ৰ ডনি-প'ল' ধৰ্মৰ কোনো অনুগামীৰ গৃহৰ শীৰ্ষত স্থাপিত ডনি-প'ল' ধ্বজা]]
ডনি-প'ল (বা ডনি-প'ল'বাদ; Donyi-Polo) অভিধাৰে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ টানি জাতিৰ আৰু অসমৰ মিচিং জনগোষ্ঠীৰ১ আৰু অন্যান্য তিব্বত-বাৰ্মা মূলৰ অধিবাসীসকলৰ২ মাজত প্ৰচলিত সৰ্বপ্ৰাণবাদ (animism) আৰু শমনবাদ (shamanism) প্ৰকাৰৰ খিলঞ্জীয়া ধৰ্মীয় পদ্ধতিসমূহক বুজোৱা হয়।৩৪ "ডনি-প'ল'" নামটিৰ অৰ্থ হৈছে "সূৰ্য-চন্দ্ৰ"। খ্ৰীষ্টধৰ্মই এই অধিবাসীসকলৰ মাজত লাভ কৰা প্ৰসাৰ আৰু হিন্দুধৰ্মত হ'ব পৰা সম্ভাৱ্য বিলীনতাৰ প্ৰতিক্ৰিয়াস্বৰূপে ১৯৭০ চনৰ আশে-পাশে এই ধৰ্মৰ আনুষ্ঠানিকীকৰণ আৰু পুনৰীজ্জীৱিতকৰণৰ প্ৰয়াসৰ সময়ত এই নাম বাছনি কৰা হৈছিল।৫ মূলতঃ ডনি-প'ল' হৈছে সৰ্বাত্মবাদ বা প্ৰকৃতিউপাসনা বা চিন্ময়জগততত্ত্বৰ ধাৰণাৰে প্ৰচলিত এক ধৰ্মীয় লোকাচাৰ।
ডনি-প'ল' ধৰ্মত ধৰ্মীয় সমাৱেশৰ এক ব্যৱস্থা আছে, য'ত শমনৰ উপচাৰিক তানি ভাষাত স্তুতিগীত পৰিৱেশন কৰা হয়। তদুপৰি এই ধৰ্মৰ আনুষ্ঠানিক এক দৰ্শন-ধৰ্মতত্ত্ব, উপাস্য দেৱ-দেৱীৰ পটশিল্প৬ আৰু উপাসনা স্থলীও৭ আছে। ডনি-প'ল'ৰ পুনৰুত্থানৰ বাটকটীয়া আছিল টাল'ম ৰুকব'।৮ ডনি-প'ল' কাৰ্বি জনগোষ্ঠীৰ হেম্ফু-মুকৰং (Hemphu-Mukrang) আৰু অকা (বা ৰু'ছ') জনগোষ্ঠীৰ য়েজি-ন' (Nyezi-No) ধৰ্মৰ সৈতে সম্পৰ্কিত।
ধৰ্মতত্ত্ব আৰু ব্ৰহ্মাণ্ডতত্ত্ব
'চেদি' আৰু 'কেয়ুম'
ডনি-প'ল'বাদৰ বিশ্বাস অনুসৰি, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঝাৰ্ণা দেৱতা (ঈশ্বৰ বা ঐশ্বৰিকত্ব)-ক মিনয়ং আৰু পদম জনগোষ্ঠীৰ লোকসকলে 'চেদি' আৰু গালো জনগোষ্ঠীৰ লোকসকলে 'জিমি' হিচাপে অভিহিত কৰে।৯১০ সকলো নিৰ্জীৱ পদাৰ্থ আৰু সকলো জীৱই হৈছে চেদিৰ শৰীৰৰ অংশ মাথোঁ:১১১২ সৃষ্টিৰ সময়ত চেদিৰ কেশ পৃথিৱীত উদ্ভিদ হিচাপে, অশ্ৰু বৃষ্টি আৰু পানী হিচাপে, অস্থি শৈলখণ্ড আৰু প্ৰস্তৰ হিচাপে, আৰু তেওঁৰ অক্ষিযুগল ডনি (সূৰ্য) আৰু প'ল' (চন্দ্ৰ) হিচাপে পৰিস্ফুট হয়।১৩১৪ সৃষ্টিৰ পৰৱৰ্তীকালত চেদি বিশ্ৰামিত দেৱতা (deus otiosus) হিচাপে পৰিগণিত হয় যদিও তেওঁ নিজৰ অক্ষিৰে সৃষ্টি পৰ্যবেক্ষণৰত। এইদৰে চেদিয়ে আবৃতকৰণ-অনাবৃতকৰণৰ দ্বৈত দিশেৰে নিজকে উদ্ভাসিত কৰে।১৫১৬
গালো জনগোষ্ঠীৰ লোকবিশ্বাস অনুসৰি 'জিমি'-এ 'মেল' (আকাশ) আৰু 'চিদি' (পৃথিৱী) হিচাপে অভিব্যক্ত হয়, আৰু এই দুয়োটাৰ আন্তঃক্ৰিয়াৰ জৰিয়তেই ডনি আৰু প'ল' সহিতে সকলো জীৱ আৰু নিৰ্জীৱ পদাৰ্থৰ উদ্ভৱ হয়।১৭ ডনি আৰু প'ল'ৰ তাৎপৰ্যৰ দ্ব্যৰ্থতা প্ৰকাশক আন আন পৌৰাণিক কল্পবিশ্বাসো আছে।১৮১৯
তালুম ৰুকব'ৰ ধৰ্মতত্ত্ব অনুসৰি, পৃথিৱীকে ধৰি সকলো স্বৰ্গীয় নিকায় আৰু সকলো জীৱ-নিৰ্জীৱ পদাৰ্থই একেই উৎসৰ পৰা উদ্ভূত- 'কেয়ুম' (অনস্তিত্বতা বা শূন্যতা)।২০ ডনি-প'ল' হৈছে সেই মেৰু শক্তি যি সকলো তৰাৰ সৃষ্টিকাৰক। পৃথিৱী আৰু মানৱজাতিৰ সমীপত প্ৰাকৃতিক সূৰ্য আৰু চন্দ্ৰ (ক্ৰমে 'ব'ম'ঙ' (Bomong) আৰু 'বু' (Boo)) বিশ্বব্ৰহ্মাণ্ডৰ অদৃশ্য শক্তি ডনি-প'ল'ৰ বস্তুগত অভিব্যক্তি; য'ত 'ব'ম'ঙ'-এ ডনিৰ কেন্দ্ৰীভূত শক্তি পৰিচালনা কৰে, আৰু 'বু'-এ জীৱন-দানৰ প'ল' শক্তি ধাৰণ কৰে।২১
ডনি আৰু প'ল'
ডনি (সূৰ্য) আৰু প'ল' (চন্দ্ৰ)ক তিব্বত-বাৰ্মা সংস্কৃতিত স্ত্ৰী আৰু পুৰুষ হিচাপে গণ্য কৰা হয়। সেয়েই এই সংস্কৃতিত এ'ন ডনি [Ane Donyi] (অৰ্থাৎ "মাতৃ সূৰ্য") আৰু এব' প'ল' [Abo Polo] (অৰ্থাৎ "পিতৃ চন্দ্ৰ")২২ হিচাপে আখ্যায়িত হয়— আৰু এই ধাৰণা চীনদেশৰ সংস্কৃতিৰ য়িন আৰু য়াং [yin and yang]-ৰ সমভাৱাপন্ন। এই উপমাৰ জৰিয়তেই দেৱত্ব (Divinity)-ৰ (চেদি-Sedi) ব্যাখ্যা এইদৰে কৰিব পৰা যায় যে ২৩২৪ এই পন্থাৰ জৰিয়তে দৈৱিক নীতিসমূহ স্ব-উদ্ভাসিত হয়, অৰ্থাৎ তেওঁ বিশ্বব্ৰহ্মাণ্ডক ঐকতান আৰু সমতুলতা প্ৰদান (উদাহৰণস্বৰূপে পোহৰ আৰু অন্ধকাৰ, উত্তাপ আৰু শীতলতাৰ পট পৰিৱৰ্ত্তন), অথবা ঐক্য (উপমানুসাৰে, দৈনিক আকাশত দেখা দিয়া সূৰ্য) আৰু বহুত্ব (উপমানুসাৰে, ৰাতিৰ আকাশত দেখা দিয়া তাৰকাৰাজি) ইত্যাদিৰ জৰিয়তে চিৰকাল প্ৰকৃতিৰ মাজতেই আৱৃতকৰণ, অনাৱৃতকৰণেৰে স্ব-প্ৰকাশ ঘটায়। ২৫
ডনি-প'ল' ধৰ্মীয় বিশ্বাসৰ প্ৰায়োগিক প্ৰাৰুপ অনুগামীসকলৰ দৈনিক জীৱন আৰু কৰ্মৰ জৰিয়তে প্ৰকাশিত হয়: তেওঁলোকে নিজকে "ডনি অ', প'ল' অ'মে" ("Donyi O, Polo Ome") অৰ্থাৎ "সূৰ্য আৰু চন্দ্ৰৰ সন্তান" হিচাপে পৰিচয় দিয়ে। ২৬ যেতিয়া কোনো অনুগামী পীড়িত হয় তেওঁ "ডনি-প'ল'"-ক প্ৰাৰ্থনা কৰে। ২৭ যদি কোনো ব্যক্তি মিছা কোৱা বুলি অভিযুক্ত হয় তেতিয়া "ডনি-এ!", "অ' সুৰ্য!" ("Donyi-e!", "oh Sun!") হিচাপে প্ৰাৰ্থনাৰত হয়। ২৮ ডনি-প'ল' ধৰ্মীয় বিশ্বাসৰ এই সকলোবোৰ অভিব্যক্তিৰ জৰিয়তে নীতিনিষ্ঠজনৰ বাবে উপায়ন আৰু অন্যায়কাৰীজনৰ বাবে শাস্তিৰ সুস্পষ্টভাৱে পোষকতা কৰা হয়। ২৯ অদৃষ্ট নিৰ্ণয়কাৰী ৰূপে এই দেৱযুগলক সৰ্বোচ্চ পৱিত্ৰ ব্যক্তিত্বৰ পূজা কৰা হয়। ৩০
ধৰ্মীয় বক্তৃতাসমূহত "ডনি-প'ল'"ক সত্যৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হয়। ৩১ "ডনি-প'ল'" হৈছে প্ৰজ্ঞা, প্ৰবুদ্ধতা, শুদ্ধ নীতিবোধ, সত্যবাদিতা আৰু নিঃস্বাৰ্থতাৰ আৰোহণ বিন্দু। ৩২ সচেতন ব্যক্তিসকলক "ডনি-প'ল' অ'মে" ("Donyi-Polo Ome") হিচাপে আখ্যা দিয়া হয়, যাৰ অৰ্থ হৈছে "সত্যৰ সন্তান"। ৩৩ বয়োজ্যেষ্ঠসকলক "ডনি-প'ল' আবু"("Donyi-Polo Abu") অৰ্থাৎ "সত্যৰ দূত" হিচাপে বিবেচনা কৰা হয়। ৩৪
দেৱতাসকল
ডনি-প'ল'ৰ অনুগামীসকলে ভিন-ভিন দেৱ-দেৱীক উপাসনাৰ মাধ্যমেৰে প্ৰাণৱন্ত কৰি তোলে। ৩৫ এই দেৱ-দেৱীসকল ডনি আৰু প'ল' ৰ জাগতিক ভাৰসাম্যৰ অংশীদাৰ, আৰু চেদি-ডনি-প'ল' (যিসকলৰ প্ৰত্যকৰে বিশেষভাৱে নিৰ্দিষ্ট কৰ্ম আৰু ভূমিকা আছে)-ৰ বহু অভিব্যক্তি হিচাপে বিশ্বাস পোষণ কৰা হয়। ৩৬ লগতে এইটোও বিশ্বাস কৰা হয় যে, তেওঁলোকে ধৰা আৰু মানৱজাতিৰ তত্বাৱধান কৰে। ৩৭ ডনি-প'ল' ধৰ্মীয় বিশ্বাসৰ মুখ্য দেৱতা হৈছে ডনি আৰু প'ল' , কিন নে'ন (Kine Nane), ড'য়িং ব'তে (Doying Bote), পেডং নে'ন (Pedong Nane) আৰু গুমিন চ'য়িন (Guumin Soyin)। ৩৮
উৎস
- Sarit Kumar Chaudhuri. 'The Institutionalization of Tribal Religion. Recasting the Donyi-Polo Movement in Arunachal Pradesh '. In: 'Asian Ethnology', Volume 72, Number 2, Nanzan Institute for Religion and Culture • 2013, 259–277
- Vasudha Dalmia, Rashmi Sadana. 'The Cambridge Companion to Modern Indian Culture'. Cambridge University Press, 2012.
- Tamo Mibang, Sarit Kumar Chaudhuri. 'Understanding Tribal Religion'. Mittal Publications, 2004.
- Nabam Tadar Rikam. 'Emerging Religious Identities of Arunachal Pradesh. A Study of Nyishi Tribe'. Mittal Publication, 2005.
- Jogendar Nath, 'The Cultural Heritage of a Tribal Society', Volume 1 "The Adis", Omsons Publications, 2000.
বাহ্যিক সংযোগ
- Adi Bari: A Performative Art by Talom Rukbo
তথ্যসূত্ৰ
- ↑ History of Mising. Mising Autonomous Council
- ↑ Rikam, 2005. p. 118
- ↑ Rikam, 2005. p. 117
- ↑ Mibang, Chaudhuri, 2004. p. 47
- ↑ Dalmia, Sadana, 2012. pp. 44-45
- ↑ Chaudhuri, 2013. p. 261
- ↑ Dalmia, Sadana, 2012. pp. 44-45
- ↑ Chaudhuri, 2013. p. 263
- ↑ Rikam, 2005. p. 117
- ↑ Mibang, Chaudhuri, 2004. pp. 47-48
- ↑ Rikam, 2005. p. 119
- ↑ Mibang, Chaudhuri, 2004. pp. 47-48
- ↑ Rikam, 2005. p. 119
- ↑ Mibang, Chaudhuri, 2004. pp. 47-48
- ↑ Rikam, 2005. p. 119
- ↑ Mibang, Chaudhuri, 2004. pp. 47-48
- ↑ Rikam, 2005. p. 119
- ↑ Rikam, 2005. p. 119
- ↑ Mibang, Chaudhuri, 2004. pp. 47-48
- ↑ Rikam, 2005. p. 120
- ↑ Rikam, 2005. p. 120
- ↑ Mibang, Chaudhuri, 2004. p. 48
- ↑ Chaudhuri, 2013. p. 264
- ↑ Rikam, 2005. pp. 118-119
- ↑ Chaudhuri, 2013. p. 264
- ↑ Mibang, Chaudhuri, 2004. p. 50
- ↑ Mibang, Chaudhuri, 2004. p. 50
- ↑ Mibang, Chaudhuri, 2004. p. 50
- ↑ Mibang, Chaudhuri, 2004. p. 50
- ↑ Mibang, Chaudhuri, 2004. p. 50
- ↑ Mibang, Chaudhuri, 2004. p. 51
- ↑ Mibang, Chaudhuri, 2004. p. 51
- ↑ Mibang, Chaudhuri, 2004. p. 51
- ↑ Mibang, Chaudhuri, 2004. p. 51
- ↑ Chaudhuri, 2013. p. 265
- ↑ Chaudhuri, 2013. p. 270
- ↑ Chaudhuri, 2013. p. 265
- ↑ Chaudhuri, 2013. p. 270
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডনি-প'ল'” প্ৰবন্ধৰ সংশোধন ৬১৩২৭৬ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।