ভাৰতীয় চিকিৎসক
৮ প্ৰবন্ধ
-
তপন কুমাৰ শইকীয়া
তপন কুমাৰ শইকীয়া এগৰাকী ভাৰতীয় চিকিৎসক তথা কৰ্কটৰোগবিদ। তেওঁ বিশেষকৈ ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণা আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
ৰুখমাবাই
ৰুখমাবাই ( Rukhmabai; ২২ নবেম্বৰ ১৮৬৪- ২৫ চেপ্তেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী আছিল। তেওঁ উপনিবেশ ভাৰতবৰ্ষৰ চিকিৎসা বৃত্তিত জড়িত প্ৰথম নাৰী চিকিৎসক আছিল। লগতে তেওঁক ১৮৮৪ চনৰ পৰা ১৮৮৮ চনলৈ চলা শিশু কন্যা বিবাহৰ এটা যুগান্তকাৰী গোচৰত জড়িত হোৱাৰ বাবে বিশেষবাবে জনা যায়।
-
নলিনী পাৰ্থসাৰথি
নলিনী পাৰ্থসাৰথি (Nalini Parthasarathy) পণ্ডিচেৰীৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজসেৱিকা। তেওঁ জিপমাৰ (JIPMER)ৰ শিশু ৰোগ বিভাগৰ প্ৰাক্তন অধ্যাপক আছিল। হিমোফিলিয়া ৰোগত আক্ৰান্ত ৰোগীসকললৈ আগবঢ়োৱা চিকিৎসাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ…
-
প্ৰবীণ তোগড়িয়া
প্ৰবীণ তোগড়িয়া (গুজৰাটী উচ্চাৰণ: [Praviṇa tōgaḍiyā]; জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু হিন্দু জাতীয়তাবাদৰ অধিবক্তা। পেচাত এগৰাকী চিকিৎসক হ’লেও তেওঁ ২২ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে আৰু কিছুদিন পিছতেই আন্তৰ্জাতিক কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হয়।
-
ভাৰতী কাশ্যপ
ভাৰতী কাশ্যপ (Bharti Kashyap); এগৰাকী ভাৰতীয় চকু বিশেষজ্ঞ আৰু সমাজকৰ্মী। ২০১৭ চনত তেওঁক নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে তেওঁ পাঁচবাৰকৈ ৰাষ্ট্ৰীয় আই এম এ প্ৰাপক।
-
মীনা প্ৰভু
মীনা সুধাকৰ প্ৰভু (ইংৰাজী: Meena Sudhakar Prabhu; জন্ম: ২৭ আগষ্ট ১৯৩৯ – মৃত্যু: ১ মাৰ্চ ২০২৫) এগৰাকী ভাৰতীয় লেখিকা আৰু প্ৰাক্তন এনাস্থেচিঅ'লজিষ্ট আছিল। তেওঁ মূলতঃ যুক্তৰাজ্য, ইৰান, ইজিপ্ত, চীন, তুৰস্ক আৰু মেক্সিকো ভ্ৰমণৰ অভিজ্ঞতাৰে মাৰাঠী ভাষাত লিখা ভ্ৰমণ কাহিনীসমূহৰ বাবে পৰিচিত।
-
সুশীলা অনিতা বনাৰ্জী
সুশীলা অনিতা বনাৰ্জী (Susila Anita Bonnerjee; মৃত্যুː ২৫ ছেপ্টেম্বৰ ১৯২০) এগৰাকী চিকিৎসক, শিক্ষাবিদ আৰু ভোটাধিকাৰৰ হকে মাত মতা ব্যক্তি, যিয়ে ১৮০০ দশকৰ শেষৰ ফালে ইংলেণ্ড আৰু ভাৰতত মহিলাৰ শিক্ষা আৰু স্বাস্থ্যৰ পোষকতা কৰিছিল।
-
হৈমৱতী সেন
হৈমৱতী সেন (১৮৬৬ – ৫ আগষ্ট ১৯৩৩) জন্ম নাম: হৈমৱতী ঘোষ, এগৰাকী ভাৰতীয় চিকিৎসক।