ভাৰতৰ সংবিধান সভাৰ সদস্য
৭ প্ৰবন্ধ
-
জৱাহৰলাল নেহৰু
জৱাহৰলাল নেহৰু (Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে।
-
ভীমৰাও ৰামজী আম্বেদকাৰ
ড° ভীমৰাও ৰামজী আম্বেদকাৰ (भीमराव रामजी आम्बेडकर,; ১৪ এপ্ৰিল ১৮৯১ – ৬ ডিচেম্বৰ ১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল।
-
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (Chakravarti Rajagopalachari; জন্ম:১৮৭৯ – মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল।
-
আবুল কালাম আজাদ
মৌলানা আবুল কালাম আজাদ (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ;; Abul Kalam Muhiyuddin Ahmed Azad; ) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত।
-
জয়ভদ্ৰ হাগ্জেৰ
জয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল। তেওঁ অসম বিধান সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়।
-
ৰোহিনী কুমাৰ চৌধুৰী
ৰোহিনী কুমাৰ চৌধুৰী (Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।
-
জেমছ জয় মোহন নিকোল্ছ ৰায়
জেমছ জয় মোহন নিকোল্ছ ৰায় ( James Joy Mohan Nichols Roy; ১২ জুন ১৮৮৪ – ১ নৱেম্বৰ ১৯৫৯) অবিভক্ত অসমৰ (বৰ্তমানৰ মেঘালয়ৰ) এজন খ্ৰীষ্টান মন্ত্ৰী আৰু ৰাজনীতিক আছিল। স্বাধীনতাৰ পূৰ্বেই তেওঁ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসমূহৰ স্বায়ত্তশাসনৰ বাবে আন্দোলন কৰিছিল।