বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা। তেওঁক ভীষ্মক ৰজাৰ বংশধৰ বুলি কোৱা হয়। ৰজা বীৰপালে সোৱনশিৰি নৈৰ কাষত থকা সোণাশিৰি পাহাৰত যাঠি ঘৰ চুতীয়া মানুহৰ ওপৰত ৰাজত্ব কৰিছিল। বীৰপালৰ ৰাণীৰ নাম আছিল ৰূপৱতী। বীৰপাল অপুত্ৰক আছিল। ৰাণী ৰূপবতীয়ে পুত্ৰসন্তান লাভ বাৰে ধনৰ দেৱতা কুবেৰক আৰাধনা কৰিছিল। কুবেৰে বীৰপালৰ বেশত বাণীক দেখা কৰিলে। তেওঁলোকৰ মিলনৰ ফলত ৰাণী গৰ্ভৱতী হ'ল।
কুবেৰে বীৰপালক সপোন - দেখুৱাই কলে যে পিছদিনা পুৱা বীৰপালে এজোপা নিৰ্দিষ্ট গছৰ তললৈ গ'লে কিছুমান ধন - সম্পদ পাব আৰু সেই সম্পদ যত্ন কৰি ৰাখি পূজা কৰিব। সেই সম্পদ আনব হাত হ'লে ৰাজ্য আনে কাঢ়ি ল'ব। বীৰপালে সোনকালে পুত্ৰসন্তান লাভ কৰিব বুলি কুবেৰে জনালে। পিছদিনা সেই গছজোপাৰ তললৈ গৈ সঁচাকৈয়ে বীৰপালে কিছু সম্পদ পালে।
সম্পদৰ ভিতৰত আছিল এখন তৰোৱাল এখন ঢাল আৰু তাৰ এটা সোণৰ মেকুৰী। বীৰপালে কুবেৰে দিয়া সম্পদখিনি যত্নসহকাৰে সংৰক্ষণ কৰিলে। তাৰ কিছুদিন পিছত ৰূপৱতীয়ে এটা পুত্ৰসন্তান লাভ কৰিলে। এই পুত্ৰজনৰ নাম ৰাখিলে গৌৰীনাৰায়ণ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰপাল” প্ৰবন্ধৰ সংশোধন ৩৬৮৭৬০ (১৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।