জাভেদ জামান (ইংৰাজী ভাষা: Javed Zaman; জন্ম: ৮ আগষ্ট ১৯৭৬) হৈছে অসমৰ এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম আৰু ৰেলৱে দলৰ হৈ খেলিছিল। তেওঁ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মাধ্যম-গতিৰ বলাৰ। তেওঁক অসমৰ অন্যতম শ্ৰেষ্ঠ দ্ৰুত বলাৰ হিচাপে গণ্য কৰা হয়।১
ঘৰুৱা কেৰিয়াৰ
জামানে ১৯৯৩/৯৪ বৰ্ষৰ ৰঞ্জী ট্ৰফী ছিজনত অসমৰ হৈ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। জামানে ৪৭খন প্ৰথম শ্ৰেণীৰ খেলত অংশগ্ৰহণ কৰি ৩০.০৭ গড় আৰু ২.৮৩ ইক'নমি ৰে'টত ১২২টা উইকেট দখল কৰিছিল। এটা ইনিংছত তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭/৮৭।
তথ্যসূত্ৰ
- ↑ Javed Zaman. ESPNcricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাভেদ জামান” প্ৰবন্ধৰ সংশোধন ৬২৬১৮৯ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।