জুবিন গাৰ্গ
১০ প্ৰবন্ধ
-
জুবিন গাৰ্গ
জুবিন গাৰ্গ (১৯৭২–২০২৫) আধুনিক অসমীয়া সংগীতৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। বহুভাষিক কণ্ঠদান, বহুবাদ্যযন্ত্ৰৰ দখল আৰু চলচ্চিত্ৰ-সংগীতত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিসৰত বিশেষ স্থান লাভ কৰে।
-
গৰিমা শইকীয়া গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ (ইংৰাজী: Garima Saikia Garg) হৈছে এগৰাকী প্ৰসিদ্ধ অসমীয়া কষ্টিউম ডিজাইনাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক তথা অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ পত্নী।
-
হাচটেগ জাষ্টিচ ফ'ৰ জুবিন গাৰ্গ
JusticeForZubeenGarg হৈছে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত আৰম্ভ হোৱা এক অনলাইন সামাজিক আন্দোলন। এই হাচটেগে অসমীয়া সমাজত আৰু অনলাইন মাধ্যমত ন্যায়ৰ বাবে গণপ্ৰচাৰ তথা চৰকাৰী তদন্তৰ দাবী ৰাইজৰ মাজত জাগ্ৰত কৰিছে।
-
জুবিন (শব্দ)
জুবিন (Zubin, زوبین) হৈছে ফাৰ্চী পুৰুষসকলৰ এটি প্ৰদত্ত নাম। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "আকাশ স্পৰ্শ কৰা বস্তু" আৰু সাধাৰণতে ফাৰ্চী ভাষাত এই শব্দটোৰে একপ্ৰকাৰৰ চুটি যাঠী (Spear)কো বুজোৱা হয়।
-
জুবিন ক্ষেত্ৰ
জুবিন ক্ষেত্ৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কামাৰকুছিত অৱস্থিত গায়ক, সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণাধীন এটা স্মাৰক আৰু সাংস্কৃতিক ক্ষেত্ৰ।
-
জুবিন গাৰ্গে ৰেকৰ্ডিং কৰা গীতৰ তালিকা
জুবিন গাৰ্গ (১৯৭২–২০২৫) এগৰাকী ভাৰতীয় গায়ক-গীতিকাৰ; যি মূলতঃ অসমীয়া, বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু সংগীতৰ লগত জড়িত আছিল। ৩৩বছৰীয়া কেৰিয়াৰত তেওঁ অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী (কমতাপুৰী/গোৱালপাৰীয়া), চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, পাতিৰাভা, ডিমাচা, টাই-আহোম,…
-
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut; অনুবাদ In the bosom of the magical night) হৈছে জুবিন গাৰ্গৰ সুৰ আৰু ৰচনা আৰু তেওঁৰদ্বাৰা পৰিৱেশিত এটা জনপ্ৰিয় অসমীয়া ৰোমাণ্টিক গীত। ২০০১ চনত মুনীন বৰুৱাৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি দাগত এই ট্ৰেকটো প্ৰদৰ্শিত হৈছিল।
-
অছবেকিয়া জুবিনগাৰ্গিয়ানা
অছবেকিয়া জুবিনগাৰ্গিয়ানা হৈছে ভাৰতৰ অসম ৰাজ্যৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰত আৱিষ্কাৰ হোৱা মেলাষ্টোমেটেচিয়া পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ।
-
ইউথেলিয়া জুবিনগাৰ্গী
ইউথেলিয়া জুবিনগাৰ্গী (Euthalia zubeengargi), যাক সাধাৰণতে বাচাৰ ডিউক (Basar duke) বুলি জনা যায়, হৈছে Nymphalidae পৰিয়ালৰ আৰু Limenitidinae উপ-পৰিয়ালৰ অন্তৰ্গত এক প্ৰজাতিৰ পখিলা। অৰুণাচল প্ৰদেশৰ পূব হিমালয় অঞ্চলত ৰোচন উপাধ্যায় আৰু কালেশ সদাশিৱনে এই নতুন প্ৰজাতিটো আৱিষ্কাৰ কৰিছিল।
-
জনহিতৈষী পুথিভঁৰাল
জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।