ্থ হ'ল নেপালী চাহ দাৰ্জিলিং চাহতকৈ কম পৰিচিত।
-
ভখা
ভখা পশ্চিমবংগ, সীমাঞ্চল আৰু দক্ষিণ-পূব নেপালৰ ৰাজবংশী আৰু থাৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। ই এটা ফুলা বা কোমল চাউলৰ পিঠা। ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অসমৰ টেকেলি পিঠাৰ দৰেই। পিহি লোৱা চাউলৰ গুড়ি পানীত লাহে লাহে তিয়াই হাতৰ তলুৱাৰে মথি ভখা প্ৰস্তুত কৰা হয়।
-
সুকুটি
সুকুটি নেপালৰ নেপালী মূলৰ শুকান মাংস উৎপাদন, ভাৰত আৰু তিব্বতৰ হিমালয় অঞ্চলতো খোৱা হয়। সাধাৰণতে ম’হ, ভেড়া পোৱালি বা ছাগলীৰ মাংসৰপৰা তৈয়াৰ কৰা হয়। সুকুতি লিম্বু জনগোষ্ঠীৰ এটা প্ৰধান খাদ্য আৰু লিম্বু ভাষাত ইয়াক সাখেক্য বুলি জনা যায়।
-
সেকুৱা
সেকুৱা হৈছে নেপালীৰ পৰম্পৰাগত খাদ্য য’ত মাংসখিনি মচলাৰ মিশ্ৰণত মেৰিনেট কৰি তাৰ পিছত মুকলি শিখা বা কয়লাৰ জুইৰ শিখাৰ ওপৰত সেকি ধোঁৱাময়, চহকী সোৱাদ দিয়া হয় মাংসখিনি।