অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

দন্দুৱা দ্ৰোহ

দন্দুৱা দ্ৰোহ (Dundiya rebellion) ১৮শ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দন্দুৱা দ্ৰোহ (Dundiya rebellion) ১৮শ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ। স্বৰ্গদেউ চুক্লিংফাৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল।১ কোচবিহাৰ আৰু বিজনীৰ ৰজাৰ গোপন সহযোগত তেওঁলোকে কছাৰী, পঞ্জাবী আৰু হিন্দুস্তানী শৰনাৰ্থীৰ এটা দল গঠন কৰে আৰু নিজকে স্বাধীন ঘোষণা কৰি প্ৰায় গোটেই উত্তৰ গুৱাহাটী অধিকাৰ কৰে।

উজনি অসমত বুঢ়াগোহাঁই ব্যস্ত থকা বাবে বৰফুকনে তেওঁৰ পৰা সহায় নাপালে। তেওঁৰ হিন্দুস্তানী সৈন্যৰ এটা দল আৰু লগতে স্থানীয় বেলতলা আৰু ডিমৰুৱা ৰজাৰ কিছু সৈন্যৰ লগত ব্ৰহ্মপুত্ৰ নদ পাৰ কৰি বিদ্ৰোহীসকল আক্ৰমণ কৰে। হৰদত্ত আৰু বীৰদত্ত পলাবলৈ সক্ষম হ'লেও পাছত তেওঁলোক ধৰা পৰে আৰু মৃত্যুদণ্ড বিহা হয়। বৰফুকনক ইয়াৰ বঁটাস্বৰূপে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ S. L. Baruah. (1993). Last Days of Ahom Monarchy. Munshiram Manoharlal Publishers Pvt Ltd. পৃ. 151
  2. ↑ E. A. Gait. (1906). A History of Assam. Thacker, Spink and Co. পৃ. 214-15

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যভাৰতৰ বিদ্ৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দন্দুৱা দ্ৰোহ” প্ৰবন্ধৰ সংশোধন ৬৩২৮২৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।