পাৰ (Paar (film)) ১৯৮৪ চনৰ গৌতম ঘোষ পৰিচালিত এখন হিন্দী ভাষাৰ ভাৰতীয় চিনেমা। ছবিখনত অভিনয় কৰিছে শাবানা আজমী, নাছিৰুদ্দিন শ্বাহ আৰু ওম পুৰীয়ে। নাছিৰুদ্দিন শ্বাহে নৌৰংগীয়াৰ চৰিত্ৰত অভিনয় কৰি ভলপি কাপ লাভ কৰে। সমৰেশ বসুৱে লিখা বাংলা গল্প পাড়ীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।১২
পটভূমি
বিহাৰৰ গ্ৰাম্য অঞ্চলত চলা শোষণৰ ছবি চিনেমাখনত প্ৰতিফলিত হৈছে, য’ত এজন জমিদাৰ (উৎপল দত্ত)ৰ লোকে এখন গাঁও ধ্বংস কৰি গাঁওখনৰ এক প্ৰগতিশীল শক্তি হিচাপে পৰিগণিত হোৱা উপকাৰী স্কুল মাষ্টৰ (অনিল চেটাৰ্জী)ক হত্যা কৰে। শ্ৰমিক নৌৰাংগিয়া (নাছিৰুদ্দিন শ্বাহ)ই নিষ্ক্ৰিয় প্ৰতিৰোধৰ পৰম্পৰা ভংগ কৰি জমিদাৰৰ ভাতৃক হত্যা কৰি প্ৰতিশোধ লয়। নৌৰংগিয়া আৰু তেওঁৰ পত্নী ৰমা (শাবানা আজমী) ন্যায়ৰ স্বাৰ্থত পলাতক হয়। আন ঠাইত জীৱিকা বিচাৰিবলৈ বহু চেষ্টা কৰাৰ অন্তত দুয়োজনে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। ভাড়াৰ টকাৰ বাবে, তেওঁলোকে গাহৰিৰ জাকটোক নদীৰ সিপাৰে নিবলৈ সন্মত হয়, যাৰ ফলত গৰ্ভৱতী ৰমাই নিজৰ সন্তান হেৰুৱাইছে বুলি বিশ্বাস কৰে। কিন্তু তেওঁলোকে দ্ৰুতগতিত বৈ যোৱা বহল নদী এখন সাঁতুৰি পাৰ হ’বলগীয়া হয়, য’ত তেওেঁলাক নিৰাপদ স্থান পোৱাৰ আগতেই প্ৰায় ডুব যায়। ছবিখনৰ শেষত, নৌৰাংগিয়াই তাইৰ পেটৰ ওচৰত কাণখন থৈ গৰ্ভত থকা শিশুটিৰ হৃদস্পন্দন শুনি থাকে।
পাত্ৰ-পাত্ৰী
- নাছিৰুদ্দিন শ্বাহ ... নৌৰাংগিয়া
- শাবানা আজমী ... ৰাম
- ওম পুৰী ... ৰাম নৰেশ (গাঁও প্ৰধান)
- উৎপল দত্ত (অভিনেতা) ... ঘৰৰ মালিক
- অনিল চেটাৰ্জী ... স্কুলমাষ্টাৰ
- মোহন আগশে ... হৰি, ঘৰৰ মালিকৰ ভায়েক
- কামু মুখাৰ্জী ... মৰাপাট মিলৰ চৰ্দাৰ
- ৰুমা গুহ ঠাকুৰতা ... স্কুল মাষ্টৰৰ পত্নী
- উষা গাংগুলী ... মৰাপাট মিলৰ শ্ৰমিকৰ পত্নী
- ৰূপা গাংগুলী (তেওঁ অশোক কুমাৰৰ কন্যা, বিখ্যাত ভাৰতীয় অভিনেত্ৰী ৰূপা গাংগুলী নহয়।)৩
- কল্যাণ চেটাৰ্জী
- সুনীল মুখাৰ্জী ... কলকাতা ফুটপাথৰ বাসিন্দা
- বিমল দেব ... গাহৰিৰ এজেন্ট
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | শ্ৰেণী | মনোনীত ব্যক্তি(সকল) | ফলাফল | প্ৰসঙ্গ |
|---|---|---|---|---|---|
| ১৯৮৪ | ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | গ'ল্ডেন লায়ন | গৌতম ঘোষ | ৪ | |
| ইউনেস্কো বঁটা | |||||
| শ্ৰেষ্ঠ অভিনেতাৰ ভলপি কাপ | নাছিৰুদ্দিন শ্বাহ। | ||||
| ১৯৮৫ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি | গৌতম ঘোষ আৰু স্বপন সৰকাৰ | ৫ | |
| শ্ৰেষ্ঠ অভিনেতা | নাছিৰুদ্দিন শ্বাহ। | ||||
| শ্ৰেষ্ঠ অভিনেত্ৰী | শাবানা আজমী | ||||
| ১৯৮৬ | বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এচোছিয়েচন (BFJA) বঁটা | শ্ৰেষ্ঠ অভিনেতা | নাছিৰুদ্দিন শ্বাহ। | ||
| শ্ৰেষ্ঠ অভিনেত্ৰী | শাবানা আজমী | ||||
| ১৯৮৬ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ চিত্ৰনাট্য | গৌতম ঘোষ আৰু পাৰ্থ বেনাৰ্জী |
তথ্যসূত্ৰ
- ↑ Bubla Basu. (4 Aug 2017). Book versus movie: Swimming pigs and a perfectly adapted short story in Goutam Ghose's 'Paar'. Scroll.in
- ↑ Gulazar; Govind Nihalani; Saibal Chatterjee. (2003). Encyclopaedia Of Hindi Cinema. Popular Prakashan. পৃ. 357. ISBN 978-81-7991-066-5
- ↑ (2014-12-02). Bollywood actor Deven Verma passes away. The Economic Times
- ↑ VENICE FILM FESTIVAL – 1984
- ↑ 32nd National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭০৭৪১ (২১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।