হিন্দী ঔপন্যাসিক
৭ প্ৰবন্ধ
-
প্ৰেমচন্দ
প্ৰেমচন্দ (হিন্দী-प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো…
-
হৰিশংকৰ পৰসাঈ
হৰিশংকৰ পৰসাঈ (২২ আগষ্ট, ১৯২৪ - ১০ আগষ্ট, ১৯৯৫) আছিল হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ। তেওঁৰ জন্ম মধ্যপ্ৰদেশৰ হোশাংগাবাদৰ অন্তৰ্গত জমানী নামে ঠাইত হৈছিল।
-
চিত্ৰা মুদগল
চিত্ৰা মোদগল (Chitra Mudgal জন্ম: ১০ ডিচেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেওঁৰ উপন্যাস 'আৱান'ৰ বাবে ব্যাস সন্মান লাভ কৰিছিল আৰু এই সন্মান লাভ কৰা তে প্ৰথম ভাৰতীয় মহিলা।
-
ভগৱতী চৰণ বৰ্মা
ভগৱতী চৰণ বৰ্মা (Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
-
নিৰ্মল বাৰ্মা
নিৰ্মল বাৰ্মা (জন্ম,৩ এপ্ৰিল ১৯২৯ –মৃত্যু, ২৫ অক্টোবৰ ২০০৫) এজন হিন্দী লেখক, ঔপন্যাসিক, কৰ্মী, অনুবাদক। তেখেতক হিন্দী সাহিত্যৰ 'নয়ী কাহানি' সাহিত্য আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ প্ৰথম গল্প সংকলন 'পৰিন্দে'ক ইয়াৰ প্ৰথম উদাহৰণ হিচাপে গণ্য কৰা হয়।
-
নিৰ্মলা (উপন্যাস)
নিৰ্মলা'(হিন্দী: निर्मला) হিন্দী ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ দ্বাৰা ৰচিত এখন হিন্দী উপন্যাস। এই আৱেগিক উপন্যাসখনৰ মূল চৰিত্ৰ নিৰ্মলা নামৰ কিশোৰীজনীক বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে পত্নীৰ মৃত্যু হোৱা তথা পিতৃৰ বয়সৰ এজন ব্যক্তিৰ লগত।
-
ফণীশ্বৰনাথ ৰেণু
ফণীশ্বৰনাথ মণ্ডল ‘ৰেণু’ (৪ মাৰ্চ ১৯২১ – ১১ এপ্ৰিল ১৯৭৭) আধুনিক হিন্দী সাহিত্যৰ অতি সফল আৰু প্ৰভাৱশালী সাহিত্যিকসকলৰ অন্যতম, প্ৰেমচন্দ–উত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক। তেওঁৰ ৰচিত মৈলা আঁচলক, প্ৰেমচন্দৰ গোদানৰ পিছত, হিন্দী সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ উপন্যাস হিচাপে গণ্য কৰা হয়।