অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডাঙৰ ক'লা শংখচূড় সাপ

ডাঙৰ ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus niger) বা গ্ৰেটাৰ ব্লেক ক্ৰেইট ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত বাংগাৰাছ (Bungarus) প্ৰজাতিৰ এটা বিষধৰ ক্ৰেইট সাপ। এই প্ৰজাতিটো দক্ষিণ এছিয়াৰ স্থানীয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৩৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ডাঙৰ ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নামকৰণ পদ্ধতি:Bungarus niger) বা গ্ৰেটাৰ ব্লেক ক্ৰেইট ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত বাংগাৰাছ (Bungarus) প্ৰজাতিৰ এটা বিষধৰ ক্ৰেইট সাপ। এই প্ৰজাতিটো দক্ষিণ এছিয়াৰ স্থানীয়।

বিৱৰণ

ক 'লা শংখচূড় সাপৰ দৈৰ্ঘ্য মধ্যমীয়া, শৰীৰ চিকুন আৰু ত্ৰিকোণীয়, নেজ চুটি আৰু জোঙা। ইয়াৰ সৰ্বোচ্চ দৈৰ্ঘ্য (নেজকে ধৰি) প্ৰায় ১.৩ মিটাৰলৈকে (৪.৩ ফুট) হ’ব পাৰে, কিন্তু এটা প্ৰাপ্তবয়স্ক সাপ গড়ে সাধাৰণতে প্ৰায় ০.৮ মিটাৰ (২.৬ ফুট) দৈৰ্ঘ্যৰ হয়।

  • ৰং: চকু দুটাৰ ৰং ক’লা; জিভাখন গোলাপী বৰণৰ আৰু জিভাৰ আগটো পাতল। ওপৰৰ আৰু তলৰ লেবিয়াল, চিবুক আৰু ভেণ্টাৰৰ আগফালৰ অংশ বগা ৰঙৰ। পৃষ্ঠীয়ভাৱে ই চিকচিকিয়া ক’লা, আন্তঃস্কেলৰ ৰং বগা। ভেণ্টাৰটো ক্ৰীম ৰঙৰ বগা আৰু ইয়াৰ ধাৰটো ক’লা, যিটো শৰীৰৰ মাজৰ পৰা পিছফালে থাকে।
  • মূৰটো চেপেটা আৰু ডিঙিৰ পৰা অলপ পাৰ্থক্য দেখা পোৱা যায়।
  • চকু দুটা সৰুৰ পৰা মজলীয়া আকাৰৰ, চকুৰ মণি ঘূৰণীয়া।
  • পিঠিৰ চাল মসৃণ আৰু চিকচিকিয়া, মেৰুদণ্ডৰ চালৰ বাকলিবোৰ ডাঙৰ আৰু ষড়ভুজৰ দৰে। পৃষ্ঠীয় বাকলিৰ সংখ্যা ১৫ - ১৫ - ১৫। ১ ই সৰু ক'লা শংখচূড় সাপ বা লেছাৰ ব্লেক ক্ৰেইট (Bungarus lividus) সাপৰ সৈতে দেখিবলৈ প্ৰায় একে যদিও ইয়াক পৃষ্ঠীয় মেৰুদণ্ডৰ ডাঙৰ বাকলিবোৰৰ দ্বাৰা পৃথক কৰিব পাৰি। বাকলিবোৰ মসৃণ আৰু গাঁতবিহীন।
  • আন সকলো বাংগাৰছ প্ৰজাতিৰ তুলনাত ইহঁতৰ পেটৰ বাকলিৰ সংখ্যা বেছি। ২

বিতৰণ আৰু বাসস্থান

ক 'লা শংখচূড় সাপ উত্তৰ-পূব আৰু উত্তৰ ভাৰত ( অসম, ছিকিম, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড ), নেপাল, ভূটান, আৰু বাংলাদেশত পোৱা যায়। দাৰ্জিলিঙৰ ওচৰৰ টিন্ধাৰিয়াৰ ওচৰৰ পৰা পোৱা নমুনাৰ পৰা ফ্ৰেংক ৱালে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।৩ জলপাইগুৰি চহৰৰ লগতে জিলাখনৰ অন্যান্য অঞ্চলতো এই প্ৰজাতিটোৱে পোৱা যায়। মেংগ্ৰোভ জলাশয়ৰ বসতিপ্ৰধান গাঁৱৰ পৰা আৰম্ভ কৰি সমুদ্ৰ পৃষ্ঠৰ ১,৫০০ মিটাৰ (৪,৯০০ ফুট) উচ্চতাৰ হিমালয়ৰ পাদদেশৰ পাহাৰীয়া অৰণ্যৰ বিভিন্ন ধৰণৰ বাসস্থানত এই সাপে বাস কৰে। ৪ উত্তৰ-পূব ভাৰতৰ চাহ বাগিচাসমূহত প্ৰায়ে এই সাপ দেখা পোৱা যায়।

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

ক 'লা শংখচূড় সাপ এবিধ শান্ত স্বভাৱৰ নিশাচৰ আৰু স্থলজ সাপ। আমনি কৰিলে ই ঢিলাকৈ কুণ্ডলীবদ্ধ হৈ মূৰটো শৰীৰৰ তলত লুকুৱাই ৰাখে। ধাৰাবাহিকভাৱে আমনি কৰিলে ই দংশন কৰিব পাৰে। ই সাধাৰণতে অন্য সাপ আৰু সৰু স্তন্যপায়ী প্ৰাণী আৰু মাজে মাজে সৰিসৃপ, বেং, আৰু মাছ চিকাৰ কৰে।১

বিষ

ক 'লা শংখচূড় সাপৰ বিষত প্ৰিচিনেপ্টিক আৰু প’ষ্টচিনেপ্টিক নিউৰ'টক্সিন থাকে আৰু ইয়াত মাই'টক্সিনো থাকিব পাৰে। এই সাপটোক প্ৰায়ে উপেক্ষা কৰা হয় যদিও চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ই এক গুৰুত্বপূৰ্ণ প্ৰজাতি, কিয়নো প্ৰতি বছৰে ই বহু লোকক দংশন কৰে। ইয়াৰ লগত জড়িত মৃত্যুৰ হাৰ জনা নাযায় যদিও যথেষ্ট বেছি বুলি কোৱা হয়।১৪

অধিক পঢ়ক

  • Das I (2002). A Photographic Guide to Snakes and other Reptiles of India. Sanibel Island, Florida: Ralph Curtis Books. 144 pp. . (Bungarus niger, p. 51).
  • Grosselet O, Vauche M, Gupta A, Gupta S (2004). "Bungarus niger Wall, 1908 (Reptilia: Serpentes: Elapidae): Extension of range to Cachar district, Assam, India". Russian J. Herpetol.'11' (1): 10-11.
  • Slowinski JB (1994). "A phylogenetic analysis of Bungarus (Elapidae) based on morphological characters". Journal of Herpetology'28' (4): 440-446.
  • Smith MA (1943). The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-region. Reptilia and Amphibia. Vol. III.—Serpentes. London: Secretary of State for India. (Taylor and Francis, printers). xii + 583 pp. (Bungarus niger, p. 417).
  • Tillack, Frank; Grossmann, Wolfgang (2001). "Ein neuer Nachweis zur Schlangenfauna Nepals: Bungarus niger Wall, 1908 (Reptilia: Serpentes: Elapidae) ". Sauria'23' (1): 3-9. (in German).
  • Wall F (1908). "A Popular Treatise on the Common Indian Snakes. Part VIII". J. Bombay Nat. Hist. Soc.'18' (4): 711-735 + Plate VIII. (Bungarus niger, new species, pp. 715–716).

তথ্যসূত্ৰ

  1. ↑ Bungarus niger – General Details. Clinical Toxinology Resource. University of Adelaide
  2. ↑ Theophilus, Emmanuel; Captain, Ashok; Tillack, Frank; Kuch, Ulrich (2008)
  3. ↑ Whitaker, Romulus; Captain, Ashok. (2004). Snakes of India, The Field Guide. Draco Books. 495 pp. ISBN 81-901873-0-9
  4. ↑ Ghose A. Black snakes at night Bungarus niger, an overlooked cause of snakebite envenoming in South Asia

সম্পৰ্কিত শ্ৰেণী

বিষধৰ সৰীসৃপসাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাঙৰ ক'লা শংখচূড় সাপ” প্ৰবন্ধৰ সংশোধন ৬৩১০০৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।