জৗলৌ: দ্য ছীড ''(Jwlwi: The Seed) হৈছে ২০১৯ চনৰ বড়ো ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক ৰজনী বসুমতাৰী৷ নব্বৈ দশকত অসমত হোৱা বিদ্ৰোহৰ পটভূমিত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। জৗলৌ: দ্য ছীড হৈছে "আপাত দৃষ্টিত অতিক্ৰম কৰিব নোৱাৰা বিপদৰ সন্মুখীন হৈও দৃঢ় অধ্যৱসায়ৰ জৰিয়তে হেৰুৱা আৰু পোৱা আশাৰ কাহিনী।"১২৩
অভিনয়ত
- ৰজনী বসুমতাৰী, আলাৰীৰ চৰিত্ৰত
- ছিমাং চেইনাৰী, এৰাকৰ চৰিত্ৰত
- জয়ন্ত নাৰ্জাৰী, নিজৱমৰ চৰিত্ৰত
- কন্যাকৰ্ণ কিৰাতিচোটিয়াংকুন, বুনশ্ৰীৰ চৰিত্ৰত
- ৰাণী হাজৰিকা, মীৰাৰ চৰিত্ৰত
- জেফ্ৰি দৈমাৰী, জেফ্ৰিৰ চৰিত্ৰত
- পানচি ব্ৰহ্ম, অনুসুমৱীৰ চৰিত্ৰত
- ৰাজ অগ্নিহোত্ৰী, মেজৰ সিঙৰ চৰিত্ৰত
নিৰ্মাণ
জৗলৌ হ'ল মন্না ফিল্মছৰ বেনাৰত ৰজনী বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰ। ইয়াৰ সহ-প্ৰযোজক শিল্পী তথা দানবীৰ জনী বিশ্বনাথ।৪ ৱিচবেৰীৰ জৰিয়তে ক্ৰাউড ফাণ্ডিঙৰ সহায়ত চিনেমাখনৰ শেষৰ অংশৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰা হয়।৫ প্ৰধান ফটোগ্ৰাফী ২০১৮ চনৰ পৰা আৰম্ভ হৈছিল আৰু সম্পূৰ্ণৰূপে ভাৰতৰ অসম আৰু থাইলেণ্ডৰ চিয়াং মাইত শ্বুটিং কৰা হৈছিল।
ছবিখনৰ পোষ্ট প্ৰডাকচন ভাৰতৰ মুম্বাইত হৈছিল। ইয়াৰ পূৰ্বে স্ত্ৰী, ছিক্ৰেট ছুপাৰষ্টাৰ, এয়াৰলিফ্ট, ইংৰাজী ভিংলিছ আৰু পিপলি লাইভৰ দৰে বিখ্যাত বলীউডৰ ছবি সম্পাদনা কৰা হেমন্তী সৰকাৰে ছবিখনৰ সম্পাদনা কৰিছে৷
সংগীত
বেকগ্ৰাউণ্ড স্কোৰ ৰচনা কৰিছিল অবিনাশ বঘেলে। ছবিখনত তিনিটা গীত আছে –
- জেৰাওখি থায়া মানৗ (গীত – ডেলভিছ বসুমতাৰী, সংগীত – ডেলভিছ বসুমতাৰী)
- খাৰচন খাৰচন (গীতৰ কথা – ছত্ৰজিৎ নাৰ্জাৰী, সংগীত – গৗমৗথাও বসুমতাৰী)
- জৗংনি নাংথাপ্নাই (গীতৰ কথা – স্বৰংচা চেংৰা বসুমতাৰী আৰু ডেলভিছ বসুমতাৰী, সংগীত – ডেলভিছ বসুমতাৰী)
স্ক্ৰীনিং
বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৬, চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘‘জৗলৌ’’ প্ৰদৰ্শিত হৈছে।৭ ২০১৯ চনৰ ২৭ মে’ত থাইলেণ্ডৰ চিয়াং মাইত মায়া লাইফষ্টাইল মলৰ এছএফএক্স চিনেমাত ‘‘জৗলৌ’’ ব্যক্তিগতভাৱে প্ৰদৰ্শিত হয় আৰু তাৰ পিছত প্ৰশ্নোত্তৰ অধিবেশন অনুষ্ঠিত হয়।৮ ভাৰতীয় অধ্যয়ন কেন্দ্ৰ চিয়াং মাই বিশ্ববিদ্যালয় (ISCCMU)ৰ সহযোগত ভাৰতৰ কনছুলেট, চিয়াং মাইয়ে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। ইয়াত ভাৰত, চীন, জাৰ্মানী, আয়াৰলেণ্ড, ইটালী, জাপান, ম্যানমাৰ, পৰ্তুগাল আৰু ছুইজাৰলেণ্ডৰ বিভিন্ন কনছুল জেনেৰেল আৰু অনাৰেৰী কনছুল উপস্থিত থাকে। প্ৰদৰ্শনীত মুকলি কৰা হয় ‘‘জৗলৌ’’ ৰ প্ৰথম ট্ৰেইলাৰ আৰু পোষ্টাৰ। থাইলেণ্ডৰ বেংককত বিদেশী সংবাদদাতা ক্লাবত ছবিখনৰ আনুষ্ঠানিক থাই ভাষা প্ৰিমিয়াৰ হৈছিল।
গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালনাৰ বাবে বসুমতাৰীক বিশেষ জুৰী মেনচন লাভ কৰে ‘‘জৗলৌ’’য়ে।৯ লগতে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখনে বিশেষ জুৰী মেনচন লাভ কৰিছিল।১০ চতুৰ্থ শৈলধৰ বৰুৱা সোঁৱৰণী চলচ্চিত্ৰ বঁটা প্ৰদানত ছবিখনে শ্ৰেষ্ঠ পৰ্দা লেখক (বসুমতাৰীৰ বাবে) আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদক (হেমন্তী সৰকাৰৰ বাবে) বঁটাও লাভ কৰে।১১
মুক্তি
বসুমতাৰীৰ চেনেলৰ জৰিয়তে ২০১৯ চনৰ ২৬ মে'ত ইউটিউবত জৗলৌৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল। পিছৰ দুমাহৰ ভিতৰতে ছবিখনৰ দ্বিতীয়টো ট্ৰেইলাৰ আৰু মিউজিক ভিডিঅ’ মুক্তি লাভ কৰে। ২০১৯ চনৰ শেষৰ ফালে ম'বাইল থিয়েটাৰৰ জৰিয়তে অসমৰ গ্ৰাম্য অঞ্চলৰ বডোলেণ্ড টেৰিটৰিয়েল এৰিয়া জিলাৰ (বিটিএডি) গাঁৱত জৗলৌ প্ৰদৰ্শিত হৈছিল।১২
২০১৯ চনৰ ১৫ নৱেম্বৰ তাৰিখে নামনি অসমৰ সীমিত থিয়েটাৰত জৗলৌ মুক্তি পাইছিল।কোকৰাঝাৰৰ গোল্ড চিনেমাত দুসপ্তাহ আৰু বংগাইগাঁৱৰ জলিমেক্স চিনেমাত এটা হাউচফুল সপ্তাহ চলিছিল।১৩
জৗলৌ এতিয়াও অসমৰ বাহিৰৰ পৰ্দাত ব্যৱসায়িকভাৱে মুক্তি লাভ কৰা নাই। এতিয়া ছবিখন ষ্ট্ৰীমিং চাইট Moviesaints-ত ষ্ট্ৰীমিং কৰা হৈছে।
প্ৰশংসা
- বিশেষ জুৰী বঁটাৰ বাবে কলাগুৰু বিষ্ণু ৰাভা বঁটা: অসাধাৰণ অভিনয় (ৰজনী বসুমতাৰী) - অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (২০২৩)১৪
- অসমৰ অন্য ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বাবে ফুনু বৰুৱা বঁটা - অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (২০২৩)১৫
- শ্ৰেষ্ঠ ছবি (অসমীয়াৰ বাহিৰেও) - একাদশ প্ৰাগ চিনে বঁটা (২০২১)
- শ্ৰেষ্ঠ চিত্ৰনাট্য ( ৰজনী বসুমতাৰী ) - চতুৰ্থ *শৈলধৰ বৰুৱা সোঁৱৰণী চলচ্চিত্ৰ বঁটা (২০২০)
- শ্ৰেষ্ঠ সম্পাদক (হেমন্তী সৰকাৰ) - চতুৰ্থ শৈলধৰ বৰুৱা সোঁৱৰণী চলচ্চিত্ৰ বঁটা (২০২০)
- বিশেষ জুৰী উল্লেখ - বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০২০)
- আনুষ্ঠানিক নিৰ্বাচন - চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০২০)
- অফিচিয়েল নিৰ্বাচন - মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ (২০২০)
- আনুষ্ঠানিক নিৰ্বাচন - পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০২০)
- অফিচিয়েল নিৰ্বাচন - তেহৰাণ আন্তৰ্জাতিক চিনে ফেষ্ট (২০২০)
- চৰকাৰী নিৰ্বাচন - কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৯)
- পৰিচালনাৰ বাবে বিশেষ জুৰীৰ উল্লেখ - গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৯)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gaurav Das. (31 May 2019). Actress to screen conflict tale in rural BTAD. Telegraph India
- ↑ (30 September 2019). असम में बोडो लोगों तक फिल्मों की पहुंच नहीं, इसलिए हम इन्हें उन तक पहुंचाते हैं: रजनी बसुमतारी. The Wire Hindi
- ↑ Happy To Tell Stories Depicting Horror Of AFSPA: Assam Filmmaker Rajni Basumatary On Her Film 'Jwlwi - The Seed'. Outlook India
- ↑ (23 June 2019). Happy To Tell Stories Depicting Horror Of AFSPA: Assam Filmmaker Rajni Basumatary On Her Film 'Jwlwi - The Seed'. Outlook India
- ↑ Jwlwi The Seed. Wishberry
- ↑ Jwlwi - The Seed. Bengaluru International Film Festival
- ↑ Jwlwi - The Seed. Pune International Film Festival
- ↑ (27 May 2019). Private Screening of ‘Jwlwi- The Seed’. Chiang Mai City Life
- ↑ (6 November 2019). Curtains down on Guwahati international film festival. Business Standard
- ↑ (5 March 2020). Panghrun wins Best Film, Special Jury Award for Biriyaani at BIFFES 2020. Cinestaan
- ↑ (26 December 2019). Sailadhar Baruah Memorial Film Awards Announced/. Pratidin Time
- ↑ Gaurav Das. (31 May 2019). Actress to screen conflict tale in rural BTAD. Telegraph India
- ↑ (19 November 2019). Bodo Film ‘Jwlwi-The Seed’ gets Huge Response from Viewers. Sentinel Assam
- ↑ 8th Assam State Film Awards announced, Jonaki Porua–Fireflies, Bulbul Can Sing win best film award. NE Now
- ↑ 8th Assam State Film Awards announced, Jonaki Porua–Fireflies, Bulbul Can Sing win best film award. NE Now
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৗলৌ: দ্য ছীড” প্ৰবন্ধৰ সংশোধন ৬৩৭১৮১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।