সেনা বিষয়া
১৪ প্ৰবন্ধ
-
ধ্যান চান্দ
মেজৰ ধ্যান চান্দ (Dhyan Chand, ২৯ আগষ্ট ১৯০৫ – ৩ ডিচেম্বৰ ১৯৭৯) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আছিল। তেওঁক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়।
-
নীৰজ চোপ্ৰা
চুবেদাৰ নীৰজ চোপ্ৰা (Neeraj Chopra; জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল।
-
পদ্মাৱতী বন্দ্যোপাধ্যায়
এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম (জন্ম ৪ নৱেম্বৰ ১৯৪৪) ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।
-
পুনিতা আৰোৰা
চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেণ্ট জেনেৰেল আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।
-
ৰাণা প্ৰতাপ কলিতা
লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জেনেৰেল বিষয়া। ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ (GOC-in-C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ডিমাপুৰত তৃতীয় কৰ্পছৰ কমাণ্ডাৰ আছিল।
-
কৰবী গগৈ
লেফ্টনেণ্ট কমাণ্ডাৰ কৰবী গগৈ (Karabi Gogoi) এগৰাকী ভাৰতীয় নৌসেনাৰ বিষয়া। নৌসেনাত লেফ্টনেণ্ট কমাণ্ডাৰ পদবী লাভ কৰা তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী মহিলা।
-
ছফিয়া কুৰেশ্বি
কৰ্নেল ছফিয়া কুৰেশ্বি বা ছফিয়া কুৰেশ্বি (Sophia Qureshi; জন্ম: ১৯৮১ চন) ভাৰতীয় সেনাৰ কৰ্প্ছ অৱ ছিগনেলৰ এগৰাকী ডেক’ৰেটেড বিষয়া। তেওঁ বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় সেনাৰ এটা দলৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে গৌৰৱ লাভ কৰে।
-
মিনা বেন-জভি
মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।
-
আমানোল্লাহ জাহানবানী
সৰু আখৰ আমানোল্লাহ জাহানবাণী (Amanullah Jahanbani) ; জন্ম, ১৮৯১ – ১ ফেব্ৰুৱাৰী ১৯৭৪) ইৰাণৰ কাজাৰ বংশৰ সদস্য আৰু ৰেজা শ্বাহ পাহলৱীৰ জ্যেষ্ঠ জেনেৰেল আছিল।
-
গোলামৰেজা ছলেইমানী
গোলামৰেজা ছলেইমানী (জন্ম, ১৯৬৪ – মৃত্যু,১৭ মাৰ্চ ২০২৬) ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ বাছিজ অৰ্ধসামৰিক বাহিনীত জ্যেষ্ঠ বিষয়া আৰু অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৬ চনৰ ইৰাণ-ইৰাক যুদ্ধৰ সময়ত ইজৰাইলৰ আক্ৰমণত তেওঁ নিহত হৈছিল।
-
বাহৰাম আফজালি
বাহৰাম আফজালি (Bahram Afzali) (জন্ম, ৬ ডিচেম্বৰ ১৯৩৭ –মৃত্যু, ২৫ ফেব্ৰুৱাৰী ১৯৮৪) আছিল এজন ইৰাণী এডমিৰেল। তেওঁ ১৯৮০ চনৰ মে'/জুনৰপৰা ১৯৮৩ চনৰ ২৪ এপ্ৰিললৈকে ইৰাণৰ নৌসেনাৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত ইৰাণৰ টুদেহ পাৰ্টিৰ গোপন সদস্যপদৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
-
বিবেক ৰাম চৌধুৰী
এয়াৰ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰী (Vivek Ram Chaudhary), পিভিএছএম, এভিএছএম, ভিএম বঁটা প্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ এজন বিষয়া। তেওঁ বৰ্তমান এয়াৰ মাৰ্শ্বেল হাৰজিৎ সিং অৰোৰাৰ পিছত ১ জুলাই ২০২১ তাৰিখে এয়াৰ ষ্টাফৰ ৪৮ তম উপ-প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
মাধুৰী কানিটকৰ
লেফ্টটেনেণ্ট জেনেৰেল (ড॰) মাধুৰী কানিটকৰ (Madhuri Kanitkar), এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল।
-
ৰালেংনাও খাথিং
ৰালেংনাও খাথিং (১৯১২–১৯৯০), বব খাথিং নামেৰেও পৰিচিত, এজন ভাৰতীয় সৈনিক, চৰকাৰী কৰ্মচাৰী আৰু কূটনীতিবিদ আৰু ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰা জনজাতীয় মূলৰ প্ৰথমজন ব্যক্তি। ভাৰত চৰকাৰে ১৯৫৭ চনত তেওঁক জাতিলৈ কৰা সেৱাৰ বাবে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।