পুলিৎজাৰ বঁটা বিজয়ী
১৮ প্ৰবন্ধ
-
আৰ্নেষ্ট হেমিংৱে
আৰ্নেষ্ট হেমিংৱে (Ernest Hemingway) এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।
-
ঝুম্পা লাহিড়ী
নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।
-
গেৰী স্নাইডাৰ
গেৰী স্নাইডাৰ (Gary Snyder; জন্ম ৮ মে', ১৯৩০) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী। তেওঁ "বিট্ প্ৰজন্ম" আৰু "চান ফ্ৰান্সিছক' নৱজাগৰণ" লগত জড়িত আছিল। তেওঁক Deep ecologyৰ "পয়েট ল'ৰেট" বুলিও অভিহিত কৰা হয়। স্নাইডাৰে কবিতাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল।
-
ৰবাৰ্ট ফ্ৰ'ষ্ট
ৰবাৰ্ট ফ্ৰ'ষ্ট (Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল।
-
কাৰ্ল চাগান
কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল।
-
ছিলভিয়া প্লাথ
ছিলভিয়া প্লাথ (Sylvia Plath;; জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে কনফেচনেল পয়েট্ৰিৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়।
-
টনি মৰিছন
টনি মৰিছন (Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড; ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল।
-
দানিছ চিদ্দিকী
দানিছ চিদ্দিকী (Danish Siddiqui, ১৯ মে' ১৯৮৩ – ১৬ জুলাই ২০২১) তেওঁ ৰহিংগীয়া শৰণাৰ্থী সংকটৰ নথিভুক্ত কৰাৰ বাবে ৰয়টাৰ্ছ দলৰ অংশ হিচাপে ২০১৮ চনত পুলিৎজাৰ বঁটা লাভ কৰিছিল।
-
জাৰেড ডায়মণ্ড
জাৰেড মেছন ডায়মণ্ড (Jared Mason Diamond; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৭) হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী (১৯৯১); পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (১৯৯৭); কলাপ্স (২০০৫), দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে (২০১২), আৰু আপহিভেল (২০১৯) হৈছে…
-
ৰিচাৰ্ড এবাৰহাৰ্ট
ৰিচাৰ্ড ঘোৰ্মলি এবাৰহাৰ্ট (Richard Eberhart; ৫ এপ্ৰিল ১৯০৪ – ৯ জুন ২০০৫) এজন আমেৰিকান কবি আছিল, যিজনে কবিতাৰ এক দৰ্জনতকৈ অধিক কিতাপ আৰু মুঠ ২০ খনতকৈও অধিক ৰচনা প্ৰকাশ কৰিছিল। ৰিচাৰ্ড এবাৰহাৰ্ট ১৯৩০ চনত ৰোমাণ্টিক অনুভূতিৰে এজন আধুনিক কবি ৰূপে খ্যাতি লাভ কৰে।
-
এলিজাবেথ ক'লবাৰ্ট
এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক…
-
দাৰ ইয়াচিন
দাৰ ইয়াচিন (Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।
-
মুখতাৰ খান
মুখতাৰ খান (Mukhtar Khan) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।
-
লুইচ গ্লিক
লুইচ এলিজাবেথ গ্লিক (Louise Elisabeth Glück;; জন্ম: ২২ এপ্ৰিল, ১৯৪৩) এগৰাকী আমেৰিকান কবি আৰু লেখক। ২০২০ চনত তেওঁক "তেওঁৰ নিৰ্ভুল কাব্যিক কণ্ঠস্বৰ যি সাধাৰণ সৌন্দৰ্যৰে ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন ৰূপ দিয়ে" বাবে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।
-
এন এপলবাম
এন এলিজাবেথ এপলবাম (Anne Elizabeth Applebaum),জন্ম: ২৫ জুলাই, ১৯৬৪) এগৰাকী আমেৰিকীয় সাংবাদিক আৰু ইতিহাসবিদ। সাম্যবাদৰ ইতিহাস, মধ্য আৰু পূব ইউৰোপৰ নাগৰিক সমাজৰ বিকাশৰ বিষয়ে তেওঁ লিখা-মেলা কৰিছে। তেওঁৰ পোলেণ্ডৰ নাগৰিকত্বও আছে।
-
গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (গ্ৰন্থ)
গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল: দ্য ফেটছ অৱ হিউমেন ছ'চাইটিজ (উপশিৰোনামা:এ শ্বৰ্ট হিষ্ট্ৰী অৱ এভৰিবডি ফৰ দ্য লাষ্ট ১৩,০০০ ইয়াৰ্ছ) হৈছে ১৯৯৭ চনত আমেৰিকান লেখক জাৰেড ডায়মণ্ডৰ দ্বাৰা লিখিত এখন বহু-বিদ্যায়তনিক অ-কাহিনীমূলক কিতাপ।
-
চানা ঈৰশাদ মাট্টু
চানা ঈৰশাদ মাট্টু (Sanna Irshad Mattoo) এগৰাকী ভাৰতীয় কাশ্মিৰী ফটো-সাংবাদিক। চানাই তেওঁৰ কামৰ অংশ ৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংক্ৰমিত হোৱা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ ফটো তুলিছিল আৰু তেওঁ তোলা ফটোৰ বাবে তেওঁক আন তিনিজন ভাৰতীয় ফটো সাংবাদিক আনন্দ আবিদি, অমিত দেৱ আৰু প্ৰয়াত দানিছ চিদ্দিকীৰ সৈতে…
-
দ্য ছিক্সথ্ এক্সটিংছন : এন আননেচাৰেল হিষ্ট্ৰী (গ্ৰন্থ)
দ্য ছিক্সথ্ এক্সটিংছন: এন আননেচাৰেল হিষ্ট্ৰী (The Sixth Extinction: An Unnatural History) এলিজাবেথ কলবাৰ্টৰ দ্বাৰা লিখিত আৰু হেনৰী হোল্ট এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা ২০১৪ চনৰ এখন অ-কাহিনীমূলক গ্ৰন্থ। গ্ৰন্থখনত যুক্তি দিয়া হৈছে যে পৃথিৱীখন এতিয়া আধুনিক আৰু মানৱসৃষ্ট ষষ্ঠ বিলুপ্তিৰ মাজত আছে।