চুহেনফা বা চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ পৰিসীমা বাঢ়িছিল আৰু সেইবাবে নগা আৰু কছাৰী ৰাজ্যৰ লগত সংঘাত হৈছিল। নগাসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান সফল হ'লেও কছাৰীসকলৰ লগত তেওঁৰ পৰাজয় হৈছিল। টাইৰুংবান ফৈদৰ এজন আহোমৰ হাতত তেওঁৰ মৃত্যু হয়।
সিংহাৰোহণ
চুহেনফা আহোম ৰজা চুচেনফাৰ পুত্ৰ। ৪৯ বছৰ শাসন কৰি চুচেনফাৰ মৃত্যু হোৱাত ১৪৮৮ চনত চুহেনফা শিঙৰি ঘৰত উঠে।
ৰাজত্বকাল
নগাৰ লগত সংঘাত
চুহেনফাৰ দেউতাক চুচেনফাৰ দিনত পৰাস্ত হোৱা টাংছু নগাসকলে পুনৰ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিলে। তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গাঁওবোৰ আক্ৰমণ কৰি সাধাৰণ ৰাইজক বন্দী কৰি লৈ গৈছিল। ইয়াৰ প্ৰতিকাৰৰ বাবে চুহেনফাই তাওকাংবাংৰেক বুৰগোহাঁইৰ অধীনত এদল সৈন্য পঠিয়াই দিয়ে। টাংছু নগাই তেওঁলোকক পৰাস্ত কৰি বৰগোহাঁইৰ মূৰ কাটি লৈ যায়। চুহেনফাই ততালিকে নতুন সৈন্য এদল তৈয়াৰ কৰি নংৰাং বৰগোহাঁইক নগাৰ বিৰুদ্ধে পঠিয়ায়। তুমুল যুদ্ধৰ অন্তত বৰগোহাঁয়ে নগাসকলক পৰাস্ত কৰে আৰু তেওঁলোকে আহোমৰ অধীন হ'বলৈ মান্তি হয়। বৰগোহাঁয়ে বিজয়ৰ চিন হিচাপে কেইবাজনো নগাক বন্দী কৰি আনি চুহেনফাৰ অনুমতিক্ৰমে তেওঁলোকক আহোম ৰাজ্যৰ বিভিন্ন ঠাইত থাকিবলৈ দিয়ে।১২৩
কছাৰীৰ লগত যুদ্ধ
চুহেনফাই ব্ৰহ্মপুত্ৰ নদৰ নামনিলৈ ৰাজ্য বিস্তাৰ কৰিবলৈ বিচাৰিছিল। সেই সময়ত উজনি অসমৰ ডাঙৰ অংশ অধিকাৰ কৰি থকা কছাৰীসকলে তেওঁলোকৰ অঞ্চল অধিকাৰত বাধা দিয়ে। চুহেনফাই বল প্ৰয়োগ কৰাৰ সিদ্ধান্ত লৈ আহোম বিষয়া চেলাওচেং নেওগক কছাৰী অঞ্চলৰ ভিতৰুৱা টংছুত এটা দুৰ্গ সাজিবলৈ নিৰ্দেশ দিয়ে। কছাৰীসকলৰ পৰা কোনো বাধা নোপোৱাকৈ এই কাম সমাধা হয়। ইয়াত উৎসাহ পাই তেওঁ খুংলুং বুঢ়াগোহাঁইৰ অধীনত এদল সৈন্য কছাৰী ৰাজ্যৰ আৰু ভিতৰলৈ পঠিয়ায়। কছাৰীসকলে এই সৈন্যদলক পৰাস্ত কৰে। আহোম সেনাপতি জিয়েউমুং নেওগ আৰু ১৫০জন সৈন্য ৰণত পৰে। কছাৰীসকলে আহোমসকলক দিখৌ নদীৰ পাৰলৈকে খেদি লৈ যায়। খুংলুং বুঢ়াগোহাঁয়ে দিখৌ নদী সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰে।৪ মন্ত্ৰীসকলৰ লগত আলোচনা কৰি চুহেনফাই কছাৰী ৰজাৰ লগত মিত্ৰতাৰ বাবে মান্তি হয়। তেওঁ কছাৰী ৰজালৈ এগৰাকী ৰাজকুমাৰীৰ লগতে যৌতুক হিচাপে দুটা হাতী আৰু বাৰগৰাকী বান্দী পঠিয়ায়।৫ কোনো কোনো সূত্ৰৰ মতে যুদ্ধৰ ফলাফল অনিৰ্দিষ্ট আছিল আৰু শান্তি স্থাপনৰ পাছত কছাৰীসকলে আহোমক কিছু অঞ্চল এৰি দিছিল।৬৭ .
হত্যা
তাইৰুংবন ফৈদৰ লন্তৰুবন নামৰ এজন লোক ৰজাৰ ভঁৰালৰ পৰা শস্য চুৰ কৰি ধৰা পৰিছিল। সংগীসকলৰ লগতে তেওঁক এই কামৰ বাবে শাস্তি বিহা হয়। লন্তৰুবন আৰু সংগীসকলে ৰজাৰ ওপৰত পোটক তুলিবলৈ মন কৰে। ১৪৯৩ চনত তেওঁলোক ৰজাৰ মহলত মেৰামতিৰ কামত নিয়োগ আছিল। কামলৈ আহোঁতে লন্তৰুবনে বাঁহৰ ভিতৰত এডাল যাঠী লুকুৱাই আনে। কামৰ অগ্ৰগতি চাবলৈ চুহেনফা আহোঁতে লন্তৰুবনে যাঠীৰে হানি তেওঁৰ প্ৰাণ নাশ কৰে।৮(আন সূত্ৰৰ মতে ৰজাক জোঙা বাঁহেৰে হত্যা কৰা হৈছিল। ) কোনো কোনো তথ্যৰ অনুসৰি খুংলুং বুঢ়াগোহাঁয়ে এই কাম কৰোৱাইছিল।৯১০১১ চুহেনফাৰ তিনিজন পুত্ৰ আছিল॥ ইয়াৰ পাছত জ্যেষ্ঠ পুত্ৰ [[চুপিম্ফা] ৰাজপাটত উঠে।
চৰিত্ৰ আৰু ঐতিহ্য
চুহেনফাৰ ৰাজত্বকালত তেওঁ ৰাজ্য বিস্তাৰৰ পূৰ্বৰ নীতিকে অনুসৰণ কৰিছিল। কছাৰীসকলৰ লগত সংঘাতে প্ৰমাণ কৰে যে আহোমসকলে কাষৰীয়া ৰাজ্য সামৰি নিজৰ অঞ্চল বিস্তাৰৰ চেষ্টা চলাইছিল। কছাৰীসকলৰ হাতত তেওঁ পৰাস্ত হ'লেও তেওঁৰ নাতি চুহুন্মুঙে এই সংঘাত অব্যাহত ৰাখি কছাৰী আৰু চুতীয়াসকলক ঘটুৱাই আহোম ৰাজ্য বিস্তাৰ কৰিছিল। প্ৰশাসক হিচাপে তেওঁ কঠোৰ আছিল আৰু দোষীসকলৰ উচিত শাস্তি বিহিছিল।
তথ্যসূত্ৰ
- Barbaruah, Hiteswar. (1981). Ahomar-Din or A History of Assam under the Ahoms. Publication Board of Assam
- Barua, Gunaviram. (2008). Assam Buranji or A History of Assam. Publication Board of Assam
- Gait, E A. (1926). A History of Assam. Thackar, Spink and Co
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুহেনফা” প্ৰবন্ধৰ সংশোধন ৬৩০৮৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।