অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তপন কুমাৰ শইকীয়া

তপন কুমাৰ শইকীয়া এগৰাকী ভাৰতীয় চিকিৎসক তথা কৰ্কটৰোগবিদ। তেওঁ বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণা আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তপন কুমাৰ শইকীয়া এগৰাকী ভাৰতীয় চিকিৎসক তথা কৰ্কটৰোগবিদ। তেওঁ বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণা আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত। তেওঁ মুম্বাইস্থিত টাটা মেম’ৰিয়েল হাস্পতাল, প্ৰিন্স আলী খান হস্পিটেল আৰু যশলোক হস্পিটেল আৰু গৱেষণা কেন্দ্ৰ আদি চিকিৎসা প্ৰতিষ্ঠানত কাম কৰিছে।১২

২০২৩ চনত কৰ্কট ৰোগৰ যত্ন আৰু জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটা বঁটাৰে তেওঁক সন্মানিত কৰা হয়।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত তপন শইকীয়াৰ জন্ম হৈছিল।৩ তেওঁ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু পাছত কৰ্কটৰোগৰ বিশেষজ্ঞতা লাভ কৰে।৪

কৰ্মজীৱন

১৯৮১ চনত শইকীয়াই মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালত নিজৰ চিকিৎসা কৰ্মজীৱন আৰম্ভ কৰে আৰু তাত দুই দশকৰো অধিক সময় ধৰি কৰ্কট ৰোগৰ চিকিৎসা আৰু গৱেষণাত নিযুক্ত থাকে।২ পাছত তেওঁ প্ৰিন্স আলী খান হাস্পতালত মেডিকেল অংক’লজীৰ মুৰব্বী আৰু গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।৫

পিছলৈ তেওঁ যশলোক হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত অংক’লজী বিভাগৰ সঞ্চালক হিচাপে যোগদান কৰে আৰু তাতো কৰ্কট ৰোগৰ উন্নত চিকিৎসা ব্যৱস্থাৰ বিকাশত অৱদান আগবঢ়ায়।৬

তপন কুমাৰ শইকীয়াই ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ সজাগতা আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ বিভিন্ন সজাগতা কাৰ্যসূচী, স্বাস্থ্য শিবিৰ আৰু পৰীক্ষা অভিযানৰ জৰিয়তে সাধাৰণ মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰি আহিছে।৭

তেওঁ কৰ্কট ৰোগীৰ সহায় আৰু যত্নৰ সৈতে জড়িত দীপশিখা ফাউণ্ডেশ্যনৰ সৈতেও জড়িত।৮

বঁটা আৰু সন্মান

কৰ্কট ৰোগৰ যত্ন আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তপন কুমাৰ শইকীয়াই কেইবাটাও সন্মান লাভ কৰিছে। ২০২৩ চনত তেওঁক অসম আৰু ভাৰতৰ বহল উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ চিকিৎসা, সজাগতা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কৰা বিস্তৃত অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হয়। এই সন্মানে উত্তৰ-পূব ভাৰতত কৰ্কট সজাগতা বৃদ্ধি, আগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁৰ দশকজোৰা অৱদানক স্বীকৃতি দিয়ে।১

২০২৪ চনত স্বাস্থ্যসেৱা আৰু সমাজলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিত প্ৰদান কৰা ‘‘কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা’’ লাভ কৰে। ৯ ২০২৫ চনত চিকিৎসা বিজ্ঞান আৰু কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়য়ে ৩২ সংখ্যক সমাৱৰ্তনত তেওঁক সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰে।১০

তথ্যসূত্ৰ

  1. ↑ (2023). Assam Vaibhav awardees announced. The Hindu
  2. ↑ Tata Memorial Centre profile. Tata Memorial Centre
  3. ↑ Oncologist from Assam honoured. The Assam Tribune
  4. ↑ Assam Medical College information. Assam Medical College
  5. ↑ Prince Aly Khan Hospital oncology dept. Prince Aly Khan Hospital
  6. ↑ Jaslok Hospital oncology services. Jaslok Hospital
  7. ↑ Cancer awareness camps in Northeast. The Telegraph
  8. ↑ Deepshikha Foundation activities. Deepshikha Foundation
  9. ↑ Kamala Saikia award announced. The Sentinel
  10. ↑ Gauhati University convocation. Gauhati University

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিভাৰতীয় চিকিৎসকঅসম বৈভৱ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তপন কুমাৰ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬০২৩৪১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।