নৰ্থ ইষ্ট ইউনাইটেড এফ চি
৬ প্ৰবন্ধ
-
দুৰ্গা বড়ো
দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।
-
এলেন দেউৰী
এলেন দেউৰী (জন্ম- ১২ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগত শ্বিলং লাজং এফ চি দলৰ হৈ খেলিছিল। তেওঁ মিডফিল্ডাৰ হিচাপে খেলে।
-
ক'কে
ছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড' (Sergio Contreras Pardo), যাৰ চিনাকি নাম ক'কে (Koke) (জন্ম- ২৭ এপ্ৰিল ১৯৮৩), হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজাৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে।
-
চেমিনলেন দংগেল
চেমিনলেন দংগেল Seminlen Doungel (জন্ম- ৩ জানুৱাৰী) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড স্থানত খেলে।
-
ৰবিন গুৰুং
ৰবিন গুৰুং (Robin Gurung) (জন্ম - ২৪ অক্টোবৰ, ১৯৯২) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ডিফেণ্ডাৰ হিচাপে খেলে।
-
ৰেহনেছ টি পি
ৰেহনেছ থুম্বিৰুম্বু পৰম্বা (Rehenesh Thumbirumbu Paramba) (জন্ম - ১৩ ফেব্ৰুৱাৰী ১৯৯৩, কেৰালা) ভাৰতৰ এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলৰ এজন গোলৰক্ষক।