চীনা সাংস্কৃতিক ঐতিহ্য
১৬ প্ৰবন্ধ
-
লণ্ঠন উৎসৱ
লণ্ঠন উৎসৱ (Lantern Festival, 元宵節) চীনা পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ। চীনা চন্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ ১৫তম দিনা পূৰ্ণিমাৰ সময়ত ইয়াক উদ্যাপন কৰা হয়। সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চৰ আৰম্ভণিতে পৰা এই উৎসৱে পৰম্পৰাগত চীনা নৱবৰ্ষ উদ্যাপনৰ শেষ দিনটো সূচায়।
-
পৰম্পৰাগত চীনা আখৰ
পৰম্পৰাগত চীনা আখৰ চীনা ভাষা লিখিবলৈ ব্যৱহৃত দুটা মান্যীকৃত আখৰসমষ্টিৰ এটা। আনটো হৈছে সৰলীকৃত চীনা আখৰ। বিংশ শতিকাৰ মাজভাগলৈকে পৰম্পৰাগত আখৰ পূব এছিয়াৰ ঐতিহাসিক সাধাৰণ ভাষা লিখিত চীনা ভাষাত প্ৰধানভাৱে ব্যৱহৃত হৈছিল।
-
মধ্য-শৰৎ উৎসৱ
মধ্য-শৰৎ উৎসৱ, চন্দ্ৰ উৎসৱ বা মুনকেক উৎসৱ নামেৰেও পৰিচিত, চীনা সংস্কৃতিত উদযাপিত এটা শস্য চপোৱা উৎসৱ। ই চীনা চান্দ্ৰ-সৌৰ পঞ্জিকাৰ অষ্টম মাহৰ ১৫ তাৰিখে অনুষ্ঠিত হয় আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি ৭ ছেপ্টেম্বৰৰপৰা ৮ অক্টোবৰৰ ভিতৰত যিকোনো তাৰিখত পৰিব পাৰে।
-
আনডিংছি গুহাসমূহ
আনডিংছি গুহাসমূহ (Andingsi Grottoes) ১১৩২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা চীনৰ এক বৌদ্ধ স্থান। এই সৰু গুহাটোৰ দুটা কোঠাৰ দেৱাল আৰু স্তম্ভত শ শ বোধিসত্ত্ব, অৰ্হৎ আৰু বুদ্ধৰ মূৰ্তি খোদিত কৰা হৈছে।
-
এলান কে. এল. চান
এলান কাম-লেউং চান (Alan K. L. Chan) এজন চীনা দাৰ্শনিক আৰু ছিংগাপুৰ মেনেজমেণ্ট ইউনিভাৰ্চিটিৰ ছাত্ৰাৱাসৰ অধীক্ষক। ইয়াৰ পূৰ্বে তেওঁ ছাত্ৰাৱাসৰ অধীক্ষক আৰু চীনা বিশ্ববিদ্যালয়ৰ চীনা সংস্কৃতিৰ অধ্যাপক জে.এছ.
-
কনফুচিয়াছৰ শিষ্য
কনফুচিয়াছৰ শিষ্যসকল (Disciples of Confucius) চীনৰ মহান দাৰ্শনিক কনফুচিয়াছৰ শিক্ষা আৰু আদৰ্শ অনুসৰণ কৰা এদল অনুগামী। কনফুচীয় দৰ্শনৰ সংৰক্ষণ, সংকলন আৰু ইয়াৰ ভূ-ৰাজনৈতিক প্ৰসাৰৰ ক্ষেত্ৰত এই শিষ্যসকলৰ ভূমিকা অপৰিহাৰ্য আছিল।
-
গুলুন কুং ফু
গুলুন কুং ফু (চীনা: 古轮拳法; পিনয়িন: Gǔlún quánfǎ) হৈছে চীনৰ হেনান প্ৰদেশৰ ৱু পৰিয়ালৰ মাজত সংৰক্ষিত শ্বাওলিন কুং ফুৰ এক ঐতিহ্যমণ্ডিত অভ্যন্তৰীণ শৈলী। ইয়াৰ বৈশিষ্ট্য হ'ল উশাহ-নিশাহ আৰু থিয় হৈ কৰা ধ্যানৰ সৈতে সমন্বয় সাধন কৰি অনুশীলন কৰা মন্থৰ, পাক খোৱা গতি, আৰু ই চান অনুশীলনৰ সৈতে একত্ৰিত; ইয়াৰ…
-
চীন সাংস্কৃতিক ঐতিহ্য একাডেমী
চীন সাংস্কৃতিক ঐতিহ্য একাডেমী সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে উৎসৰ্গিত এটা ৰাজহুৱা প্ৰতিষ্ঠান। ই চীন দেশৰ ৰাষ্ট্ৰীয় সাংস্কৃতিক ঐতিহ্য প্ৰশাসনৰ প্ৰত্যক্ষ নেতৃত্বৰ অধীনত কাম কৰে।
-
চীনদেশীয় ইছলামী স্থাপত্য
চীনদেশীয় ইছলামী স্থাপত্য বা চীন-ইছলামী স্থাপত্য, বা চীনদেশৰ ইছলামী স্থাপত্য চীনদেশৰ মূল ভূ-খণ্ড আৰু বহিৰ্ভূত অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণৰ স্থাপত্য পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। এই পৰম্পৰা খ্ৰীষ্টীয় অষ্টম শতিকাৰপৰা বৰ্তমানলৈকে চলি আহিছে।
-
চেনপি
চেনপি, চেন পি বা চিমপি চীনা ৰন্ধনশৈলীৰ পৰম্পৰাগত মচলা আৰু পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা ৰ'দত শুকুৱাই লোৱা মেণ্ডাৰিন কমলাৰ বাকলি। বাকলিবোৰ শুকান অৱস্থাত সংৰক্ষণ কৰি ইয়াক পুৰণি কৰা হয়। ইয়াৰ সোৱাদ প্ৰথমতে অলপ মিঠা, কিন্তু পিছৰ সোৱাদ তীক্ষ্ণ আৰু তিতা। চীনা ভেষজবিদ্যা অনুসৰি ইয়াৰ প্ৰকৃতি উষ্ণ।
-
ঝৌ গুওপিং
ঝৌ গুওপিং (Zhou Guoping; চীনা ভাষাত: 周国平; পিনয়ন: Zhōu Guópíng; জন্ম ২৫ জুলাই, ১৯৪৫) এজন আধুনিক চীনা লেখক, কবি, পণ্ডিত, অনুবাদক, দাৰ্শনিক আৰু চীনা সমাজ বিজ্ঞান একাডেমীৰ দৰ্শন প্ৰতিষ্ঠানৰ গৱেষক।
-
ডা হে ডিং
ডা হে ডিং বা ডা হে ফাংডিং (Da He ding; চীনা: 大禾方鼎; পিনয়ন: Dà Hé fāngdǐng) হৈছে শ্বান বংশৰ শেষৰফালৰ (অনুমাণিক ১৬০০–১০৪৬ খ্ৰীষ্টপূৰ্ব) এক প্ৰাচীন চীনা ব্ৰঞ্জৰ আয়তাকাৰ ঝনঝন বা টুংটাং শব্দ কৰা পাত্ৰ। ১৯৫৯ চনত হুনানৰ নিংছিয়াঙৰ টানহেলিত উদ্ধাৰ হোৱা এই পাত্ৰটি হুনান সংগ্ৰহালয়ত প্ৰদৰ্শিত কৰা হৈছে।
-
নব্য কনফুচিয়াছবাদ
নব্য কনফুচিয়াছবাদ (,, প্ৰায়ে lǐxué 理學 বুলি সংক্ষিপ্ত কৰা হয়, আক্ষৰিক অৰ্থত "নীতিৰ বিদ্যালয়") কনফুচিয়াছবাদৰ এক সাংস্কৃতিক পুনৰুত্থান। ই কনফুচিয়াছবাদক এক নৈতিক, সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিছিল। ১৩শ শতিকাৰপৰা ১৯শ শতিকালৈকে ই চীনা দৰ্শনত প্ৰধান প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
পৰম্পৰাগত চীনা বিবাহ
পৰম্পৰাগত চীনা বিবাহ (Traditional Chinese marriage, ) চীনা সমাজসমূহত অনুষ্ঠিত এক আনুষ্ঠানিক বিবাহ-অনুষ্ঠান। এই বিবাহ-অনুষ্ঠানত কেৱল স্বামী-স্ত্ৰীৰ মিলনেই নহয়, এজন পুৰুষ আৰু এগৰাকী নাৰীৰ দুয়োটা পৰিয়ালৰ মাজতো সম্পৰ্ক স্থাপন হয়।
-
লিয়াও জিয়াওই
লিয়াও জিয়াওই (Liao Xiaoyi; সৰলীকৃত চীনা: 廖晓义; পৰম্পৰাগত চীনা: 廖曉義; পিনয়ন: Liào Xiǎoyì; Wade–Giles: Liao Hsiao-I), বা শ্বেৰী লিয়াও এগৰাকী চীনা পৰিৱেশ কৰ্মী, সাংবাদিক আৰু তথ্যচিত্ৰৰ প্ৰযোজক; যিজনৰ কামক চীনৰ পৰিৱেশ আন্দোলন আগুৱাই নিয়াৰ কৃতিত্ব প্ৰদান কৰা হয়।
-
হাৰ্বিন কনফুচিয়াছ মন্দিৰ
হাৰ্বিন কনফুচিয়াছ মন্দিৰ হৈছে চীনৰ হেইলুংঝাং প্ৰদেশৰ হাৰ্বিন চহৰৰ নানগাং জিলাৰ কনফুচিয়াছ টেম্পল ষ্ট্ৰীটত অৱস্থিত এটা কনফুচিয়াছ মন্দিৰ। এই মন্দিৰটো চিং ৰাজবংশৰ স্থাপত্য শৈলীৰ অনুকৰণত নিৰ্মিত এক ভৱন সমূকূল।