চিন্ময়ী শ্ৰীপদা এগৰাকী ভাৰতীয় নেপথ্য গায়িকা যিয়ে মুখ্যতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বাবে ২৫০০তকৈও অধিক গীত গাইছে। লগতে তেওঁ এগৰাকী কণ্ঠ অভিনেত্ৰী, সুৰকাৰ, টেলিভিছন উপস্থাপক, ৰেডিঅ জ'কি আৰু এগৰাকী উদ্যোগী। তেওঁ অনুবাদ সেৱা প্ৰতিষ্ঠান 'ব্লু এলিফেণ্ট', ভাৰতলৈ কে-বিউটি আমদানি কৰা এক ছালৰ যত্ন প্ৰতিষ্ঠান 'আইল অৱ স্কিন', আৰু চেন্নাই আৰু হায়দৰাবাদত এক মেডি-স্পা 'ডিপ স্কিন ডায়লগ্ছ'ৰ ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। তেওঁক প্ৰায়ে চিন্ময়ী আৰু ইণ্ডাই হাজা (সুৰকাৰ এ. আৰ. ৰহমানে তেওঁৰ এটা গীতৰ বাবে নামকৰণ কৰিছিল) হিচাপে জনা যায়। মণি ৰত্নম দ্বাৰা পৰিচালিত আৰু এ. আৰ. ৰহমানৰ দ্বাৰা সংগীত পৰিচালিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ কান্নাথিল মুথামিত্তালত প্ৰশংসিত গীত "অৰু দেইভাম থান্থা পুৱে" গাই বাবে তেওঁ খ্যাতি লাভ কৰিছিল। পৰিচালক কৃষ্ণৰ চিলুনু অৰু কাধল-ত তেওঁ ডাবিং শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে য'ত তেওঁ ভূমিকা চাওলাৰ বাবে কণ্ঠ দিছিল। ইনষ্টাগ্ৰামৰ #1MinMusic ৰ অংশ হিচাপে লালী নামৰ এটা চুটি গীত গাই তেওঁ সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ বিৰুদ্ধে সৰৱ এগৰাকী সামাজিক কৰ্মী ভাৰতত #MeToo আন্দোলনৰ দ্বিতীয় ঢৌৰ এগৰাকী আগৰণুৱা।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
চিন্ময়ীৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাই। শৈশৱত তেওঁ কোৱা প্ৰথম ভাষাসমূহৰ ভিতৰত মাৰাঠী আছিল অন্যতম। তেওঁ অতি কম বয়সৰ পৰাই মাতৃ পদ্মহাসিনী টি-ৰ পৰা কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা আৰম্ভ কৰে। পাছলৈ তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়। তেওঁ ১০ বছৰ বয়সত ভাৰত চৰকাৰৰ পৰা কৰ্ণাটকী সংগীতৰ যুৱ প্ৰতিভাৰ বাবে চিচিআৰটি বৃত্তি লাভ কৰিছিল।১ তেওঁ ২০০০ চনত গজলৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সোণৰ পদক আৰু ২০০২ চনত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বাবে ৰূপৰ পদক লাভ কৰিছিল। তেওঁ চেন্নাইৰ মেক্স মুলাৰ ভৱনত জাৰ্মান ভাষাৰ শিক্ষা লয় আৰু ৱেব ডিজাইনত এন আই আই টি আৰু এছ এছ আই.-ৰ পৰা প্ৰমাণপত্ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। স্কুলীয়া জীৱনকালত তেওঁ ছিফি আৰু studentconcepts.org ত কাম কৰিছিল।
চিন্ময়ীৰ মাদ্ৰাজ বিশ্ববিদ্যালয় পৰা মনোবিজ্ঞানৰ স্নাতক ডিগ্ৰী আছে। তেওঁ এগৰাকী নৃত্যশিল্পীও আৰু ওডিছি নৃত্যত অধিক ৰাপ আছে। মাতৃভাষা তামিলৰ উপৰিও, তেওঁ তেলেগু, ইংৰাজী, হিন্দী, জাৰ্মান, ফৰাচী আৰু মাৰাঠী ভাষা সাৱলীলভাৱে ক'ব পাৰে, আৰু স্পেনিছ, মালয়ালম, কানাড়া আৰু পঞ্জাবী ভাষাৰো জ্ঞান আছে।২
২০১৪ চনৰ ৫ মে'ত ৰাহুল ৰবিন্দ্ৰমৰ লগত তেওঁৰ বিবাহ হয়।৩
কৰ্মজীৱন
কণ্ঠশিল্পী ৰূপে
নেপথ্য কণ্ঠশিল্পী
তেওঁ ছান টিভিৰ সপ্তসাৱৰঙ্গল সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজয়ী হৈছিল। তাৰ পিছত গায়ক শ্ৰীনিবাসে তেওঁক সংগীত পৰিচালক এ আৰ ৰহমান সৈতে পৰিচিত কৰাইছিল। কন্নাথিল মুথামিত্তাল চলচ্চিত্ৰৰ বাবে ৰহমানৰ "অৰু দেইভাম থান্থা পুৱে"ত চিন্ময়ীৰ প্লেবেক গানৰ কেৰিয়াৰ আৰম্ভ হৈছিল। তামিল, তেলেগু, তুলু আৰু মালয়ালম চলচ্চিত্ৰৰ বাবে কেইবা বছৰ ধৰি গান গোৱাৰ পিছত তেওঁ মঙ্গল পাণ্ডে: দ্য ৰাইজিংৰ "হোলী ৰে" গীতটোৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। প্ৰায় এবছৰৰ পিছত তেওঁ গুৰু ছবিখনত "তেৰে বিনা" আৰু "মায়া" গীত গাই অধিক স্বীকৃতি লাভ কৰে। ২০০৭ চনত "বেদা বেদা" গীতটোৰে কানাড়া চলচ্চিত্ৰতো আত্মপ্ৰকাশ কৰে। তেতিয়াৰ পৰা তেওঁ "সাহানা চাৰল", "ভাৰায়ো ভাৰায়ো", "কিলিমাঞ্জাৰো", "ছাৰা চাৰা", "আস্কু লাস্কা" আৰু "কাথালে কাথালে" ৰ দৰে গীতৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছে। চেন্নাই এক্সপ্ৰেছৰ "তিতলী" আৰু হাসি তো ফাচিৰ "জেহনাচীব" গীতৰ জৰিয়তে বলীউডত দ্বিতীয়বাৰৰ বাবে সুযোগ লাভ কৰে। তাৰ পিছত তেওঁ অৰিজিৎ সিঙৰ সৈতে গোৱা টু ষ্টেট্ছৰ "মস্ত মগন" গীতটোৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। তেওঁ "ছাইৰাত"ৰ দৰে চলচ্চিত্ৰত মাৰাঠী ভাষাতো গাইছে। এতিয়ালৈকে চিন্ময়ীৰ আঠটা ভিন্ন ভাষাত ১০০০তকৈও অধিক গীত গোৱাৰ কৃতিত্ব আছে।৪
অতিৰিক্ত কামসমূহ
চিন্ময়ীয়ে ঘোষণা কৰিছিল যে তেওঁ ২ অক্টোবৰত জয় অৱ গিভিং ৱিক উপলক্ষে আইটিউনছত তামিল, মালয়ালম আৰু তেলেগু ভাষাত এটা একক গীত মুকলি কৰিব আৰু ইয়াৰ পৰা পোৱা উপাৰ্জন 17000 ft.org লৈ যাব যাতে জনহিতকৰ্ম, দানশীলতা আৰু দানৰ ধাৰণাৰ প্ৰচাৰ কৰিব পাৰি।৫
ততেওঁ শেখৰ ৰাৱজিয়ানীৰ সৈতেও সহযোগিতা কৰি তামিল/তেলেগু ভাষাত এটা একক গীত মুকলি কৰে যাৰ লাভসমূহ দাতব্য সংস্থা মা নিকেতনত যাব যিয়ে থানেৰ পৰিত্যক্ত বা যত্নহীন ছোৱালীৰ যত্ন লয়।
কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ সময়ত, তেওঁ "চিঙ ফ'ৰ চেৰিটি "নামৰ এক পদক্ষেপ আৰম্ভ কৰে। ইয়াৰ জৰিয়তে তেওঁৰ অনুৰাগী আৰু দৰ্শকে প্ৰয়োজনীয় পৰিয়ালক (মহামাৰী লকডাউনৰ ফলত চাকৰি হেৰুওৱা লোকসকলক) কিছু পৰিমাণৰ ধন পোনপটীয়াকৈ হস্তান্তৰ কৰি সহায় কৰিব পাৰে, আৰু ইয়াৰ বিনিময়ত তেওঁ তেওঁলোকৰ বাবে ব্যক্তিগতকৃত গানৰ ভিডিঅ' বা শুভেচ্ছাবাণী প্ৰেৰণ কৰিব। ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা পৰ্যন্ত চিন্ময়ীয়ে এই পদক্ষেপৰ জৰিয়তে ৩০০০ তকৈও অধিক গীত ৰেকৰ্ডিং আৰু শ্বেয়াৰ কৰি ১ কোটি টকাৰ ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ডাবিং কেৰিয়াৰ
২০০৬ চনত তামিল ছবি চিলুনু অৰু কাধলত অভিনেত্ৰী ভূমিকা চাওলাৰ বাবে কণ্ঠ নিগৰাই চিন্ময়ীয়ে কণ্ঠ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। এই সুযোগ এ আৰ ৰহমান কাৰ্যালয়ৰ জৰিয়তেই আহিছিল। তেতিয়াৰ পৰা তেওঁ তামান্না ভাটিয়া, সমীৰা ৰেড্ডী, সামান্থা ৰুথ প্ৰভু আৰু তৃষা কৃষ্ণন ধৰি তামিল চলচ্চিত্ৰত কেইবাজনো মুখ্য অভিনেত্ৰীৰ বাবে ডাবিং কৰিছে। তেওঁ তেলেগু ছবি সীতা ৰামনত মৃণাল ঠাকুৰৰ বাবে ডাবিং কৰি প্ৰশংসা লাভ কৰে আৰু ছবিখনেও বৃহৎ সফলতা অৰ্জন কৰে।
টেলিভিছন, ৰেডিঅ' আৰু হোষ্টিং
চিন্ময়ীয়ে ২০০৬ চনৰ এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত সম্প্ৰচাৰিত ষ্টাৰ বিজয় এয়াৰটেল ছুপাৰ চিংগাৰৰ প্ৰথম ছিজন আৰু ২০০৭ চনৰ ফেব্ৰুৱাৰীৰ পৰাই জুলাই মাহলৈকে এয়াৰটেল চুপাৰ চিংগাৰ জুনিয়ৰৰ প্ৰথমটো ছিজনৰ সময়ত টেলিভিছন উপস্থাপক হিচাপে কাম কৰিছিল। তাৰ পাছত তেওঁ চেন্নাইৰ আহা এফ. এম. 91.9-ত আহা কাপি ক্লাব শীৰ্ষক এক ব্ৰেকফাষ্ট শ্ব'ত ৰেডিঅ' জকি হিচাপেও কাম কৰিছিল। পিছত তেওঁ ষ্টাৰ প্লাছৰ ছোটে উস্তাদ আৰু ছান টিভিৰ সংগীত মহায়ুদ্ধম প্ৰথম ছিজনৰ হ'ষ্টিং কৰে।
সক্ৰিয়তা
চিন্ময়ীয়ে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে ভাৰতীয় সংগীত উদ্যোগত যৌন হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে যাক ভাৰতৰ মিটু আন্দোলন হিচাপে গণ্য কৰা হয়। তেওঁ বৈৰামুথুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৬ আৰু অ' এছ ত্যাগাৰাজন, ৰঘু দীক্ষিত, কাৰ্তিক আৰু আন কেইবাজনো কৰ্ণাটকী গায়কৰ বিৰুদ্ধে আনসকলে কৰা দাবীৰ ওপৰত আলোকপাত কৰিছিল। মি টু আন্দোলনৰ পিছত বাৰ্ষিক ডাবিং ইউনিয়ন মাচুল পৰিশোধ নকৰাৰ বাবে ইউনিয়নৰ নেতা ৰাধা ৰবিয়ে তেওঁক তামিল ফিল্ম ডাবিং ইউনিয়নৰ পৰা বৰ্খাস্ত কৰে। তেওঁ সাক্ষাৎকাৰত উল্লেখ কৰিছে যে মি টু আন্দোলনৰ পিছত তামিল চলচ্চিত্ৰত তেওঁৰ গান গোৱাৰ সুযোগ কমি আহিছে তামিল চলচ্চিত্ৰ উদ্যোগৰ দ্বাৰা তেওঁক প্ৰায় নিষিদ্ধ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ (13 January 2006). Entertainment Chennai / Personality: Young and talented. দ্য হিন্দু
- ↑ Chinmayi's education. Chinmayionline.com
- ↑ Rahul Ravindran and Chinmayi Sripada are Married!. Masala.com
- ↑ Rajendra, Ranjani. (17 October 2013). Singing is my first love. The Hindu.
- ↑ Chinmayi to release single. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 'Liar,' Tweets Chinmayi Sripada To Vairamuthu's Defence Against #MeToo Claims. NDTV.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্ময়ী শ্ৰীপদা” প্ৰবন্ধৰ সংশোধন ৪১৬১০২ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।