অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিখত জৰীন

নিখত জৰীন ( Nikhat Zareen; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।

হালনাগাদ: ১৮ জুন ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নিখত জৰীন ( Nikhat Zareen; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।১ ২০২২ চনৰ ইস্তানবুল, আৰু ২০২৩ চনৰ নতুন দিল্লী আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জৰিনে সোণৰ পদক লাভ কৰে।২৩ বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰে।৪৫ ২০২২ চনৰ এছিয়ান গেমছত লাইট ফ্লাইৱেট ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।৬

ব্যক্তিগত জীৱন

নিখত জৰীনৰ ১৯৯৬ চনৰ ১৪ জুনত অন্ধ্ৰপ্ৰদেশৰ (বৰ্তমান তেলংগানা) নিজামাবাদ চহৰত মহম্মদ জমীল আহমেদ আৰু পাৰবীন চুলতানাৰ ঘৰত জন্মগ্ৰহণ হৈছিল।৭৮৯ নিজামাবাদৰ নিৰ্মলা হ্ৰুদয়া ছোৱালী হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰে।১০ তেলংগানাৰ হাইদৰাবাদৰ এ ভি কলেজৰ পৰা কলা শাখাত স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰি আছে।১১

২০২১ চনৰ জুন মাহৰ পৰা হাইদৰাবাদৰ এ চি গাৰ্ডছৰ জ'নেল অফিচ বেংক অৱ ইণ্ডিয়াত জৰীনে ষ্টাফ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে।১২

কৰ্মজীৱন

জৰীনে বক্সিঙৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁৰ পিতৃ মহম্মদ জমীল আহমেদে আৰু তেওঁৰ অধীনত এবছৰ ধৰি প্ৰশিক্ষণ লৈছিল।১০ ২০০৯ চনত দ্ৰোনাচাৰ্য বঁটা বিজয়ী IV ৰাওৰ অধীনত প্ৰশিক্ষণ ল'বলৈ বিশাখাপট্টনমত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষত অন্তৰ্ভুক্ত কৰা হয়। এবছৰৰ পিছত ২০১০ চনত ইৰোড নেচনেলছত তেওঁক 'সোণালী শ্ৰেষ্ঠ বক্সাৰ' হিচাপে ঘোষণা কৰা হয়।১০

কৃতিত্বসমূহ

আন্তৰ্জাতিক শিৰোনাম
বছৰস্থানওজনপ্ৰতিযোগিতাঅৱস্থান
২০১১ চনৰ৪৮AIBA মহিলা জুনিয়ৰ আৰু যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপতুৰ্কী
২০১৪ চনৰ৪৫–৪৮যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপবুলগেৰিয়া
২০১৪ চনৰ৫১নেচনছ কাপ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতানভি ছাড, ছাৰ্বিয়া
২০১৮ চনৰ৫১৫৬ সংখ্যক বেলগ্ৰেড আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপবেলগ্ৰেড, ছাৰ্বিয়া
২০১৯ চনৰ৫১এছিয়ান চেম্পিয়নশ্বিপবেংকক, থাইলেণ্ড
২০১৯ চনৰ৫১থাইলেণ্ড মুকলি আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাবেংকক, থাইলেণ্ড
২০১৯ চনৰ৫১ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্টছফিয়া, বুলগেৰিয়া
২০২১ চনৰ৫১ইস্তানবুল বছফৰাছ বক্সিং টুৰ্ণামেণ্টইস্তানবুল, তুৰস্ক
২০২২ চনৰ৫১ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্টছফিয়া, বুলগেৰিয়া
২০২২ চনৰ৫২আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপইস্তানবুল, তুৰস্ক
২০২২ চনৰ৫০XXII কমনৱেলথ গেমছবাৰ্মিংহাম, ইংলেণ্ড
২০২৩ চনৰ৫০আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপনতুন দিল্লী, ভাৰত

পুৰস্কাৰ

  • নিখাটক তেওঁৰ গৃহ চহৰ নিজামাবাদ, তেলংগানাৰ চৰকাৰী ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হয়।১৩
  • সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় বক্সিং চেম্পিয়নশ্বিপত 'শ্ৰেষ্ঠ বক্সাৰ', জলন্ধৰ, পঞ্জাৱ - ফেব্ৰুৱাৰী ২০১৫১১
  • ২০১৯ চনৰ ক্ৰীড়াত উৎকৃষ্টতাৰ বাবে জে এফ ডব্লিউ বঁটা।১৪
  • অৰ্জুন বঁটা ২০২২১৫

তথ্যসূত্ৰ

  1. ↑ (30 April 2011). 4 Indians win gold in AIBA Women's Youth & Junior World Championship. The Times of India
  2. ↑ (26 March 2023). Nikhat Zareen beats Vietnam's Nguyen Thi Tam to bag second World Championships gold
  3. ↑ (19 May 2022). India's Nikhat Zareen Wins Gold At Women's World Boxing Championships. NDTV
  4. ↑ (7 August 2022). Nikhat Zareen wins maiden CWG gold to extend India's boxing juggernaut at Commonwealth Games 2022. Hindustan Times
  5. ↑ Maniyar, Aachal. (7 August 2022). Commonwealth Games: Nikhat Zareen clinches gold, bags 3rd medal in boxing for India. India TV
  6. ↑ Peesara, Anuraag. (1 October 2023). Asian Games 2023 boxing: Nikhat Zareen wins bronze medal, Parveen Hooda secures Paris Olympics quota. Olympics.com
  7. ↑ Indian Boxing Federation Boxer Details. www.indiaboxing.in
  8. ↑ (29 September 2013). India's Nikhat Zareen wins silver at Youth World Boxing. Firstpost
  9. ↑ (30 September 2013). Nikhat Zareen wins silver. The Hindu
  10. ↑ Nikhat Zareen wins over family resistance. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (26 February 2015). Nikhat Zareen packs a punch. The Hindu
  12. ↑ (19 June 2021). Boxer Nikhat Zareen appointed as staff officer in Bank of India. The Times of India
  13. ↑ (13 December 2014). Nikhat Zareen is brand ambassador of Nizamabad. The Hindu
  14. ↑ (24 September 2019). The Young Fighter; Nikhat Zareen. JFW Just for women
  15. ↑ ABP Live. (30 November 2022). National Sports Awards 2022: Sharath Kamal, Lakshya Sen, Nikhat Zareen & Others Receive Awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বক্সাৰখেলুৱৈভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিখত জৰীন” প্ৰবন্ধৰ সংশোধন ৬১২৮০৬ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।