অসম বৈভৱ বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
ৰতন টাটা
ৰতন নৱাল টাটা, (Ratan Naval Tata; ২৮ ডিচেম্বৰ ১৯৩৭ – ৯ অক্টোবৰ ২০২৪) হৈছে ভাৰতৰ এজন উল্লেখযোগ্য উদ্যোগপতি আৰু দানবীৰ,। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল।
-
ৰঞ্জন গগৈ
ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪) ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল।
-
ৰাণা প্ৰতাপ কলিতা
লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ভাৰতীয় সেনাৰ এগৰাকী প্ৰাক্তন জেনেৰেল বিষয়া। ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ (GOC-in-C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ডিমাপুৰত তৃতীয় কৰ্পছৰ কমাণ্ডাৰ আছিল।
-
তপন কুমাৰ শইকীয়া
তপন কুমাৰ শইকীয়া এগৰাকী ভাৰতীয় চিকিৎসক তথা কৰ্কটৰোগবিদ। তেওঁ বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণা আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।