দিগন্ত ওজা (Diganta Oza) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ আদি তেখেতৰ দ্বাৰা লিখা দুখন অন্যতম প্ৰাসংগিক গ্ৰন্থ৷ তেখেত ‘অসম শিশু সাহিত্য কোষ’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘অসম আন্দোলনৰ তথ্যকোষ’৬টা খণ্ডত প্ৰকাশ হৈছে৷১ তেখেতে প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত ২০২২ চনত ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্ৰন্থৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছে৷২ তেখেত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ‘সমীক্ষণ’ আলোচনীৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত হৈ থকাৰ লগতে 'অসম লাইভ 24' নামৰ ছেটেলাইট চেনেলৰ কনছাল্টিং এডিটৰ ৰূপে কৰ্মৰত৷
জন্ম আৰু বংশ পৰিচয়
অসমৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত ১৯৭২ চনত জন্ম৷ পিতৃৰ নাম ৰমেন ওজা, মাতৃৰ নাম ৰেণু ওজা৷
শিক্ষা
চাৰিআলি একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু বিশ্বনাথ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰি ওজাই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷
কৰ্মজীৱন
ছাত্ৰ অৱস্থাতেই ওজাই ১৯৯৩ চনত অসমীয়া দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ (অধুনালুপ্ত ) নিবন্ধ সম্পাদকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ পৰৱৰ্তীকালত ‘আমাৰ অসম’ৰ উপ-বাৰ্তা সম্পাদক (১৯৯৭-২০০২) আৰু ‘জনসাধাৰণ’ৰ সহযোগী সম্পাদক (২০০৩-২০০৬)ৰ দায়িত্ব পালন কৰি ‘অসমীয়া প্ৰতিদিন’ত সহকাৰী সম্পাদকৰূপে ২০০৭ৰ জানুৱাৰীত যোগ দিয়ে৷ এমাহৰ পাছতে সেই কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘সাতসৰী (আলোচনী)’ৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ২০১৫ৰ মে’ মাহলৈ সেই পদতে থাকি আলোচনীখনক নতুন চিন্তাৰ বাৰ্তাবাহক কৰাত ভূমিকা লয়৷ ২০১৫ৰ জুন মাহত তেওঁ টেলিভিছন চেনেল প্ৰাগ নিউজত যোগ দিয়ে৷ তেওঁ প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দিগন্ত ওজা ১৯৯৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন সম্পূৰ্ণ কিতাপ বিষয়ক আলোচনী ‘গ্ৰন্থ’ৰো আছিল সম্পাদক আৰু প্ৰকাশক৷ তেওঁ কিছু দিনৰ বাবে ‘বাৰ্তা এন.ই’ৰ মুখ্য সম্পাদক আছিল। বৰ্তমান তেওঁ 'সমীক্ষণ' মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদকৰ লগতে 'অসম লাইভ 24' নামৰ ছেটেলাইট চেনেলৰ কনছাল্টিং এডিটৰ৷
সাহিত্যৰাজি
চিন্তামূলক গদ্য
- অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন, ভবানী বুকছ ২০১১, (অসমৰ সমাজ ইতিহাস সম্পৰ্কীয় monographic গ্ৰন্থ)
- প্ৰথম মহাসমৰ, জ্যোতি প্ৰকাশন, ২০১৪৩
- সন্ধিক্ষণত মানুহ, গ্ৰন্থ, ২০০৬
- জীৱনৰ গদ্য, আঁক-বাক, ২০০৭
- সাঁচিপাতৰ পৰা লেপটপলৈ, পাঞ্চজন্য, ২০১১৪
- সাহিত্যৰ দৃষ্টি আৰু সৃষ্টি, অসম পাবলিচিং কোম্পানী, ২০১৪
- 'প্ৰাচীন সভ্যতা', ২০২৪, অসম প্ৰকাশন পৰিষদ
উপন্যাস
- জেহাদী, গ্ৰন্থ, ২০০১; ভবানী বুকছ, ২০১০
শিশু সাহিত্য
- ডাঙৰ মানুহৰ সাধু, বান্ধৱ, ২০২০
ক্ৰীড়া
- বাইশ গজৰ যুঁজাৰু, অসম পাবলিচিং কোম্পানী, ২০২৪৫
জীৱনী
- 'পৃথিৱী ৰক্ষাৰ ৰণুৱা', ২০২৪, বনলতা-ডিব্ৰুগড়
বিজ্ঞান
- 'আমাৰ বেলিটো', ২০২৩, অসম প্ৰকাশন পৰিষদ
- 'আমাৰ জোনবাই', ২০২৩, অসম প্ৰকাশন পৰিষদ
- 'আমাৰ পৃথিৱী', ২০২৩, অসম প্ৰকাশন পৰিষদ
- 'আমাৰ সৌৰজগত', ২০২৩, অসম প্ৰকাশন পৰিষদ
- 'বিশ্বব্ৰহ্মাণ্ড কিমান বিশাল, ২০২৩, অসম প্ৰকাশন পৰিষদ
- 'ইমান যে উদ্ভিদ', ২০২৪, অসম প্ৰকাশন পৰিষদ৬
- 'ইমান যে প্ৰাণী', ২০২৪, অসম প্ৰকাশন পৰিষদ৭
সম্পাদনা
- অসমীয়া সাহিত্যৰ e-সঁফুৰা, খণ্ড-১ (অতিথি সম্পাদক, সাহিত্য ডট অৰ্গৰ নিৰ্বাচিত লেখাৰ ছপাৰূপ), ভাষা সাহিত্য সন্মিলনী, অসম, ২০১২
- অসম আন্দোলনৰ তথ্যকোষ, অসম চুক্তি ৰূপায়ণ বিভাগ, ২০২০
- অসম শিশু সাহিত্য কোষ, সহযোগী সম্পাদক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ।
- হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদকীয় আৰু অন্যান্য, ২০২৪, হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাস, গুৱাহাটী
বঁটা আৰু সন্মান
- ২০০৯ বৰ্ষত ‘সন্ধিক্ষণত মানুহ’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা৷৮
- অনন্তৰাম দাস স্মৃতি বঁটা, ২০২০৷ ৯
- সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’, ২০২২
তথ্যসূত্ৰ
- ↑ northeastreview.wordpress.com/2013/03/01/diganta
- ↑ আমাৰ অসম
- ↑ www.amazon.in/Books-Diganta-Oza/s?rh=n%3A9763890
- ↑ www.amazon.in/Sanchipator-Pora-Laptopolai-Digant
- ↑ অসমীয়া ক্ৰীড়া সাহিত্যৰ মাইলৰ খুঁটি ‘বাইশ গজৰ যুঁজাৰু’ উন্মোচন
- ↑ অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট
- ↑ অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট
- ↑ www.muninbarkotoki.org/english/trust/awrdlist.ht
- ↑ ধ্ৰুৱজ্যোতি বৰা. গৰীয়সী. পৃ. ২৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিগন্ত ওজা” প্ৰবন্ধৰ সংশোধন ৫৭১৭২৩ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।