২০২৩ বৰ্ষৰ চলচ্চিত্ৰ
১০ প্ৰবন্ধ
-
ডক্তৰ বেজবৰুৱা ২
ডক্তৰ বেজবৰুৱা ২ ( Dr. Bezbaruah 2 ) ৩ ফেব্ৰুৱাৰী ২০২৩-ত মুক্তি পোৱা অসমীয়া ভাষাৰ ছাচপেন্স থ্ৰিলাৰ ছবি। এইখন ১৯৬৯ চনত মুক্তি পোৱা ডক্তৰ বেজবৰুৱাৰ চিকুৱেল। ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। গোস্বামীয়ে পূৰ্বৰ ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ডাংকী (চলচ্চিত্ৰ)
ডাংকী (Dunki, डंकी) হৈছে ২০২৩ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন ধেমেলীয়া নাট্য চলচ্চিত্ৰ। গাধৰ বিমান নামৰ এক অবৈধ প্ৰব্ৰজন কৌশলৰ ওপৰত ভিত্তি কৰি ছবিখন নিৰ্মিত হৈছে। ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু জিঅ’ ষ্টুডিঅ’ছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে।
-
সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ)
সত্যপ্ৰেম কী কথা (সঁচা প্ৰেমৰ কথা) হৈছে সমীৰ বিদৱান পৰিচালিত এখন আগন্তুক ভাৰতীয় হিন্দী ভাষাৰ সংগীতৰ ৰোমান্টিক নাটক ছবি। নাডিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু নমহ পিকচাৰ্ছৰ যৌথ প্ৰযোজনা এই ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰ্য্যান আৰু কিয়াৰা আদৱানীয়ে।
-
হাই নান্না
হাই নান্না হৈছে শৌৰ্যুভৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ ৰোমাণ্টিক নাটকীয় চলচ্চিত্ৰ। ভাইৰা এণ্টাৰটেইনমেণ্টছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মৃণাল ঠাকুৰ, নানী আৰু কিয়াৰা খান্নাই।
-
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ (অনু. ছালাৰ: প্ৰথম খণ্ড – যুদ্ধবিৰতি) হৈছে প্ৰশান্ত নীলৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন মহাকাব্যিক একচন চলচ্চিত্ৰ। হোম্বেল ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে বিজয় কিৰাগান্দুৰে।
-
ঘূমাৰ
ঘূমাৰ (ইংৰাজী অৰ্থ: Spinner) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাট্যধৰ্মী ছবি। ইয়াত অভিনয় কৰিছে শ্বাবানা আজমী, অভিষেক বচ্চন, ছেয়ামী খেৰ, আৰু অংগদ বেদীয়ে। ২০২৩ চনৰ ১২ আগষ্টত মেলবৰ্ণৰ দ্বাদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত উন্মোচন ছবি হিচাপে ঘূমাৰৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।
-
টুৱেলভ্থ ফেইল
টুৱেলভ্থ ফেইল (12th Fail) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। পৰিচালক বিধু বিনোদ চোপ্ৰাই ছবিখনৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। ছবিখন মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ ওপৰত অনুৰাগ পাঠক ৰচিত ২০১৯ চনৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
তৰলা
তৰলা ( Tarla ) ভাৰতীয় চেফ তথা ৰন্ধন গ্ৰন্থ লেখিকা তৰলা দালালৰ ওপৰত আধাৰতি ২০২৩ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ বায়’পিক ছবি। ইয়াত হুমা কুৰেশ্বীয়ে নাম ভূমিকাত অভিনয় কৰিছে। ছবিখনৰ পৰিচালক পীয়ুষ গুপ্তা আৰু প্ৰযোজক ৰনি স্ক্ৰুৱালা, অশ্বিনী আয়েৰ তিৱাৰী আৰু নিতেশ তিৱাৰীয়ে। ছবিখন ZEE5 ত মুক্তি পাইছিল।
-
পাঠান (চলচ্চিত্ৰ)
পাঠান হৈছে এখন হিন্দী ভাষাৰ চোৰাংচোৱা একচন-থ্ৰিলাৰ ছবি। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা লিখিত আৰু পৰিচালিত আৰু আদিত্য চোপ্ৰাই তেওঁৰ য়শ ৰাজ ফিল্মছৰ অধীনত নিৰ্মিত। শ্বাহৰুখ খান, ৫ বছৰৰ বিৰতিৰ পিছত চিনেমালৈ উভতি অহা দীপিকা পাডুকন আৰু জন আব্ৰাহামে অভিনীত এই ছবিখন ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি।
-
তেজছ (চলচ্চিত্ৰ)
তেজছ্ ( Tejas ) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি; ২০২৩ চনৰ ২৭ অক্টোবৰত ছবিখন মুক্তি পায় আৰু সমালোচকৰ পৰা বেছিভাগেই নেতিবাচক বিশ্লেষণ লাভ কৰে। মুক্তিৰ প্ৰথম দুদিনতে হিন্দী চলচ্চিত্ৰৰ অন্যতম বৃহৎ বক্স অফিচ দুৰ্যোগ হিচাপে তেজছে আত্মপ্ৰকাশ কৰে।