অসমৰ ফুটবল খেলুৱৈ
৭ প্ৰবন্ধ
-
হলিচৰণ নাৰ্জাৰী
হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।
-
গিলবাৰ্টছন চাংমা
গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
-
দুৰ্গা বড়ো
দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।
-
বাবুল ফুকন
বাবুল ফুকন (Babul Phukan) অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
-
অপূৰ্ণা নাৰ্জাৰী
অপূৰ্ণা নাৰ্জাৰী (ইংৰাজী: Apurna Narzary; জন্ম: ৮ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ হৈ ফৰৱাৰ্ড খেলুৱৈ হিচাপে খেলে।
-
এলেন দেউৰী
এলেন দেউৰী (জন্ম- ১২ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগত শ্বিলং লাজং এফ চি দলৰ হৈ খেলিছিল। তেওঁ মিডফিল্ডাৰ হিচাপে খেলে।
-
মাহৰুছ ছিদ্দিকী নাদিম
মাহৰুছ ছিদ্দিকী নাদিম (Mahroos Siddiquee Nadim; জন্ম: ২৫ ডিচেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।তেওঁ মূলত এজন সোঁ-পক্ষৰ ৰক্ষক (Right Back) হিচাপে খেলে। নাদিমে তেওঁৰ ফুটবল কেৰিয়াৰ ভাৰতীয় ফুটবলৰ অন্যতম শক্তি কেন্দ্ৰ মোহন বাগান এচিৰ যুৱ একাডেমীৰ পৰা আৰম্ভ কৰিছিল।