অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীক্ষা ডাগাৰ

দীক্ষা ডাগাৰ ( Diksha Dagar; জন্ম: ১৪ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী গলফাৰ যি বধিৰও। ২০১৫ চনৰ নৱেম্বৰৰ পৰা তেওঁ ভাৰতৰ আগশাৰীৰ অপেশাদাৰী মহিলা গলফাৰ হিচাপে পৰিগণিত হয়।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দীক্ষা ডাগাৰ ( Diksha Dagar; জন্ম: ১৪ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী গলফাৰ যি বধিৰও।১২ ২০১৫ চনৰ নৱেম্বৰৰ পৰা তেওঁ ভাৰতৰ আগশাৰীৰ অপেশাদাৰী মহিলা গলফাৰ হিচাপে পৰিগণিত হয়।৩ দীক্ষা ডাগাৰে ২০১৭ চনৰ গ্ৰীষ্মকালীন বধিৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল য'ত গলফক প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন বধিৰ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মহিলাৰ ব্যক্তিগত গলফ ইভেণ্টত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিছিল।৪ দীক্ষাই ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈও যোগ্যতা অৰ্জন কৰে।৫৬ ভাৰতৰ অন্যতম উদীয়মান অপেশাদাৰী গলফাৰ হিচাপেও তেওঁক গণ্য কৰা হয়।৭ ২০১৯ চনত অদিতি অশোকৰ পিছত লেডিজ ইউৰোপিয়ান ট্যুৰত জয়ী হোৱা মাত্ৰ দ্বিতীয়গৰাকী ভাৰতীয় মহিলা গলফাৰ হিচাপে পৰিগণিত হয় আৰু ১৮ বছৰ বয়সত জয়ী হোৱা আটাইতকৈ কম বয়সীয়া ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।৮৯১০১১

২০২১ চনৰ জুলাই মাহত দক্ষিণ আফ্ৰিকাৰ গলফাৰ প'লা ৰেটোৱে পলমকৈ প্ৰত্যাহাৰ কৰাৰ পিছত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ব্যক্তিগত ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় গলফ ফেডাৰেচনৰ পৰা আচৰিত ধৰণৰ আমন্ত্ৰণ লাভ কৰে।১২১৩ অৱশেষত তেওঁ ইতিহাসৰ প্ৰথমগৰাকী গলফাৰ হিচাপে পৰিগণিত হয় যিয়ে অলিম্পিক আৰু বধিৰ অলিম্পিক দুয়োটাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।১৪

আৰম্ভণি জীৱন

২০০০ চনৰ ১৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা দীক্ষাই ছয় বছৰ বয়সৰ পৰাই শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।১৫ সাত বছৰ বয়সৰ পৰাই তেওঁৰ ভাতৃ যোগেশ ডাগৰৰ সৈতে গলফ খেলিবলৈ আৰম্ভ কৰে, যিজনো গভীৰভাৱে বধিৰ।১৬১৭ তেওঁৰ প্ৰশিক্ষক আছিল তেওঁৰ পিতৃ কৰ্ণেল নাৰিন্দৰ ডাগাৰ, যি এজন প্ৰাক্তন স্ক্ৰেচ গলফাৰ আৰু সেনাবাহিনীত কৰ্মৰত।১৮ তেওঁ ছাৰ্বিয়ান টেনিছ খেলুৱৈ ন'ভাক জ'কভিচ আৰু আমেৰিকান গলফাৰ টাইগাৰ উডছক তেওঁৰ প্ৰেৰণাদায়ক আদৰ্শ হিচাপে গণ্য কৰে।১৯

সন্মান

২০২৩ চনৰ বাবে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হয়।২০ ইয়াৰ পূৰ্বে ২০২০ চনত ভাৰতীয় গলফ ইউনিয়ন য়ে তেওঁক অৰ্জুন বঁটাৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল।২১

অপেছাদাৰী জয়ী

  • ২০১৫ চনৰ ইষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ - ফাল্ডো ছিৰিজ ইণ্ডিয়া।
  • ২০১৬ চণ্ডীগড় লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ চেম্পিয়নশ্বিপ, ফাল্ডো ছিৰিজ ইণ্ডিয়া চেম্পিয়নশ্বিপ, ৱেষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ, ইষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ।
  • ২০১৭ চনৰ তেলেংগানা লেডিজ এণ্ড জুনিয়ৰ গাৰ্লছ চেম্পিয়নশ্বিপ, উত্তৰ ভাৰত লেডিজ এণ্ড গাৰ্লছ, ৱেষ্টাৰ্ণ ইণ্ডিয়া লেডিজ এণ্ড গাৰ্লছ চেম্পিয়নশ্বিপ।
  • ২০১৮ চনৰ ছিংগাপুৰ লেডিজ এমেচাৰ অ’পেন চেম্পিয়নশ্বিপ।

তথ্যসূত্ৰ

  1. ↑ Diksha Dagar. www.deaflympics.com
  2. ↑ (3 April 2019). Jordan Masters: Diksha Dagar looking forward to making history. Sportstar
  3. ↑ Diksha Dagar. World Amateur Golf Ranking
  4. ↑ (28 July 2017). Indian amateur golfer Diksha Dagar credits dad for her silver win at Deaflympics. Hindustan Times
  5. ↑ Bhattacharya, Arka. (12 August 2018). Go to US college or turn pro: India's No. 1 amateur golfer Diksha Dagar ponders life beyond Asiad. Scroll.in
  6. ↑ (9 August 2018). India at Asian Games 2018: Full squad. India Today
  7. ↑ Bhaduri, Tushar. (13 August 2018). Diksha Dagar, 17, overcomes disability to pursue golf. The Indian Express
  8. ↑ (16 March 2019). Teenaged Diksha Dagar creates history, wins South African Women's Open. The Times of India
  9. ↑ Krishnaswamy, V. (17 March 2019). Diksha Dagar becomes youngest Indian woman to win on Ladies European Tour. The Hindu Business Line
  10. ↑ Selvaraj, Jonathan. (2019-03-17). The right clubs changed everything for left-handed Diksha Dagar. ESPN
  11. ↑ (2020-03-12). Diksha Dagar to defend title at South African Women's Open. Hindustan Times
  12. ↑ Chhabria, Vinay. (2021-07-28). India's Diksha Dagar secures Tokyo Olympics qualification after South African golfer withdraws. www.sportskeeda.com
  13. ↑ (2021-07-31). Golfer Diksha Dagar leaves for Tokyo after last-minute Olympic entry. The Hindu
  14. ↑ (2022-05-12). Diksha Dagar claims gold medal at Deaflympics Caxias. The Indian Express
  15. ↑ Dagar Diksha. Asian Games 2018 Jakarta Palembang
  16. ↑ Bora, Moushumi. (2 October 2019). For Diksha Dagar, it's about the winning attitude. Times of India
  17. ↑ Diksha Dagar. Forbes
  18. ↑ (12 August 2018). महिला गोल्फर दीक्षा ने कहा- पिता को जाता है मेरी सफलता का श्रेय. Zee News Hindi
  19. ↑ Who is Diksha Dagar: Five things to know about the Indian golfer. Olympics.com
  20. ↑ (2023-12-20). I will do my best at Paris Olympics: Golfer Diksha Dagar after Arjuna Award confirmation. The Times of India
  21. ↑ Rashid Khan, Aditi Ashok And Diksha Dagar Nominated For Arjuna Award. NDTVSports.com

সম্পৰ্কিত শ্ৰেণী

খেলুৱৈভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীক্ষা ডাগাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৯৫ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।