অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য ইনহেৰিটেন্স অৱ লছ (উপন্যাস)

দ্য ইনহেৰিটেন্স অৱ লছ (The Inheritance of Loss) হৈছে ২০০৬ চনত ভাৰতীয় লেখিকা কিৰণ দেশাইৰ উপন্যাস। এই উপন্যাসখনে কেইবাটাও বঁটা লাভ কৰিছে, সেই বছৰতে লাভ কৰিছে বুকাৰ বঁটা, ২০০৭ চনৰ ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ কল্পকাহিনী বঁটা, আৰু ২০০৬ চনৰ ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা।

হালনাগাদ: ২ জুলাই ২০২৬ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দ্য ইনহেৰিটেন্স অৱ লছ (The Inheritance of Loss) হৈছে ২০০৬ চনত ভাৰতীয় লেখিকা কিৰণ দেশাইৰ উপন্যাস। এই উপন্যাসখনে কেইবাটাও বঁটা লাভ কৰিছে, সেই বছৰতে লাভ কৰিছে বুকাৰ বঁটা, ২০০৭ চনৰ ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ কল্পকাহিনী বঁটা,১ আৰু ২০০৬ চনৰ ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা।

তেওঁৰ প্ৰথমখন গ্ৰন্থ সমালোচকৰ প্ৰশংসিত হালাবালু ইন দ্য গুৱাভা অৰ্চাৰ্ড লিখাৰ সাত বছৰৰ ভিতৰত লিখা হৈছিল।২৩ ইয়াৰ মূল বিষয়-বস্তু হৈছে প্ৰব্ৰজন, দুখন জগতৰ মাজত বাস কৰা, আৰু অতীত আৰু বৰ্তমানৰ মাজৰ সম্পৰ্ক।

উপন্যাসখনৰ সাৰাংশ

কাহিনীটো বিজু আৰু ছাইৰ জীৱনক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে। বিজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা এজন ভাৰতীয়। ছাইৰ ককেউতাকৰ ৰান্ধনীৰ পুত্ৰ। মাতৃৰফালৰপৰা ককাদেউতাকৰ ৰান্ধনী জেমুভাই পেটেল আৰু মেট নামৰ কুকুৰ এটাৰ সৈতে পাহাৰীয়া কালিম্পঙত বাস কৰা ছাই এজন অনাথ শিশু। মাক গুজৰাটী আৰু দেউতাক নিজেই এজন জৰথুষ্ট্ৰীয় অনাথ। দেশাই এই দুটা দৃষ্টিভংগীৰ মাজত পৰ্যায়ক্ৰমে কথনভঙ্গীৰে উপন্যাসখন আগবঢ়াই নিছে। উপন্যাসখনৰ কাহিনীভাগ ১৯৮৬ চনৰ।

আনটো চৰিত্ৰ বিজু আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা এজন অবৈধ অনুপ্ৰৱেশকাৰী, নিজৰ বাবে নতুন জীৱন গঢ়িবলৈ চেষ্টা কৰিছে। ইয়াৰ বিপৰীতে ভাৰতত ককাদেউতাকৰ সৈতে বাস কৰা ইংৰাজী প্ৰভাবিত ভাৰতীয় ছোৱালী ছাইৰ অভিজ্ঞতাক চিত্ৰিত কৰিছে। উপন্যাসখনত ভাৰতৰ অভ্যন্তৰীণ সংঘাত আৰু অতীত আৰু বৰ্তমানৰ উত্তেজনা দুয়োটাকে অন্বেষণ কৰা হৈছে। দেশাই ইংৰাজী জীৱন-শৈলী, আমেৰিকাত ধন ঘটাৰ সুযোগ, ভাৰতত জীয়াই থকাৰ কষ্টৰ প্ৰতি তেওঁৰ প্ৰত্যাখ্যান আৰু প্ৰশংসাৰ বিষয়ে লিখিছে। ছাইৰ ককাদেউতাকক এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ সমালোচনাত্মক চিত্ৰণৰ জৰিয়তে দেশায়ে অত্যধিক ইংৰাজী প্ৰভাবিত আৰু ভাৰতীয় জীৱনৰ পৰম্পৰাগত ৰীতি-নীতিৰ প্ৰতি অৱহেলিত বুলি গণ্য কৰা আগশাৰীৰ ভাৰতীয়সকলৰ বিষয়ে মন্তব্য কৰিছে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জেমুভাই পেটেল ভাৰতীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি ইমানেই বিতৃষ্ণাত ভুগিছে যে তেওঁ আনকি ৰুটি চুৰী আৰু কাঁটাচামুচেৰে খায়। পেটেলে আন ভাৰতীয়কো ঘৃণা কৰে, য’ত তেওঁৰ পিতৃৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈছিল, আৰু তেওঁৰ পত্নীক তেওঁ নিৰ্যাতন চলাইছিল আৰু পিতৃৰ ঘৰত পৰিত্যাগ কৰিছিল। তথাপি পঢ়া-শুনা আৰু অৰ্জিত আচাৰ-ব্যৱহাৰৰ মাজতো পেটেলক কেতিয়াও ব্ৰিটিছৰদ্বাৰা সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নহয়।

বিষয়-বস্তু

দ্য ইনহেৰিটেন্স অৱ লছ উপন্যাসখনৰ মাজেৰে চলি থকা মূল বিষয়-বস্তুটো ঔপনিৱেশিকতাবাদ আৰু উত্তৰ-ঔপনিৱেশিকতাবাদৰ প্ৰভাৱৰ সৈতে ওতপ্ৰোতভাৱে জড়িত: পৰিচয়ৰ খহনীয়া আৰু ক্ষতিৰ অনুভূতি হিচাপে প্ৰজন্মৰ পাছত প্ৰজন্মৰ মাজেৰে ইয়াৰ সংক্ৰমণ। কিছুমান চৰিত্ৰই ভাৰতীয় জীৱন-শৈলীৰ সমৰ্থকক তুচ্ছজ্ঞান কৰে, কিছুমানে ইংৰাজীকৃত ভাৰতীয়ক হেৰুৱাই ক্ষোভিত কৰে; কোনোৱেই সন্তুষ্ট নহয়।

উপন্যাসখনৰ ঐতিহাসিক প্ৰসংগ হৈছে গোৰ্খালেণ্ড আন্দোলন।

প্ৰতিক্ৰিয়া

নাটাছা ৱালটাৰে এই উপন্যাসখনক "বিষাদময়"(grim novel) উপন্যাস বুলি অভিহিত কৰি কৈছে "ব্যক্তিসকলে সদায় কেনেকৈ যোগাযোগ কৰাত ব্যৰ্থ হয়" বুলি আলোকপাত কৰে।৪ বিষাদময়তাৰ মাজতে পৰ্য্যবেক্ষকসকলে কিছু উৎকৃষ্ট হাস্যৰস বিচাৰি পাইছে।৫ পংকজ মিশ্ৰই দ্য নিউয়ৰ্ক টাইমছত লিখি দাবী কৰিছিল যে দেশাই "সমসাময়িক প্ৰায় প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় বিষয়: বিশ্বায়ন, বহুসংস্কৃতিবাদ, অৰ্থনৈতিক বৈষম্য, মৌলবাদ আৰু সন্ত্ৰাসবাদী হিংসাৰ অন্তৰংগতা আৰু অন্তৰ্দৃষ্টিৰে অন্বেষণ কৰিবলৈ সক্ষম হৈছে।" ৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ All Past National Book Critics Circle Award Winners and Finalists – Page 2. Bookcritics.org
  2. ↑ The Inheritance of Loss: Kiran Desai. Booker Prize Foundation
  3. ↑ (2006-01-20). Kiran Desai interview. Jabberwock (blog)
  4. ↑ Walter, Natasha. (26 August 2006). Mutt and the maths tutor. The Guardian
  5. ↑ Lee-Potter, Emma. (2020-08-05). 12 best Indian novels that everyone needs to read. The Independent
  6. ↑ {{cite news|title=Wounded by the West|url=https://www.nytimes.com/2006/02/12/books/review/wounded-by-the-west.htm ২০২০ চনত দ্য ইণ্ডিপেণ্ডেণ্টৰ এমা লি-পটাৰে ইয়াক ১২খন শ্ৰেষ্ঠ ভাৰতীয় উপন্যাসৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰিছিল।<ref>Lee-Potter, Emma. (2020-08-05). 12 best Indian novels that everyone needs to read. The Independent

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী ভাষাৰ উপন্যাসবুকাৰ বঁটা বিজয়ীউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ইনহেৰিটেন্স অৱ লছ (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৬১৫২৯৭ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।