তিতাবৰ
৫ প্ৰবন্ধ
-
তিতাবৰ মহকুমা
তিতাবৰ মহকুমা অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এক কৃষিনিৰ্ভৰ প্রশাসনিক একক, যোৰহাট নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত। ধান উৎপাদন আৰু ধান গৱেষণাৰ ঐতিহাসিক ধাৰা, লগতে শিক্ষা-সাংস্কৃতিক প্ৰতিষ্ঠান আৰু যোগাযোগ ব্যৱস্থাই তিতাবৰক ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক উল্লেখযোগ্য অঞ্চল ৰূপে চিহ্নিত কৰে।
-
ঠেঙাল ভৱন
ঠেঙাল ভৱন (Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল। তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
-
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম ধান গৱেষণা কেন্দ্ৰ আছিল। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়।
-
তিতাবৰত খোল বাদনেৰে অভিলেখ
২০১৩ চনৰ ৬ জানুৱাৰীত অসমৰ যোৰহাট জিলাৰ তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন (পঞ্জীয়নভুক্ত) শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰাৰ লগতে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰি এক নতুন অভিলেখ সৃষ্টি কৰে।
-
বালিজান বৌদ্ধ বিহাৰ
বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসম ৰাজ্যৰ যোৰহাট জিলাৰ তিতাবৰ বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত।