অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

টানি জাতি

টানি জাতি (Tani people) হ'ল চীন আৰু উত্তৰপূৰ্ব ভাৰতৰ আদি, আপাটানি, গালো, মিচিং, নিছি, আৰু টাগিন জনগোষ্ঠীসমূহ মিলি হোৱা এটা জাতি। চীনা-তিব্বতীয় জনগোষ্ঠীৰ সদস্য হিচাপে তেওঁলোকে বিভিন্ন টানি ভাষাসমূহ কয় আৰু মূলতঃ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লগতে উত্তৰপূৰ্ব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যত…

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টানি জাতি (Tani people) হ'ল চীন আৰু উত্তৰপূৰ্ব ভাৰতৰ আদি, আপাটানি, গালো, মিচিং, নিছি, আৰু টাগিন জনগোষ্ঠীসমূহ মিলি হোৱা এটা জাতি। চীনা-তিব্বতীয় জনগোষ্ঠীৰ সদস্য হিচাপে তেওঁলোকে বিভিন্ন টানি ভাষাসমূহ কয় আৰু মূলতঃ চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ লগতে উত্তৰপূৰ্ব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্যত বাস কৰে।১ প্ৰায় ২১.৭ লাখ জনসংখ্যাৰে টানি জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম।২ চীন চৰকাৰে টানি জনগোষ্ঠীক লোবা জনগোষ্ঠীৰ অধীনত শ্ৰেণীভুক্ত কৰে।

বুৰঞ্জী

অৰুণাচল প্ৰদেশ আৰু উচ্চ অসমৰ অধিকাংশ বাসিন্দা ছয়টা টানি জনগোষ্ঠীৰ ( নিছি, আদি, গালো, অপতানি, টাগিন, আৰু মিচিং ) অন্তৰ্গত। যিসকল আবোটানীৰ বংশধৰ বুলি কোৱা হয় ৷ মাংস আৰু ঊলৰ বিনিময়ত টানি জনগোষ্ঠীৰ লোকসকলে তিব্বতীসকলৰ লগত তৰোৱাল আৰু অন্যান্য ধাতুৰ ব্যৱসায় কৰাৰ বাবে তিব্বতৰ প্ৰাচীন পুথিভঁৰালসমূহত টানি জনগোষ্ঠীৰ কিছু ইতিহাস লিপিবদ্ধ হৈ আছে।

তথ্যসূত্ৰ

  1. ↑ Riba, T. (2013). Shifting Cultivation and Tribal Culture of Tribes of Arunachal Pradesh, India. Practice-oriented Area Studies Series. Rubi Enterprise. পৃ. 13. ISBN 978-984-33-7304-5
  2. ↑ (February 14, 2019). North East India Tribal Odyssey ~ A journey across the region to visit the life, culture, traditions and heritage of the indigenous people of Assam, Meghalaya, Arunachal Pradesh and Nagaland. Kaziranga National Park and Tiger Reserve ~ Tour Packages & Safari Bookings Official

সম্পৰ্কিত শ্ৰেণী

অসমৰ অনুসূচিত জনজাতিঅৰুণাচল প্ৰদেশৰ অনুসূচিত জনজাতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টানি জাতি” প্ৰবন্ধৰ সংশোধন ৬০৬৮৬৮ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।