ইংৰাজী ভাষাৰ উপন্যাস
৫ প্ৰবন্ধ
-
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ হৈছে ২০১২ চনত প্ৰকাশ হোৱা, ইংৰাজী ভাষাৰ লেখক তথা নাট্যকাৰ চাইৰাছ মিষ্ট্ৰীৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। এই গ্ৰন্থখনত লেখকে মৃতদেহ কঢ়িওৱা পাৰ্চী সম্প্ৰদায়ৰ বিষয়ে লিখিছে, যি সম্প্ৰদায়ে বম্বেত সমাধিস্থ কৰিবলৈ মৃতদেহসমূহ কঢ়িয়াই লৈ গৈছিল।
-
এ পেছেজ টু ইণ্ডিয়া (উপন্যাস)
এ পেছেজ টু ইণ্ডিয়া (A Passage to India) হৈছে ১৯২০ চনত ব্ৰিটিছ ৰাজ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ বিষয় হিচাপে লৈ ইংৰাজ লেখক ই এম ফৰ্ষ্টাৰৰ ১৯২৪ চনত প্ৰকাশিত এখন উপন্যাস।
-
টু লীভচ এণ্ড এ বাড (উপন্যাস)
টু লিভছ এণ্ড এ বাড (Two Leaves and a Bud) হ'ল মুল্কৰাজ আনন্দৰ এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৩৭ চনত। তেওঁৰ আন উপন্যাসৰ দৰেই ইয়াতো দুখীয়াৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু ইয়াত এজন কৃষকে নিজৰ কন্যাক ব্ৰিটিছ সৈনিকৰপৰা বচাবলৈ চেষ্টা কৰা কাহিনী।
-
ডেভিদ কপাৰফিল্ড
ডেভিড কপাৰফিল্ড (David Copperfield) হৈছে ইংৰাজ লেখক চাৰ্লছ ডিকেন্সৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। ডেভিড কপাৰফিল্ড নামৰ নামৰ উপন্যাসখনত তেওঁৰ শৈশৱৰপৰা প্ৰাপ্তবয়স্কলৈকে হোৱা যাত্ৰাৰ দুঃসাহসিক অভিযানৰ বিশদ বিৱৰণ দিয়া হৈছে। সেইবাবেই ইয়াক সাধাৰণতে বিলডাংছৰোমান ধাৰাত শ্ৰেণীভুক্ত কৰা হয়।
-
দ্য ইনহেৰিটেন্স অৱ লছ (উপন্যাস)
দ্য ইনহেৰিটেন্স অৱ লছ (The Inheritance of Loss) হৈছে ২০০৬ চনত ভাৰতীয় লেখিকা কিৰণ দেশাইৰ উপন্যাস। এই উপন্যাসখনে কেইবাটাও বঁটা লাভ কৰিছে, সেই বছৰতে লাভ কৰিছে বুকাৰ বঁটা, ২০০৭ চনৰ ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ কল্পকাহিনী বঁটা, আৰু ২০০৬ চনৰ ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা।