অসমৰ চিকিৎসক
৬ প্ৰবন্ধ
-
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ…
-
ধনীৰাম বৰুৱা (চিকিৎসক)
ডাঃ ধনীৰাম বৰুৱা এগৰাকী হৃদশল্য চিকিৎসক। তেওঁ জেনোট্ৰেন্সপ্লাণ্টেচনৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী ভূমিকাৰ বাবে বিখ্যাত। তেওঁক ভাৰতৰ পিগ হাৰ্ট ডাক্তৰ বুলি জনা যায়। ১৯৯৭ চনৰ ১ জানুৱাৰী তাৰিখে তেওঁ মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা বিশ্বৰ প্ৰথম গৰাকী হৃদশল্য চিকিৎসক।
-
খ্ৰিলি-ইউ কিৰে
খ্ৰিলি-ইউ কিৰে (Khrielie-ü Kire; ১২ জানুৱাৰী ১৯১৮ - ১১ ছেপ্টেম্বৰ ২০১৩) হ'ল এগৰাকী নগা চিকিৎসক আৰু আমোলা, তেওঁ নগাসকলৰ মাজত পশ্চিমীয়া চিকিৎসা অনুশীলন কৰা প্ৰথমগৰাকী মহিলা চিকিৎসক আছিল।
-
দীপালি দত্ত
ডাঃ দীপালি দত্ত(Deepali Dutta) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
প্ৰদীপ কুমাৰ বৰুৱা
প্ৰদীপ কুমাৰ বৰুৱা (Pradip Kumar Baruah) এগৰাকী পশু চিকিৎসক, অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা সমাজকৰ্মী আছিল। অসম পশু চিকিৎসা মহাবিদ্যালয়ত তেওঁ বৃত্তি লৈ পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতৰ জন্মগত নাম পূৰ্ণচন্দ্ৰ আছিল যদিও, স্নাতক ডিগ্ৰী লাভকৰাৰ পিছত প্ৰদীপ কুমাৰ বৰুৱা নাম লয়।
-
সুৰজিৎ গিৰি
সুৰজিৎ গিৰি (Surajit Giri; ৪ জুলাই ১৯৭৭) অসমৰ ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক(সংজ্ঞাহাৰক বিশেষজ্ঞ) আৰু এজন ভাৰতীয় সক্ৰিয়কৰ্মী (activist)। তদুপৰি তেওঁ সৰ্প দংশনৰ এজন সক্ৰিয় সামাজিক কৰ্মকৰ্তা।