এছীয় লিপি
১৩ প্ৰবন্ধ
-
ওড়িয়া লিপি
ওড়িয়া লিপি হ'ল এক ব্ৰাহ্মিক লিপি যি মূলতঃ ওড়িয়া ভাষা আৰু সংস্কৃত আৰু অন্যান্য আঞ্চলিক ভাষাসমূহ লিখিবলৈ ব্যৱহাৰ কৰা হয়। ই ভাৰতীয় গণৰাজ্যৰ চৰকাৰী লিপিৰ ভিতৰত অন্যতম।
-
তেলুগু লিপি
তেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবাখনো চুবুৰীয়া ৰাজ্যত কথিত তেলুগু ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা লিখন পদ্ধতি। এই লিপি ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত৷ ই ভাৰত গণৰাজ্যৰ এক অন্যতম স্বীকৃত লিপি।
-
তেলুগু-কানাড়া বৰ্ণমালা
তেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগু লিপি) দক্ষিণ ভাৰতত ব্যৱহৃত এক লিখন প্ৰণালী আছিল। কিছু উল্লেখযোগ্য পাৰ্থক্য থকাৰ পিছতো তেলুগু আৰু কানাড়া ভাষাৰ বাবে ব্যৱহৃত লিপিসমূহ যথেষ্ট সাদৃশ্যপূৰ্ণ আৰু পৰস্পৰক বুজিব পৰাকৈ বিদ্যমান।
-
অংগ লিপি
অংগ লিপি বা অংগিকা (:Anga Lipi) (𑂃𑂁𑂏) এটা ঐতিহাসিক লিখন প্ৰণালী আছিল। বৌদ্ধ গ্ৰন্থ "ললিতবিস্তাৰ"ত অংগ লিপিৰ উল্লেখ পোৱা যায়, য'ত কোৱা হৈছে যে অংগ লিপি ভগৱান বুদ্ধই জনা ৬৪টা লিপিৰ ভিতৰত এটা আছিল।
-
খৰোষ্ঠী লিপি
খাৰোষ্ঠী লিপি (গান্ধাৰী: 𐨑𐨪𐨆𐨮𐨿𐨛𐨁𐨌𐨫𐨁𐨤𐨁, ৰোমানীকৃত: kharoṣṭhī lipi) বা গান্ধাৰী লিপি (𐨒𐨌𐨣𐨿𐨢𐨌𐨪𐨁𐨌𐨫𐨁𐨤𐨁, gāndhārī lipi) ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা আফগানিস্তান হৈ মধ্য এছিয়ালৈকে বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এক প্ৰাচীন ভাৰতীয় লিপি আছিল।
-
টাই লে লিপি
টাই লে লিপি (ᥖᥭᥰ ᥘᥫᥴ, [tai˦.lə˧˥) বা দেহং দাই লিপি হৈছে চীনৰ দক্ষিণ-মধ্য ইউনানৰ টাই নুৱা লোক সকলে কোৱা টাই নুৱা ভাষা লিখিবলৈ ব্যৱহৃত এক পৰম্পৰাগত লিপি। এই ভাষাটোক নুৱা, দেহং দাই আৰু চীনা ছান বুলিও জনা যায়।
-
টাক্ৰী লিপি
টাক্ৰী লিপি: Takri script(টাক্ৰী (চাম্বা): 𑚔𑚭𑚊𑚤𑚯; টাকৰী (জম্মু/ডোগ্ৰা): 𑠔𑠬𑠊𑠤𑠮; কেতিয়াবা টংকৰী 𑚔𑚭𑚫𑚊𑚤𑚯 বুলিও কোৱা হয়) হৈছে ব্ৰাহ্মিক লিপি পৰিয়ালৰ এক আবুগিদা লিখন পদ্ধতি। ই পূৰ্বে কাশ্মীৰীৰ বাবে ব্যৱহৃত শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। এই লিপি লণ্ডা লিপিৰ ভগ্নী লিপি।
-
নন্দিনাগৰী
নন্দিনাগৰী (Nandināgarī) হৈছে ৭ম শতিকাত প্ৰকাশ পোৱা নাগৰী লিপিৰ পৰা উদ্ভৱ হোৱা এটি ব্ৰাহ্মিক লিপি। এই লিপি আৰু ইয়াৰ ভিন্ন ৰূপসমূহ মধ্য দাক্ষিণাত্য অঞ্চল আৰু দক্ষিণ ভাৰতত ব্যৱহাৰ কৰা হৈছিল। নন্দিনাগৰী লিপিত প্ৰচুৰ পৰিমাণত সংস্কৃত হস্তলিপি দেখা যায় যদিও এতিয়াও ইয়াৰ লিপ্যন্তৰ হোৱা নাই।
-
নাগৰী লিপি
নাগৰী লিপি (Nāgarī script) হʼল দেৱনাগৰী, নন্দিনাগৰী আৰু অন্যান্য লিপিসমূহৰ পূৰ্বসূৰী আৰু ইয়াক প্ৰথমে প্ৰাকৃত আৰু সংস্কৃত লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। নাগৰী শব্দটো কেতিয়াবা দেৱনাগৰী লিপিৰ সমাৰ্থক শব্দ হিচাপেও ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ সময়ছোৱাত ইয়াৰ প্ৰচলন হৈছিল।
-
বালবোধ
বালবোধ (মাৰাঠীঃ बाळबोध, অনুবাদঃ শিশুৰ দ্বাৰা বুজি পোৱা) হৈছে মাৰাঠী ভাষা আৰু কোৰ্কু ভাষা লিখিবলৈ ব্যৱহাৰ কৰা দেৱনাগৰী লিপিৰ সামান্য পৰিৱৰ্তিত শৈলী। অন্যান্য ভাষাৰ বাবে ব্যৱহৃত দেৱনাগৰী লিপিৰ পৰা বালবোধক পৃথক কৰা কথাটো হ'ল ळ /ɭ/ (ৰেট্ৰ'ফ্লেক্স লেটাৰেল এপ্ৰোক্সিমেণ্ট) আৰু र् (যাক আইলেছ ৰেফ/ৰাফৰ)…
-
বট্টেলুত্তু
ভট্টলিপি বা বট্টেলুত্তু ( Vatteluttu or Vattezhuthu, তামিল: வட்டெழுத்து, Vatteluttu আৰু মালয়ালম: প্ৰবাদ, Vatteḻuttŭ, IPA: [ʋɐʈːeɻut̪ːɨ̆]) আছিল তামিল আৰু মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা বৰ্ণমালাৰ লিখন ব্যৱস্থা। এই লিপি হৈছে এসময়ত দক্ষিণ-পূৰ্ব এছিয়াত বিকাশ লাভ কৰা পল্লৱ লিপিৰ এটি ভগ্নী লিপি।
-
ভাৰতী লিপি
ভাৰতী লিপি (Bharati Script; ISO: Bhārati) হৈছে ভি. শ্ৰীনিবাস চক্ৰৱৰ্তীৰ নেতৃত্বাধীন গৱেষক দল এটিয়ে আই আই টি মাদ্ৰাজত সৃষ্টি কৰা এটি নিৰ্মিত লিপি। ইয়াক ভাৰতীয় ভাষাৰ বাবে সাধাৰণ বা সংযোগী লিপি হিচাপে কাম কৰিব পৰাকৈ সাজি উলিওৱা হৈছে। এই Abugida লিপি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়া হয়।
-
মোদী লিপি
মোদী লিপি (Modi script, মাৰাঠীঃ मोडी, IAST: Mōḍī) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ প্ৰাথমিক ভাষা মাৰাঠী লিখিবলৈ ব্যৱহৃত এটা লিপি। ইয়াৰ উৎপত্তি সম্পৰ্কে একাধিক তত্ত্ব আছে।