অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)

দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। প্ৰমথেশ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনত দেৱদাসৰ চৰিত্ৰত ফণী শৰ্মা, চন্দ্ৰমুখীৰ চৰিত্ৰত মোহিনী, আৰু পাৰোৰ চৰিত্ৰত জুবেইদাই অভিনয় কৰিছিল। গীত সমূহ আছিল শমশাদ বেগম আৰু ভূপেন হাজৰিকাৰ।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ৩৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।১ প্ৰমথেশ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনত দেৱদাসৰ চৰিত্ৰত ফণী শৰ্মা, চন্দ্ৰমুখীৰ চৰিত্ৰত মোহিনী, আৰু পাৰোৰ চৰিত্ৰত জুবেইদাই অভিনয় কৰিছিল। গীত সমূহ আছিল শমশাদ বেগম আৰু ভূপেন হাজৰিকাৰ।২ এইটো আছিল বৰুৱাৰ তিনিটা ভাষাৰ শেষ সংস্কৰণ, প্ৰথমটো সংস্কৰণ বাংলা আৰু দ্বিতীয়টো সংস্কৰণ হিন্দী ভাষাত মুক্তি লাভ কৰিছিল৷

অভিনয়

সংক্ষিপ্ত কাহিনী

দেৱদাস মুখাৰ্জী বঙালী ব্ৰাহ্মণ জমিদাৰৰ পুত্ৰ। পাৰো বা পাৰ্ব্বতী মধ্যবিত্ত বঙালী পৰিয়ালৰ কন্যা। বঙ্গদেশৰ তালচোনাপুৰ গাঁৱত দুয়ো পৰিয়াল ওচৰ-চুবুৰীয়া। সৰু কালৰ পৰাই দেৱদাস আৰু পাৰো অন্তৰঙ্গ বন্ধু যি পৰবৰ্তী সময়ত প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। বয়সৰ তুলনাত দেৱদাস ডাঙৰ আৰু পাৰো সৰু। বিদ্যালয়ত লিখাপৰাৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছমাৰা সকলো কাম একেলগে কৰিছিল। উন্নত শিক্ষাৰ বাবে দেৱদাস কলকাতাত গমন কৰে। কিছু বছৰ পিছত দেৱদাস নিজ গাঁৱত উভতি আহে। উভতি আহি দেৱদাস অনুভব কৰে যে সৰুকালৰ বন্ধুত্ব বৰ্তমানদিনত প্ৰেমৰ সম্পৰ্কত পৰিণত হৈছে। পাৰোৰ মা দেৱদাসৰ মা হৰিমতিক বিবাহ প্ৰস্তাব দিছিলে যদিও ওচৰ-চুবুৰীয়াৰ লগত বিবাহ সম্পৰ্ক স্থাপন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে। পাৰোৰ পৰিয়ালৰ পৰম্পৰানুসাৰে পাত্ৰৰ ঘৰৰ পৰা পণ লোৱা প্ৰথা বহু আগৰ পৰা চলি আহিছিল। সেয়েহে দেৱদাসৰ পৰিয়াল পাৰোক কিনা-বেচা কৰা নিম্ন পৰিয়ালৰ কন্যা বিবেচনা কৰি বিবাহত অসন্মতি প্ৰকাশ কৰে। এই যুক্তিত পাৰ্বতীৰ পিতা নীলকণ্ঠ চক্ৰবৰ্তী অপমানিত বোধ কৰি জমিদাৰৰ ঘৰত পাৰ্বতীৰ বিবাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্বতী এদিন নিশাত দেৱদাসক প্ৰেম নিবেদন কৰি নিজক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে যদিও দেৱদাসৰ পিতা এই অনুৰোধ প্ৰত্যাখান কৰে। বিভ্ৰান্ত দেৱদাস কলকাতাত পলাইগৈ পাৰ্বতীক চিঠি প্ৰেৰণ কৰি জনায় যে তেওঁৰ এই সম্পৰ্ক চলাবলৈ ইচ্ছা নাই। দেৱদাসৰ কাপুৰুষতাক ধিক্কাৰ জনাই পাৰ্বতী হাতিপোতা গাঁৱৰ ভুবন চৌধুৰী নামৰ জমিদাৰৰ লগত বিবাহৰ বাবে ৰাজি হয়।

কলকাতাত চুন্নিলালৰ সৈতে দেৱদাসৰ মিত্ৰতা হয়। চুন্নিলালৰ মাধ্যমত চন্দ্ৰমুখী নামৰ বেশ্যাৰ লগত দেৱদাসৰ পৰিচয় হয়। তেওঁ দেৱদাসক ভাল পায় যদিও দেৱদাস ঘৃণা কৰিছিল। হতাশাগ্ৰস্ত দেৱদাস সুৰাপান কৰাৰ ফলত অসুস্থ হৈ পৰে। চন্দ্ৰমুখী প্ৰতিদিন সেৱা কৰিছিল যদিও দেৱদাসৰ স্বাস্থ্যৰ চৰম অবনতি ঘটে। মৃত্যু সন্নিকট অনুভব কৰি দেৱদাস শেষবাৰ পাৰোৰ লগত সাক্ষাৎৰ বাবে হাতিপোতা গাঁও অভিমুখে যাত্ৰা কৰে। পাৰোৰ গৃহৰ সম্মুখত উপস্থিত হোৱাৰ লগে লগে দেৱদাসৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shoumojit Banerjee. (18 August 2015). Devdas: A classic is back home. দ্য হিন্দু
  2. ↑ Sharma, Sanjukta. (7 June 2008). Multiple Takes: Devdas's journey in Indian cinema -- from the silent era of the 1920s to the opulent Hindi blockbuster of 2002. Livemint

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰনাৰীবাদীচলচ্চিত্ৰভাৰতীয় নাৰীবাদী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৬০ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।