অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গেম অফ থ্ৰোনছ

গেম অফ থ্ৰোনছ (Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন।

হালনাগাদ: ২ মে’ ২০২৬ ২,৫০৮ শব্দ · ১৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গেম অফ থ্ৰোনছ (Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন। মাৰ্টিনৰ শৃংখলাটোৰ প্ৰথমখন গ্ৰন্থ হৈছে এ গেম অফ থ্ৰোনছ। গেম অফ থ্ৰোনছৰ দৃশ্যগ্ৰহণ যুক্তৰাজ্য, কানাডা, ক্ৰোৱেছিয়া, আইচলেণ্ড, মালটা, মৰক্কো আৰু স্পেইনত সম্পন্ন কৰা হৈছিল। ২০১১ চনৰ ১৭ এপ্ৰিল তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইচবিঅ'ত প্ৰিমিয়াৰ হোৱা শৃংখলাটো ২০১৯ চনৰ ১৯ মে' তাৰিখে সমাপ্ত হয়। আঠটা ছিজনৰ শৃংখলাটোত মুঠ ৭৩টা খণ্ড সম্প্ৰচাৰিত হয়।

ৱেষ্টেৰোচ আৰু এছ'ছ নামৰ কাল্পনিক মহাদেশৰ পটভূমিত ৰচিত আৰু নিৰ্মিত গেম অফ থ্ৰোনছত কলাকুশলীৰ এক বৃহৎ গোট আছিল। গোটেই কালছোৱাত শৃংখলাটোৱে সমান্তৰালভাৱে কাহিনীৰ কেইবাটাও মোৰক আগবঢ়াই লৈ যায়। প্ৰথম আৰু মুখ্য কাহিনীটো ৱেষ্টেৰোচৰ সাতখন ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসনক কেন্দ্ৰ কৰি সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত ৰাজনৈতিক সংঘাতৰ বিষয়ে দেখুওৱা হৈছে। ক্ষমতাত অধিষ্ঠিত ৰাজপৰিয়ালৰ সাৰ্বভৌমতা অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালসমূহৰ মাজত সিংহাসনৰ প্ৰতিদ্বন্দ্বিতাকে ইয়াত মূলতঃ উপস্থাপন কৰা হৈছে। কাহিনীৰ দ্বিতীয়টো মোৰত ৰাজ্যৰ ক্ষমতাচ্যুত ৰাজবংশৰ অন্তিম বংশধৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁক এছ'ছলৈ নিৰ্বাসিত কৰা হৈছে যদিও তেওঁ পুনৰ সিংহাসন পুনৰুদ্ধাৰ কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তৃতীয়টো ভাগত ৱেষ্টেৰোচৰ উত্তৰ সীমান্তৰ বহিৰাগত ভাবুকিৰ বিৰুদ্ধে ৰাজ্যখনক ৰক্ষা কৰা এক সামৰিক বাহিনী নাইটচ ৱাটচৰ কথা উপস্থাপন কৰা হৈছে।

গেম অফ থ্ৰোনছে এইচবিঅ'ত এক অভিলেখসংখ্যক দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শৃংখলাটোৰ এক বৃহৎ পৰিসৰৰ, সক্ৰিয় আৰু আন্তৰ্জাতিক অনুৰাগী আছে। সমালোচকসকলে শৃংখলাটোৰ অভিনয়, জটিল চৰিত্ৰ, কাহিনী, পৰিসৰ আৰু প্ৰযোজনা বাবে প্ৰশংসা কৰিছে যদিও ইয়াত সঘনাই নগ্নতা আৰু হিংসাৰ (যৌনতা সম্পৰ্কীয়) ব্যৱহাৰ কৰাৰ বাবে শৃংখলাটো সমালোচনাৰ সন্মুখীন হৈছে। অন্তিম ছিজনটোৱে ইয়াৰ হ্ৰাস পোৱা দৈৰ্ঘ্য আৰু সৃজনশীল সিদ্ধান্তৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া লাভ কৰিছিল। বহুতে ইয়াক এক হতাশাজনক সিদ্ধান্ত বুলি বিবেচনা কৰিছিল। শৃংখলাটোৱে ৫৯টা প্ৰাইমটাইম এমি বঁটা লাভ কৰিছিল। ২০১৫, ২০১৬, ২০১৮ আৰু ২০১৯ চনত আউটষ্টেণ্ডিং ড্ৰামা ছিৰিজৰ বঁ‌টাসহ এই সংখ্যাটো এখন ড্ৰামা শৃংখলাৰ দ্বাৰা সৰ্বাধিক। শৃংখলাটোৱে লাভ কৰা অন্যান্য বঁটা আৰু মনোনয়নসমূহৰৰ ভিতৰত আছে শ্ৰেষ্ঠ নাটকীয় উপস্থাপনৰ (বেষ্ট ড্ৰামাটিক প্ৰেজেণ্টেচন) বাবে তিনিটা হিউগ' বঁটা, এটা পিবডী বঁটা, আৰু শ্ৰেষ্ঠ টেলিভিছন শৃংখলা - ড্ৰামাৰ বাবে গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে পাঁচটা মনোনয়ন। বহুতো সমালোচক আৰু প্ৰকাশনে শৃংখলাটোক সৰ্বকালৰ শ্ৰেষ্ঠ টেলিভিছন শৃংখলা হিচাপে অভিহিত কৰিছে।

পটভূমি

গেম অফ থ্ৰোনছ মূলতঃ জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এ ছং অফ আইচ এণ্ড ফায়াৰ উপন্যাস শৃংখলাৰ কাহিনীৰ ওপৰত আধাৰিত। এই কাহিনীটোৰ পটভূমি কাল্পনিক ৱেষ্টেৰোচৰ সপ্ত ৰাজ্য (চেভেন কিংডমছ অফ ৱেষ্টেৰোচ) আৰু এছ'ছ মহাদেশ। ১২ শৃংখলাটোৱে একেলগে কেইবাটাও কাহিনীৰ মোৰক (প্লট লাইন) গতি প্ৰদান কৰে। ৩ প্ৰথম কাহিনীৰ মোৰটো সাত ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসন অধিকাৰৰ বাবে প্ৰতিযোগী দাবীদাৰসকলৰ মাজত যুদ্ধৰ পিছত আৰম্ভ হয়। আনহাতে অন্য সম্ভ্ৰান্ত পৰিয়ালবোৰে সাম্ৰাজ্যৰ পৰা নিজৰ স্বাধীনতাৰ বাবে যুঁজ দিয়ে। দ্বিতীয় কাহিনীটোত সাম্ৰাজ্যখনৰ ৰাজপৰিয়ালৰ নিৰ্বাসিত বংশধৰৰ সিংহাসন পুনৰুদ্ধাৰৰ কাৰ্য্যৰ বিষয়ে দেখুওৱা হয়। তৃতীয় মোৰটোত আসন্ন শীতকালৰ ভাবুকিৰ লগতে উত্তৰ দিশৰ কিংবদন্তি প্ৰাণী আৰু বৰ্বৰ লোকসকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৪ ডেভিদ বেনিঅ'ফে ধেমেলীয়াকৈ যাদুবিদ্যা আৰু ড্ৰেগনৰ কাল্পনিক পৰিৱেশত ইয়াৰ ষড়যন্ত্ৰপূৰ্ণ পটভূমি আৰু অন্ধকাৰ বিষয়বস্তুৰ বিষয়ে উল্লেখ কৰি গেম অফ থ্ৰোনছৰ টেগলাইন হিচাপে "দ্য ছোপ্ৰানোচ ইন মিডল-আৰ্থ" ৰাখিবলৈ পৰামৰ্শ দিয়ে। ৫ দ্য ছোপ্ৰানোচ এখন আমেৰিকান অপৰাধ কাহিনী শৃংখলা আৰু মিডল-আৰ্থ হৈছে জে. আৰ. আৰ. টলকিনে ৰচনা কৰা এক ফেণ্টাছী উপন্যাস শৃংখলাৰ এক কাল্পনিক স্থান।

চৰিত্ৰ আৰু অভিনয় শিল্পী

গেম অফ থ্ৰোনছৰ কলাকুশলীৰ দলটো দূৰদৰ্শনত আটাইতকৈ বৃহৎ বুলি অনুমান কৰা হৈছে।৬ ২০১৪ চনত সপ্তম ছিজনৰ বিকল্প হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেইবাজনো অভিনেতাৰ চুক্তি পুনৰ বিবেচিত হৈছিল। ৭ অন্তিম ছিজনলৈ পাঁচজন মুখ্য কলাকুশলীয়ে প্ৰতিটো খণ্ডত ১ নিযুত ডলাৰ উপাৰ্জন কৰে আৰু ইয়াৰ ফলত তেওঁলোক সৰ্বাধিক উপাৰ্জন কৰা দূৰদৰ্শন শিল্পীসকলৰ অন্যতম হিচাপে পৰিগণিত হয়। ৮৯

এডাৰ্ড "নেড" ষ্টাৰ্ক (ছিন বীন) হাউচ ষ্টাৰ্ক বা ষ্টাৰ্ক পৰিয়ালৰ মুৰব্বী। তেওঁ আৰু তেওঁৰ পত্নী কেটলিনৰ (মিচেল ফেয়াৰলী) পাঁচটা সন্তান আছে: ৰব্ (ৰিচাৰ্ড মেডেন), ছানছা (ছফি টাৰ্ণাৰ), আৰ্য়া (মেইচি উইলিয়ামছ), ব্ৰেন (আইজাক হেম্পষ্টেড-ৰাইট), আৰু ৰিকন (আৰ্ট পাৰ্কিনচন)। নেডৰ এজন স্নো (কিট হেৰিংটন) নামৰ এক অবৈধ পুত্ৰও আছে। জনে তেওঁৰ বন্ধু চেমৱেল টাৰ্লিৰ (জন ব্ৰেডলী) সৈতে লৰ্ড কমাণ্ডাৰ জিঅ'ৰ মৰমণ্টৰ (জেমছ কছমো) অধীনত নাইটচ ৱাটছত সেৱা আগবঢ়ায়। দেৱালৰ উত্তৰে বাস কৰা ৱাইল্ডলিং বা বৰ্বৰসকলৰ ভিতৰত আছে গিলি (হান্না মুৰে), আৰু যোদ্ধা টৰমাণ্ড জায়েণ্টচবেন (ক্ৰিষ্টোফাৰ হিভজু) আৰু য়িগ্ৰিট (ৰোজ লেছলি)। ১০

ষ্টাৰ্ক পৰিয়ালৰ সৈতে সম্পৰ্কিত আন সকলৰ ভিতৰত আছে নেডৰ আলধৰা থিয়ন গ্ৰেজয় (এলফি এলেন), নেডৰ বহতীয়া ৰোজ বোল্টন (মাইকেল মেকএলহাটন), আৰু ৰোজৰ অবৈধ পুত্ৰ ৰেমজি (ইৱান ৰিয়ন)। ৰবে শুশ্ৰূষাকাৰিণী টালিছা মেগিয়াৰ (ওনা চেপলিন) পৰা সহায় গ্ৰহণ কৰে। আনহাতে আৰ্য়াই কমাৰ এজনৰ সহযোগী গেন্দ্ৰি ৰিভাৰ্ছ (জো ডেম্পচি) আৰু হত্যাকাৰী জাকেন হেগাৰৰ (টম ৱালাচিহা) সৈতে বন্ধুত্ব স্থাপন কৰে। টাৰ্থৰ নাৰী যোদ্ধা ব্ৰিয়েনে (গোৱেণ্ডোলিন ক্ৰিষ্টি) ষ্টাৰ্কসকলৰ সেৱাৰ বাবে উপস্থিত হয়। ১১

ৰাজধানী কিংছ লেণ্ডিংত নেডৰ পুৰণি বন্ধু ৰজা ৰবাৰ্ট ১ম বাৰাথিয়নে (মাৰ্ক এডি)য চাৰ্ছি লেনিষ্টাৰৰ (লিনা হেডী) সৈতে এক প্ৰেমহীন ৰাজনৈতিক বিবাহ সম্পন্ন কৰে। চাৰ্ছিৰ যমজ ভায়েক ছাৰ জেমি (নিকোলাজ কষ্টাৰ-ৱাল্ডাউ) কিংছগাৰ্ড অৰ্থাৎ ৰাজকীয় দেহৰক্ষী বাহিনীত সেৱা আগবঢ়ায়। তৃতীয় আৰু কনিষ্ঠ লেনিষ্টাৰ হৈছে বাওনা টিৰিয়ন (পিটাৰ ডিংকলেজ), যাক তেওঁৰ উপপত্নী শ্বেয়ে (চিবিল কেকিলি) আৰু টকা দি পুহি ৰখা যোদ্ধা ব্ৰনে (জেৰোম ফ্লিন) সংগ দিয়ে। চাৰ্ছিৰ দেউতাক হৈছে টাইৱিন (চাৰ্লচ ডান্স)। তেওঁ হাউচ লেনিষ্টাৰ বা লেনিষ্টাৰ পৰিয়ালৰ মুৰব্বী আৰু ৱেষ্টেৰোছৰ আটাইতকৈ চহকী ব্যক্তি।

চাৰ্ছিৰ তিনিটা সন্তানৰ ভিতৰত দুই পুত্ৰ জফ্ৰি (জেক গ্লিচন) আৰু টমেন (ডিন-চাৰ্লচ চেপমেন)। জফ্ৰীক যোদ্ধা চেণ্ডৰ "দ্য হাউণ্ড" ক্লিগেনে (ৰোৰী মেককেন) সুৰক্ষা দিয়ে।১২

ৰজাৰ পৰামৰ্শদাতাৰ ক্ষুদ্ৰ পৰিষদত আছে চতুৰ মাষ্টাৰ অফ কইন বা বিত্তমন্ত্ৰী লৰ্ড পিটাৰ "লিটলফিংগাৰ" বেইলিছ (আইডান গিলেন), আৰু নপুংসক, গুপ্তচৰসকলৰ গৰাকী লৰ্ড ভেৰিছ (কনলেথ হিল)। ড্ৰেগনষ্টোনত ৰবাৰ্টৰ সৰু ভায়েক ষ্টানিছৰ উপদেষ্টা হৈছে (ষ্টিফেন ডিলেন) বিদেশী পুৰোহিত মেলিচান্দ্ৰে (কেৰিচ ভান হাউটেন) আৰু প্ৰাক্তন চোৰাং ব্যৱসায়ী ছাৰ ডাভোছ ছিৱৰ্থ (লিয়াম কানিংহাম)। ৰিচ্চত টাইৰেল পৰিয়ালটোৰ নেতৃত্ব দিয়ে ওলেন্না (ডায়েনা ৰিগ)। তেওঁৰ নাতিনী হৈছে মাৰ্জাৰী (নাটালি ডৰ্মাৰ)। হাই স্পেৰো হৈছে যথেষ্ট ক্ষমতাৰ অধিকাৰী (জনাথন প্ৰাইচ) এজন ধৰ্মীয় নেতা। ইফালে দক্ষিণৰ ডৰ্নত যোদ্ধা এলাৰিয়া চেণ্ডে (ইন্দিৰা বৰ্মা) লেনিষ্টাৰসকলৰ বিৰুদ্ধে প্ৰতিশোধপৰায়ণ হৈ উঠে। ১০

নেৰো সাগৰৰ পাৰৰ পেণ্টোছত, ভাই-ভনী ভিচেৰিছ টাৰ্গেৰিয়ান (হেৰী লয়ড) আৰু ডেনেৰিছ টাৰ্গেৰিয়ানে (এমিলিয়া ক্লাৰ্ক) (ডেনি) নিৰ্বাসিত হৈ থকা অৱস্থাত পূৰ্বতে তেওঁলোকৰৰ দেউতাকৰ সিংহাসন পুনৰুদ্ধাৰ কৰাৰ ষড়যন্ত্ৰ কৰে। ডেনেৰিছে যাযাবৰ ডথ্ৰাকিসকলৰ এজন নেতা খাল ড্ৰোগোক (জেচন মোমোৱা) বিয়া কৰাবলৈ বাধ্য হয়। পিছলৈ ডেনেৰিছৰ সৈতে নিৰ্বাসিত নাইট ছাৰ জোৰাহ মৰমণ্ট (আইয়েন গ্লেন), সহায়িকা তথা দোভাষী মিচানদেই (নাথালি ইমানুৱেল), যোদ্ধা ডাৰিঅ' নাহাৰিছ (মিচিয়েল হুইছমান), আৰু অভিজাত সৈনিক গ্ৰে ৱৰ্মে (জেকব এণ্ডাৰচন) যোগদান কৰে।১০

+ চৰিত্ৰ আৰু অভিনয় শিল্পী

বিষয়বস্তু

এই শৃংখলাটো দূৰদৰ্শন সমালোচক আৰু ইতিহাসবিদ দুয়োপক্ষৰে দ্বাৰা প্ৰশংসিত হৈছিল আৰু ইয়াক এক প্ৰকাৰৰ মধ্যযুগীয় বাস্তৱবাদ হিচাপে গণ্য কৰা হৈছিল।১৩১৪ যাদু তথা ডাইনীবিদ্যাৰ ওপৰত কম গুৰুত্ব দি আৰু যুদ্ধ, ৰাজনৈতিক ষড়যন্ত্ৰ আৰু চৰিত্ৰসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি জৰ্জ আৰ আৰ মাৰ্টিনে কাহিনীটোক সমসাময়িক কল্পনাতকৈ ঐতিহাসিক কল্পকাহিনীৰ দৰে অনুভৱ কৰাবলৈ ওলাইছিল। তেওঁ বিশ্বাস কৰিছিল যে মহাকাব্যিক ফেণ্টাছীৰ ধাৰাত যাদুক মধ্যমীয়াভাৱে ব্যৱহাৰ কৰা উচিত।১৫১৬১৭ মাৰ্টিনে কৈছে যে, "মানৱ ইতিহাসৰ প্ৰকৃত ভয়াবহতা অসুৰ আৰু অন্ধকাৰ জগতৰ নেতাৰ পৰা নহয়, কিন্তু আমাৰ পৰা আহৰণ কৰা হৈছে।" শিক্ষাবিদসকলে এই শৃংখলাটোক নৱ-মধ্যযুগীয় হিচাপে শ্ৰেণীবদ্ধ কৰিছে যি মধ্যযুগীয় ইতিহাস আৰু জনপ্ৰিয় কল্পনাৰ প্ৰলেপৰ ওপৰত গুৰুত্ব দিয়ে।১৮১৯২০ ফেণ্টাছীধাৰাৰ এটা উমৈহতীয়া বিষয় হৈছে ভাল আৰু বেয়াৰ মাজৰ যুদ্ধ, যি মাৰ্টিনৰ মতে বাস্তৱ পৃথিৱীক প্ৰতিফলিত নকৰে। ২১ মাৰ্টিনে নিৰ্বাণ আৰু চৰিত্ৰ পৰিৱৰ্তনৰ জৰিয়তে ভাল আৰু বেয়াৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰে।২২ এই শৃংখলাটোৱে দৰ্শকসকলক বিভিন্ন চৰিত্ৰক তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চাবলৈ অনুমতি দিয়ে।১৭২৩

প্ৰাৰম্ভিক ছিজনসমূহত এ ছং অফ আইচ এণ্ড ফায়াৰ গ্ৰন্থপঞ্জীৰ প্ৰভাৱত মুখ্য চৰিত্ৰবোৰক নিয়মীয়াকৈ হত্যা কৰোৱা হৈছিল আৰু ইয়াক দৰ্শকৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ কৃতিত্ব দিয়া হৈছিল।২৪ মাৰ্টিনে এটা সাক্ষাৎকাৰত কয় যে তেওঁ যুদ্ধ আৰু হিংসাক বাস্তৱিক ৰূপত চিত্ৰিত কৰিব বিচাৰিছিল, যি কেতিয়াবা নায়ক বা মুখ্য চৰিত্ৰবোৰক আঘাতপ্ৰাপ্ত বা হত্যা কৰিব পাৰে। ২৫ পৰৱৰ্তী ছিজনসমূহত সমালোচকসকলে আঙুলিয়াই দিছিল যে কিছুমান চৰিত্ৰই অসম্ভাৱ্য পৰিস্থিতিত জীয়াই আছিল আৰু ইয়াৰ বাবে গেম অফ থ্ৰোনছক উপন্যাসৰ পৰা বিচ্যুত হৈ পৰম্পৰাগত দূৰদৰ্শন শৃংখলাত পৰিণত হৈছিল।২৪ ২০১২ চনৰ এটা অধ্যয়নত শেহতীয়াকৈ ৪০টা দূৰদৰ্শন ড্ৰামা অনুষ্ঠানৰ ভিতৰত, গেম অফ থ্ৰোনছে প্ৰতিটো খণ্ডত হোৱা মৃত্যুৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰে।২৬ ২০১৮ চনত কৰা এক বৈজ্ঞানিক অধ্যয়নত কোৱা হৈছিল যে প্ৰায় ৬০% মুখ্য চৰিত্ৰই হিংসা আৰু যুদ্ধৰ ফলত মৃত্যুবৰণ কৰিছিল।২৭

প্ৰেৰণা

দূৰদৰ্শন শৃংখলাটোৰ প্ৰথম ছিজনটোৱে প্ৰথম উপন্যাসখনৰ ঘটনাৰাজী অনুসৰণ কৰে যদিও পিছৰ ছিজনকেইটাৰ বাবে কাহিনীৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছিল। বেনিঅ'ফৰ মতে দূৰদৰ্শন অভিযোজন হৈছে "শৃংখলাটোৰ অভিযোজনা সামগ্ৰিকভাৱে জৰ্জে আমাৰ বাবে নিৰ্ধাৰণ কৰা মানচিত্ৰ অনুসৰণ কৰা আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিবোৰত স্পৰ্শ কৰা, কিন্তু বাটত থকা প্ৰতিটো বিৰামচিহ্ন নহয়।" ২৮ উপন্যাসসমূহৰ প্লট আৰু সেইবোৰৰ অভিযোজনৰ দিশবোৰ ইউৰোপীয় ইতিহাসৰ পটভূমি, চৰিত্ৰ আৰু ঘটনাৰ ওপৰত আধাৰিত।২৯ ৱেষ্টেৰোছৰ অধিকাংশই ভূগোল আৰু দুৰ্গৰ পৰা আৰম্ভ কৰি সংস্কৃতি, সামন্ততান্ত্ৰিক প্ৰণালী, প্ৰাসাদৰ ষড়যন্ত্ৰ, আৰু নাইটসকলৰ প্ৰতিযোগিতালৈকে উচ্চ মধ্যযুগীয় ইউৰোপৰ কথা মনত পেলাই দিয়ে। ৩০৩১ মধ্যযুগীয় ইউৰোপৰ দৰে শৃংখলাটোৰ বেছিভাগ পৰিয়ালেই পুৰুষতান্ত্ৰিক ক্ষমতা ব্যৱস্থাৰ ওপৰত অধিষ্ঠিত। ৩২ শৃংখলাটোত গথিক কল্পকাহিনীৰ (আতংক আৰু ৰোমাঞ্চৰ মিশ্ৰণ) উপাদানো অন্তৰ্ভুক্ত হৈ আছে। ৩৩

উপন্যাসসমূহৰ বাবে এক মুখ্য অনুপ্ৰেৰণা হৈছে লেঙ্কাষ্টাৰ আৰু য়ৰ্কৰ পৰিয়ালৰ মাজত হোৱা গৃহযুদ্ধৰ কাহিনীৰ ইংৰাজী শৃংখলা ৱাৰ্ছ অফ দ্য ৰোজেছ (১৪৫৫-১৪৮৫), যি মাৰ্টিনৰ উপন্যাসৰ লেনিষ্টাৰ আৰু ষ্টাৰ্কৰ পৰিয়ালৰ মাজত প্ৰতিফলিত হয়। ৩৪ ষড়যন্ত্ৰকাৰী চাৰ্ছি লেনিষ্টাৰৰ চৰিত্ৰটোৱে "ফ্ৰান্সৰ শ্বি-ৱল্ফ অফ ফ্ৰাঞ্চ" খ্যাত ইছাবেলাক (১২৯৫-১৩৫৮) তুলি ধৰে।২৯ মৰিছ ড্ৰুনৰ ঐতিহাসিক উপন্যাস শৃংখলা দ্য একুৰ্ছড কিংছত দেখুওৱাৰ দৰে ইছাবেলা আৰু তেওঁৰ পৰিয়াল মাৰ্টিনৰ মুখ্য অনুপ্ৰেৰণা আছিল। ৩৫ শৃংখলাৰ অন্যান্য ঐতিহাসিক পূৰ্বসূৰীসমূহৰ ভিতৰত আছে: হেড্ৰিয়ানৰ দেৱাল, ৰোমান সাম্ৰাজ্য, আৰু আটলাণ্টিছ (প্ৰাচীন ভেলিৰিয়া), বাইজেণ্টাইন গ্ৰীক জুই ("ৱাইল্ডফায়াৰ"), ভাইকিং যুগৰ আইচলেণ্ডীয় গাথা (আইৰণবৰ্ন), মঙ্গোলসকলৰ দল (ডথ্ৰাকি), শত বছৰৰ যুদ্ধ, আৰু ইটালিয়ান নৱজাগৰণ।২৯ শৃংখলাটোৰ জনপ্ৰিয়তাৰ বাবে আংশিকভাৱে এই উপাদানবোৰক বৈকল্পিক ইতিহাসৰ এক নিৰ্বিঘ্ন, বিশ্বাসযোগ্য সংস্কৰণত পৰিণত কৰাৰ মাৰ্টিনৰ দক্ষতাকে কৃতিত্ব দিয়া হৈছে। ২৯৩৬

নিৰ্মাণ

আৰম্ভণি আৰু বিকাশ

ডি. বি. ৱেইছ আৰু ডেভিদ বেনিঅ'ফ।
ডি. বি. ৱেইছ আৰু ডেভিদ বেনিঅ'ফ।ছবি: Suzi Pratt · CC BY-SA 2.0

গেম অফ থ্ৰোনছৰ সৃষ্টিৰ আগতে এ ছং অফ আইচ এণ্ড ফায়াৰ উপন্যাস শৃংখলা জনপ্ৰিয় হৈ পৰে। ৩৭ এই শৃংখলাৰ উপন্যাসসমূহ ৪৫টা ভিন্ন ভাষালৈ অনুবাদ হোৱাৰ লগে লগে এই শৃংখলাটোৱে বিশ্বজুৰি ৯০ মিলিয়নতকৈও অধিক প্ৰতিলিপি বিক্ৰী কৰিছে। ৩৮৩৯ জৰ্জ আৰ আৰ মাৰ্টিনে এই শৃংখলাটোৰ বাবে ৱৰ্ল্ড ফেণ্টাছী বঁটা আৰু একাধিক লোকচ বঁটাসহ একাধিক কল্পনামূলক লিখন বঁটা আৰু মনোনয়ন লাভ কৰে।৪০ ২০০৫ চনত এ ফিষ্ট ফৰ ক্ৰউছৰ মুক্তিৰ পিছত টাইম আলোচনীৰ সাংবাদিক লেভ গ্ৰছমেনে মাৰ্টিনক "আমেৰিকান টলকিন" বুলি অভিহিত কৰি কয় যে তেওঁ "ফেণ্টাছীৰ বিৱৰ্তনৰ এক মুখ্য শক্তি।" ৪১

২০০৬ চনৰ জানুৱাৰী মাহত ডেভিদ বেনিঅ'ফে মাৰ্টিনৰ সাহিত্যিক এজেণ্টৰ সৈতে তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ বিষয়ে টেলিফোনযোগে বাৰ্তালাপ কৰে। সৰুকালত কল্পকাহিনীৰ অনুৰাগী হোৱাৰ বাবে, তেওঁ এ ছং অফ আইচ এণ্ড ফায়াৰৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। সাহিত্যিক এজেণ্টজনে বেনিঅ'ফলৈ শৃংখলাটোৰ প্ৰথম চাৰিখন গ্ৰন্থ পঠিয়াইছিল।৪২ বেনিঅ'ফে প্ৰথমখন উপন্যাস এ গেম অফ থ্ৰোনছৰ কেইশমান পৃষ্ঠা পঢ়ি ডি.বি. ৱেইছৰ সৈতে তেওঁৰ আলোচনা কৰি পৰামৰ্শ আগবঢ়ায় যে তেওঁলোকে মাৰ্টিনৰ উপন্যাসসমূহক এটা দূৰদৰ্শন শৃংখলালৈ ৰূপান্তৰ কৰিব। ৱেইছে প্ৰথমখন উপন্যাস "হয়তো ৩৬ ঘণ্টাত" শেষ কৰিছিল।৪৩ ছাণ্টা মনিকা বুলেভাৰ্ডৰ এখন ৰেষ্টুৰেণ্টত মাৰ্টিনৰ (তেওঁ নিজে এজন প্ৰবীণ চিত্ৰনাট্যকাৰ) সৈতে পাঁচ ঘণ্টাৰ বৈঠকৰ পিছত তেওঁলোকে এইচবিঅ'লৈ শৃংখলাটো লৈ গৈছিল। বেনিঅ'ফৰ মতে তেওঁলোকে মাৰ্টিনক তেওঁৰ প্ৰশ্ন, "জন স্নোৰ মাক কোন?" - ইয়াৰ উত্তৰ দিয়েই জয় কৰিছিল।৪৪

মই নিজে প্ৰায় ১০ বছৰ হলিউডত কাম কৰিছিলো, ৮০ ৰ দশকৰ শেষৰ ফালৰ পৰা ৯০ ৰ দশকলৈ। মই টোৱাইলাইট মুন আৰু বিউটি এণ্ড দ্য বিষ্টৰ কৰ্মচাৰীসকলৰ মাজত আছিলোঁ। মোৰ প্ৰথম খচৰাবোৰৰ সকলোবোৰ বহুত ডাঙৰ বা অত্যধিক ব্যয়বহুল হোৱাৰ প্ৰৱণতা আছিল। মই সদায় কাটিব লগা প্ৰক্ৰিয়াটো ঘৃণা কৰিছিলো। মই ক'লোঁ‌, 'মই ইয়াৰ পৰা অসুস্থ হৈ পৰিছোঁ‌, নই এনে কিবা লিখিম যি মই বিচৰাৰ সমান ডাঙৰ হ'ব, আৰু ইয়াত থাকিবলগা চৰিত্ৰ আৰু অভিনয়শিল্পী হাজাৰজন হ'ব, আৰু মোৰ বিশাল দুৰ্গ, যুদ্ধ, আৰু ড্ৰেগন থাকিব।
— —জৰ্জ আৰ আৰ মাৰ্টিন, লেখক৪৫

বেনিঅ'ফ আৰু ৱেইছ তেওঁৰ কাষলৈ অহাৰ আগতে, মাৰ্টিনে আন চিত্ৰনাট্যকাৰৰ সৈতে বৈঠকত লিপ্ত হৈছিল, যাৰ সৰহসংখ্যকে শৃংখলাটোক ফিচাৰ ফিল্ম হিচাপে ল'ব বিচাৰিছিল। অৱশ্যে মাৰ্টিনে ইয়াক "দৃশ্যগ্ৰহণ কৰিব নোৱাৰা চলচ্চিত্ৰ" বুলি গণ্য কৰি কয় যে তেওঁৰ এখন উপন্যাসৰ আকাৰ দ্য লৰ্ড অফ দ্য ৰিংছৰ দৰে দীঘল, যাক তিনিখন ফিচাৰ ফিল্ম হিচাপে অভিযোজিত কৰা হৈছিল।৪৫ বেনিঅ'ফ এই কথাত সন্মত হৈছিল যে উপন্যাসসমূহক ফিচাৰ ফিল্মলৈ পৰিৱৰ্তন কৰাটো অসম্ভৱ হ'ব কিয়নো ইয়াৰ পৰিসৰ এখন ফিচাৰ ফিল্মৰ বাবে যথেষ্ট ডাঙৰ, আৰু ইয়াৰ ফলত ডজন ডজন চৰিত্ৰ বৰ্জন কৰিব লাগিব। বেনিঅ'ফে লগতে কয়, "এটা মুখ্য ষ্টুডিঅ'ৰ বিত্তীয় সহযোগেৰে এই পৰিসৰৰ এখন কল্পনামূলক চলচ্চিত্ৰৰ বাবে প্ৰায় নিশ্চিতভাৱে পিজি-১৩ ৰেটিংৰ প্ৰয়োজন হ'ব। ইয়াৰ অৰ্থ হৈছে যৌনতা নাই, ৰক্ত নাই, কোনো অশ্লীলতা নাই।" ১৭ তেওঁলোকে ইয়াক এইচবিঅ' শৃংখলা হিচাপে নিৰ্মাণ কৰাৰ পৰামৰ্শটোত মাৰ্টিন সন্তুষ্ট হৈছিল আৰু কৈছিল যে তেওঁ আন ক'তো সম্ভৱ হ'ব বুলি কেতিয়াও কল্পনা কৰা নাছিল।৪৬

শৃংখলাটোৱে ২০০৭ চনৰ জানুৱাৰীত অগ্ৰগতি লাভ কৰে।১ এইচবিঅ'য়ে উপন্যাসসমূহৰ টেলিভিছন ৰাইট বা দূৰদৰ্শন অধিকাৰ অৰ্জন কৰে। শৃংখলাটোৰ কাৰ্যবাহী প্ৰযোজক হিচাপে থাকে বেনিঅফ আৰু ৱেইছ আৰু সহ-কাৰ্যবাহী প্ৰযোজক হিচাপে থাকে মাৰ্টিন। প্ৰতিখন উপন্যাসৰ বাবে এটা ছিজনৰ জোখাৰে খণ্ড উলিওৱাটোৱে প্ৰথম উদ্দেশ্য আছিল।১ সেইমতে আৰম্ভণিতে মাৰ্টিনে প্ৰতিটো ছিজনত এটা খণ্ড লিখিব আনহাতে বেনিঅ'ফ আৰু ৱেইছে বাকীখিনি লিখিব।১ পিছত জেন এস্পেনচন আৰু ব্ৰায়ান কগমেনক প্ৰথম ছিজনৰ বাবে এটাকৈ খণ্ড লিখিবলৈ দিয়া হৈছিল।৪৭ বেনিঅ'ফ আৰু ৱেইছৰ দ্বাৰা পাণ্ডুলিপিৰ প্ৰথম আৰু দ্বিতীয় খচৰা ক্ৰমান্বয়ে ২০০৭ চনৰ আগষ্টত৪৮ আৰু ২০০৮ চনৰ জুনত৪৯ দাখিল কৰা হৈছিল। এইচবিঅ'য়ে দুয়োখন খচৰা পছন্দ কৰিছিল৫০ যদিও ২০০৮ চনৰ নৱেম্বৰলৈকে এটাও পাণ্ডুলিপিৰ অৰ্ডাৰ দিয়া হোৱা নাছিল। ৫১ ৱিণ্টাৰ ইজ কামিঙৰ পাইলট খণ্ডটো ২০০৯ চনত দৃশ্যগ্ৰহণ কৰা হৈছিল। ব্যক্তিগত দৰ্শনৰ পিছত ই দুৰ্বল প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছত, এইচবিঅ'য়েখ ণ্ডটোৰ প্ৰায় ৯০% শতাংশ অভিনয়শিল্পী আৰু পৰিচালনাৰ পৰিৱৰ্তনৰ সৈতে ইয়াৰ এক বিস্তৃত পুনৰ দৃশ্যগ্ৰহণ দাবী কৰে। ৪৪৫২ বাতৰি অনুসৰি পাইলট খণ্ডটোৰ নিৰ্মাণৰ বাবে এইচবিঅ'য়ে ৫-১০ নিযুত ডলাৰ খৰচ কৰিছিল।৫৩ আনহাতে প্ৰথম ছিজনৰ বাজেট আনুমানিক ৫০-৬০ নিযুত ডলাৰ আছিল। ৫৪ দ্বিতীয় ছিজনৰ বাবে, শৃংখলাটোত ব্লেকৱাটাৰৰ চূড়ান্ত যুঁজৰ বাবে ১৫ শতাংশ বাজেট বৃদ্ধি পাইছিল (যাৰ বাজেট আছিল ৮ নিযুত ডলাৰ)। ৫৫৫৬ ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত প্ৰতিটো খণ্ডত গড় বাজেট ৬ নিযুত ডলাৰৰ পৰা বৃদ্ধি হৈ কমেও ৮ নিযুত ডলাৰ হয়। ৫৭ ষষ্ঠ ছিজনৰ বাজেট প্ৰতি খণ্ডত ১০ নিযুতত ডলাৰতকৈ অধিক আছিল। মুঠ ১০০ নিযুত ডলাৰতকৈও অধিক ব্যয়েৰে ই আটাইকেইটা ছিজনৰ বাবে শৃংখলাৰ উৎপাদন ব্যয়ৰ ক্ষেত্ৰত আছিল এক অভিলেখ। ৫৮ অন্তিম ছিজনলৈ প্ৰতিটো খণ্ডত উৎপাদন বাজেট ১৫ নিযুত ডলাৰ হ'ব বুলি অনুমান কৰা হৈছিল।৫৯

অভিনয়শিল্পী

নীনা গোল্ড আৰু ৰবাৰ্ট ষ্টাৰ্নে আছিল শৃংখলাটোৰ প্ৰাথমিক কাষ্টিং পৰিচালক। ৬০ অডিচন আৰু অন্যান্য প্ৰক্ৰিয়াৰ জৰিয়তে মুখ্য কলাকুশলীসকলক একত্ৰিত কৰা হয়। ইয়াৰে একমাত্ৰ ব্যতিক্ৰম আছিল পিটাৰ ডিংকলেজ আৰু চিন বীন, যাক লেখকসকলে আৰম্ভণিৰে পৰা বিচাৰিছিল আৰু তেওঁলোকক ২০০৯ চনত পাইলট খণ্ডত যোগদান কৰা বুলি ঘোষণা কৰা হৈছিল। ৬১৬২ পাইলট খণ্ডৰ বাবে স্বাক্ষৰিত আন অভিনেতাসকল হ'লজন স্নো হিচাপে কিট হেৰিংটন, জফ্ৰি বাৰাথিয়ানৰ চৰিত্ৰত জেক গ্লিচন, ভিচেৰিছ টাৰ্গেৰিয়ানৰ চৰিত্ৰত হেৰী লইড আৰু ৰবাৰ্ট বাৰাথিয়ানৰ চৰিত্ৰত মাৰ্ক এডি। ৬২ বেনিঅ'ফ আৰু ৱেইছৰ মতে অডিচনত কৰা প্ৰদৰ্শনৰ বাবে এডি শৃংখলাটোৰ বাবে আটাইতকৈ সহজতে নিৰ্বাচিত কৰা অভিনেতা আছিল।৬৩ পাইলটৰ কিছুমান চৰিত্ৰ প্ৰথম ছিজনৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছিল। কেটলিন ষ্টাৰ্কৰ চৰিত্ৰটোত প্ৰথমতে জেনিফাৰ এহলে অভিনয় কৰিছিল যদিও পিছত চৰিত্ৰটো মিচেল ফেয়াৰলীয়ে ৰূপায়ণ কৰে। ৬৪ ডেনেৰিছ টাৰ্গেৰিয়ানৰ চৰিত্ৰটোও পুনৰ বিবেচনা কৰা হয় আৰু এমিলিয়া ক্লাৰ্কে তামজিন মাৰ্চেণ্টৰ স্থান লয়।৬৫ ২০০৯ চনৰ দ্বিতীয়াৰ্ধত প্ৰথম ছিজনৰ বাকী কাষ্ট নিৰ্বাচিত হয়।৬৬

প্ৰথম ছিজনৰ পিছত বহুকেইজন অভিনয়শিল্পীৰ প্ৰত্যাৱৰ্তন ঘটে যদিও পৰৱৰ্তী প্ৰতিটো ছিজনত বহুতো নতুন চৰিত্ৰৰ বাবে প্ৰযোজকসকলে কলাকুশলী নিৰ্বাচন কৰিবলৈ আছিল। বৃহৎ সংখ্যক নতুন চৰিত্ৰৰ বাবে বেনিঅ'ফ আৰু ৱেইছে দ্বিতীয় ছিজনত কেইবাটাও মুখ্য চৰিত্ৰৰ প্ৰৱৰ্তন স্থগিত ৰাখে আৰু কেইবাটাও চৰিত্ৰক একেটাতে সামৰি লয়।৬ কিছুমান চৰিত্ৰক বাৰে বাৰে সলনি কৰা হয়। উদাহৰণ স্বৰূপে, গ্ৰেগৰ ক্লিগেনৰ চৰিত্ৰত তিনিজন পৃথক অভিনেতাই অভিনয় কৰিছিল। আনহাতে ডিন-চাৰ্লছ চেপমেনে টমেন বাৰাথিয়ন আৰু আন এক সৰু লেনিষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৬৭

লেখনি

জৰ্জ আৰ আৰ মৰ্টিন।
জৰ্জ আৰ আৰ মৰ্টিন।ছবি: Henry Söderlund · CC BY 4.0

গেম অফ থ্ৰোনছেৰ ছটা ছিজনত সাতজন লেখক চিত্ৰনাট্য ৰচনা কৰে। বেনিঅ'ফ আৰু ৱেইছে প্ৰতিটো ছিজনৰ অধিকাংশ খণ্ড লিখে। ৬৮ এ ছং অফ আইচ এণ্ড ফায়াৰৰ লেখক জৰ্জ আৰ আৰ মাৰ্টিনে প্ৰথম চাৰিটা ছিজনৰ প্ৰতিটোতে এটাকৈ খণ্ড লিখে। মাৰ্টিনে পৰৱৰ্তী ছিজনবোৰৰ বাবে এটাও খণ্ড লিখা নাছিল, কিয়নো তেওঁ ষষ্ঠখন উপন্যাস (দ্য ৱিণ্ডছ অফ ৱিণ্টাৰ) সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল।৬৯ জেন এস্পেনছনে স্বতন্ত্ৰ লেখক হিচাপে সহযোগিতাৰে প্ৰথম ছিজনৰ এটা খণ্ড লিখে। ৭০

প্ৰথমতে শৃংখলাটোৰ চিত্ৰনাট্য সমন্বয়ক কগমেনক৭০ পঞ্চম চিজনৰ বাবে প্ৰযোজকলৈ পদোন্নতি দিয়া হয়। প্ৰথম পাঁচটা চিজনৰ বাবে কমেও এটা খণ্ড লিখা কগমেন আছিল বেনিঅ'ফ আৰু ৱেইছৰ বাহিৰে একমাত্ৰ লেখক।৬৮ কগমেনৰ পদোন্নতিৰ আগতে দ্বিতীয় আৰু তৃতীয় ছিজনৰ এগৰাকী লেখিকা ভেনেছা টেইলৰে বেনিঅ'ফ আৰু ৱেইছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। বেনিঅ'ফ আৰু ৱেইছৰ সহায়ক হিচাপে কাম কৰাৰ পিছত ডেভ হিলে পঞ্চম ছিজনৰ বাবে লিখন কৰ্মচাৰী হিচাপে যোগদান কৰে।৭১ মাৰ্টিন লেখকৰ আসনত নাছিল যদিও তেওঁ চিত্ৰনাট্যৰ ৰূপৰেখা পঢ়ি মন্তব্য কৰিছিল। ৬৮

বেনিঅ'ফ আৰু ৱেইছে কেতিয়াবা নিৰ্দিষ্ট লেখকসকলক চৰিত্ৰ আৱণ্টন কৰিছিল। উদাহৰণস্বৰূপে, কগমেনক চতুৰ্থ ছিজনত আৰ্য়া ষ্টাৰ্কৰ বাবে নিযুক্ত কৰা হৈছিল। লেখকসকলে কেইবা সপ্তাহ ধৰি এটা চৰিত্ৰৰে ৰূপৰেখা লিখিছিল। এনে ৰূপৰেখাবোৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে প্ৰতিটো মুখ্য চৰিত্ৰৰ ব্যক্তিগত কাহিনীৰ মোৰ সম্পৰ্কে আলোচনা কৰা আৰু খণ্ড অনুসৰি সেইবোৰ সজাই তোলাত আৰু দুইৰ পৰা তিনি সপ্তাহ অতিবাহিত কৰিছিল।৬৮ প্ৰতিজন লেখকে ইয়াৰ নিৰ্দিষ্ট অংশত কাম কৰি প্ৰতিটো খণ্ডৰ বাবে এখন চিত্ৰনাট্য ৰচনা কৰিছিল। পঞ্চম ছিজনৰ বাবে দুটা খণ্ড লিখা কগমেনে দুয়োখন স্ক্ৰিপ্ট সম্পূৰ্ণ কৰিবলৈ ডেৰ মাহ সময় লয়। তাৰ পিছত এইসমূহ বেনিঅ'ফ আৰু ৱেইছে পঢ়ি টোকা প্ৰস্তুত কৰে, আৰু চিত্ৰনাট্যৰ কিছু অংশ পুনৰ লিখা হয়। চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগতে দহোটা খণ্ড লিখা হৈছিল, কিয়নো সেইবোৰ বিভিন্ন দেশত দুটা গোটৰ দ্বাৰা অনিয়মীয়াভাৱে দৃশ্যগ্ৰহণ কৰা হৈছিল।৬৮ বেনিঅ'ফ আৰু ৱেইছে তেওঁলোকৰ খণ্ডবোৰ একেলগে লিখিছিল। এজনে চিত্ৰনাট্যৰ প্ৰথমাৰ্ধ লিখিছিল আৰু আনজনে দ্বিতীয়াৰ্ধ লিখিছিল। তাৰ পিছত তেওঁলোকে টোকা বনাবলৈ আৰু পুনৰ লিখিবলৈ খচৰাবোৰ সালসলনি কৰিছিল। ৪৬

অভিযোজন সময়পঞ্জী আৰু খণ্ডসমূহ

গেম অফ থ্ৰোনছৰ কাহিনীটোৱে ষষ্ঠ ছিজনত প্ৰকাশিত এ ছং অফ আইচ এণ্ড ফায়াৰ শৃংখলাৰ উপন্যাসকেইখনক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰাৰ পিছত শৃংখলাটো মাৰ্টিনে ভৱিষ্যতে লিখিব লগা উপন্যাসসমূহৰ মূল সমলৰ এক থূলমূল ৰূপৰেখাৰ ওপৰত আধাৰিত আছিল।৭২৭৩ চতুৰ্থ ছিজনৰ আগতে মাৰ্টিনে কৈছিল যে উৎসসমূহ লিখা হোৱাৰ আগতে দূৰদৰ্শন শৃংখলাটো মুকলি কৰাত কিছু সমস্যা আছে।৭৪ বেনিঅ'ফৰ মতে, মাৰ্টিনে দূৰদৰ্শন শৃংখলাটো চলাওঁ‌তাসকলক শৃংখলাটোৰ অন্তিম দুখন কিতাপৰ এক ৰূপৰেখা প্ৰদান কৰিছিল। ৭৫ ২০১৬ চনৰ এপ্ৰিল মাহত ষষ্ঠ ছিজনৰ পিছত আৰু ১৩টা খণ্ডৰ দৃশ্যগ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। তেওঁলোকে সপ্তম ছিজনত ইয়াৰে সাতটা খণ্ড আৰু অষ্টম ছিজনত ছটা খণ্ড দৃশ্যগ্ৰহণৰ পৰিকল্পনা কৰিছিল।৭৬ সেই মাহৰ শেষৰ ফালে, শৃংখলাটোৰ সৈতে সপ্তম ছিজনৰ বাবে সাতটা খণ্ড নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ৭৭৭৮ এইচবিঅ'ই ২০১৬ চনৰ জুন মাহত ঘোষণা কৰিছিল যে অষ্টম ছিজনটোৱেই হ'ব শৃংখলাটোৰ অন্তিমটো ছিজন।৭৯

প্ৰথম দুটা ছিজনত এখনকৈ উপন্যাস সামৰি লোৱা হৈছিল। পৰৱৰ্তী ছিজনসমূহৰ বাবে, ইয়াৰ নিৰ্মাতাসকলে গেম অফ থ্ৰোনছক একক উপন্যাসৰ সলনি সামগ্ৰিকভাৱে এ চং অফ আইচ এণ্ড ফায়াৰৰ অভিযোজন হিচাপে গণ্য কৰিছিল,৮০ তেওঁলোকে দূৰদৰ্শনৰ অভিযোজন হিচাপে উপন্যাসৰ বিভিন্ন ঘটনাৰ সালসলনি কৰিছিল।৮১

দৃশ্যগ্ৰহণ

প্ৰথমটো ছিজনৰ ডথ্ৰাকি বিবাহৰ দৃশ্যগ্ৰহণ কৰা গোজো দ্বীপৰ এজুৰ উইণ্ডো।
প্ৰথমটো ছিজনৰ ডথ্ৰাকি বিবাহৰ দৃশ্যগ্ৰহণ কৰা গোজো দ্বীপৰ এজুৰ উইণ্ডো।ছবি: MalteseKnight at English Wikipedia · CC BY-SA 3.0
দ্বিতীয় ছিজনত কিংছ লেণ্ডিঙৰ দৃশ্যগ্ৰহণ কৰা ডুব্ৰভনিক।
দ্বিতীয় ছিজনত কিংছ লেণ্ডিঙৰ দৃশ্যগ্ৰহণ কৰা ডুব্ৰভনিক।ছবি: Michaelphillipr; cropped and edited from the original · CC BY-SA 3.0

প্ৰথমটো ছিজনৰ চিত্ৰগ্ৰহণ ২০১০ চনৰ ২৬ জুলাই তাৰিখে আৰম্ভ হোৱাৰ কথা আছিল।৮২ ইয়াৰ ঘাই স্থান আছিল উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টৰ পেইণ্ট হল ষ্টুডিঅ'।৮৩ উত্তৰ আয়াৰলেণ্ডৰ বাহ্যিক দৃশ্যসমূহ চেণ্ডি ব্ৰেৰ মৰ্নে পৰ্বতমালা (ভেইছ ডথ্ৰাক); কেচেল ৱাৰ্ড (ৱিণ্টাৰফেল); ছেইণ্টফিল্ড এষ্টেটচ (ৱিণ্টাৰফেল গডছৱুড); টলিমোৰ ফৰেষ্ট (বাহিৰৰ দৃশ্য); কেয়াৰ্ণকেচল (মৃত্যুদণ্ডৰ স্থান); মাঘেৰামৰ্নে কুৱেৰী (কেচেল ব্লেক); আৰু শ্বেনৰ কেচেলত (টুৰ্ণী খেলপথাৰ) চিত্ৰগ্ৰহণ কৰা হৈছিল।৮৪ স্কটলেণ্ডৰ ষ্টাৰ্লিংৰ ডৌন কেচেলকো ৱিণ্টাৰফেলৰ দৃশ্যৰ বাবে মূল পাইলট খণ্ডত ব্যৱহাৰ কৰা হৈছিল।৮৫ প্ৰযোজকসকলে প্ৰথমতে স্কটলেণ্ডত গোটেই শৃংখলাটোৰ চিত্ৰগ্ৰহণৰ কথা বিবেচনা কৰিছিল। কিন্তু ষ্টুডিঅ'ৰ স্থান আৰু টেক্স ক্ৰেডিট উপলব্ধ হোৱাৰ বাবে উত্তৰ আয়াৰলেণ্ডৰ বিষয়ে সিদ্ধান্ত লোৱা হয়।৮৬

প্ৰথম ছিজনটোৰ দক্ষিণৰ দৃশ্যবোৰ পাইলট খণ্ডৰ মৰক্কোৰ পৰা স্থানান্তৰ কৰি মালটাত চিত্ৰগ্ৰহণ কৰা হৈছিল।৮২ মদিনা চহৰ কিংছ লেণ্ডিঙৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ৮৭ ফৰ্ট মানোয়েলত (ছেপ্ট অফ বেইলোৰ), গোজো দ্বীপৰ এজুৰ উইণ্ডো (ডথ্ৰাকি বিবাহৰ স্থান), আৰু চান এণ্টন পেলেচ, ফৰ্ট ৰিকাচোলি, ফৰ্ট ছেইণ্ট এঞ্জেলো আৰু ছেইণ্ট ডমিনিক মঠতো (ৰেড কিপ) চিত্ৰগ্ৰহণ কৰা হৈছিল।৮৪ দ্বিতীয় ছিজনত দাক্ষিণাত্যৰ দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ মালটাৰ পৰা ক্ৰোৱেছিয়ালৈ স্থানান্তৰিত হয়, য'ত ডুব্ৰভনিক চহৰ আৰু ওচৰৰ ঠাইসমূহ এখন দেৱালযুক্ত, উপকূলীয় মধ্যযুগীয় চহৰৰ বাহ্যিক দৃশ্যগ্ৰহণৰ বাবে অনুকূল আছিল। ডুব্ৰভনিক আৰু ফৰ্ট লভৰিজেনাকৰ দেৱালবোৰ কিংছ লেণ্ডিংৰ দৃশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে, শৃংখলাটোৰ কিছুমান স্থানীয় অট্টালিকা যেনে ৰেড কিপ আৰু ছেপ্ট অফ বেইলোৰৰ বৰ্হিভাগ কম্পিউটাৰৰ সহায়ত সৃষ্টি কৰা হয়। ৮৮ লোকৰুম দ্বীপ, উপকূলীয় চহৰ ট্ৰোগিৰৰ ছেইণ্ট ডমিনিক মঠ, ডুব্ৰভনিকৰ ৰেক্টৰ প্ৰাসাদ আৰু ডুবাক কুৱেৰী কাৰ্থৰ দৃশ্যগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ২০১১ চনৰ নৱেম্বৰত দ্য ৱালৰ উত্তৰে, ফ্ৰষ্টফাংছত আৰু ফিষ্ট অফ দ্য ফাৰ্ষ্ট মেনৰ বাবে আইচলেণ্ডৰ হিমবাহৰ ওপৰত চিত্ৰগ্ৰহণ কৰা হৈছিল। ৮৪৮৯ উত্তৰ আয়াৰলেণ্ডৰ বালিণ্টয়ৰ বন্দৰত চিত্ৰগ্ৰহণো হৈছিল। ৯০

সমালোচনা

গেম অফ থ্ৰোনছত সঘনাই নগ্নতা আৰু হিংসাৰ ব্যৱহাৰক সমালোচনা কৰা হৈছিল যদিও বিশেষকৈ প্ৰথম সাতটা ছিজনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। শৃংখলাটোৰ ওপৰত ৰটেন টমেট'ছৰ সামগ্ৰিক ৰেটিং ৮৯ শতাংশ।৯১ কিছুমান সমালোচক আৰু প্ৰকাশনে অনুষ্ঠানটোক সৰ্বকালৰ শ্ৰেষ্ঠ এইচবিঅ' শৃংখলাৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।৯২৯৩ প্ৰিমিয়াৰৰ আগতে অনুৰাগীসকলে এই শৃংখলাটোৰ পৰা যথেষ্ট প্ৰত্যাশা কৰিছিল। ৯৪৯৫

প্ৰথম ছিজনটোৰ বিষয়ে সমীক্ষা আগবঢ়োৱা লোকসকলে কৈছিল যে শৃংখলাটোৰ উচ্চ উৎপাদন মূল্য, সম্পূৰ্ণৰূপে মূৰ্তমান এক বিশ্ব আৰু আকৰ্ষণীয় চৰিত্ৰ আছে। ৯৬ ভেৰাইটিৰ মতে, "ইয়াৰ নেটৱৰ্কৰ বাবে 'গেম অফ থ্ৰোনছ'তকৈ অধিক লাভজনক কোনো প্ৰদৰ্শন এইচবিঅ'ৰ বাবে নহ'ব পাৰে।" ৯৭ দ্বিতীয় ছিজনটোৱেও ভালদৰে সঁ‌হাৰি লাভ কৰিছিল। এণ্টাৰটেইনমেণ্ট উইকলিয়ে ইয়াৰ "স্পষ্ট, গুৰুত্বপূৰ্ণ, আৰু কেৱল নিভাঁ‌জ আমোদ" দিয়া কাহিনী কথনৰ প্ৰশংসা কৰে।৯৮ দ্য হলিউড ৰিপ'ৰ্টাৰৰ মতে, শৃংখলাটোৱে শৃংখলাটোৰ গম্ভীৰতাই ইয়াক মেড মেন বা ব্ৰেকিং বেডৰ সৈতে তুলনা কৰিব পৰা একমাত্ৰ শৃংখলা কৰি তুলিছিল। ৯৯

তথ্যসূত্ৰ

  1. ↑ Fleming, Michael. (January 16, 2007). HBO turns 'Fire' into fantasy series. Variety. Penske Media Corporation
  2. ↑ Cogman, Bryan. (November 6, 2014). Inside HBO's Game of Thrones. Orion Publishing Group. পৃ. 4. ISBN 978-1-4732-1040-0
  3. ↑ Ordoña, Michael. (May 16, 2019). 'Game of Thrones': Second chances and second lives for key characters. Los Angeles Times
  4. ↑ Fowler, Matt. (April 8, 2011). Game of Thrones: "Winter is Coming" Review. IGN. Ziff Davis
  5. ↑ Kachka, Boris. (May 18, 2008). Dungeon Master: David Benioff. New York. Vox Media
  6. ↑ Hibberd, James. (May 29, 2012). 'Game of Thrones' scoop: Season 3 character list revealed – Exclusive. Entertainment Weekly. Meredith Corporation
  7. ↑ Belloni, Matthew; Goldberg, Lesley. (October 30, 2014). 'Game of Thrones' Cast Signs for Season 7 with Big Raises. The Hollywood Reporter. Valence Media
  8. ↑ Gonzales, Erica; Jones, Alexis. (April 1, 2019). Game of Thrones Stars Could Be Making Millions Per Episode in the Final Season. Harper's Bazaar. Hearst Communications
  9. ↑ Back, Grace. (May 15, 2019). Here's How Much Money The 'Game of Thrones' Cast Makes Per Episode. Marie Claire Australia. Pacific Magazines
  10. ↑ Power, Ed. (May 22, 2019). Game of Thrones main characters and cast – a complete list of those alive and dead at the end of the finale. The Telegraph. Telegraph Media Group
  11. ↑ Top 100 Game of Thrones Characters. IGN. Ziff Davis
  12. ↑ Alter, Rebecca; Polk, Milan. (May 22, 2019). The First and Last Appearances of Game of Thrones' Most Memorable Characters. Vulture. Vox Media
  13. ↑ Hughes, Sarah. (March 22, 2014). 'Sopranos meets Middle-earth': how Game of Thrones took over our world. The Guardian
  14. ↑ Holland, Tom. (March 24, 2013). Game of Thrones is more brutally realistic than most historical novels. The Guardian
  15. ↑ Richards, Linda. (January 2001). January interview: George R.R. Martin. January Magazine
  16. ↑ Itzkoff, Dave. (April 1, 2011). His Beautiful Dark Twisted Fantasy: George R. R. Martin Talks 'Game of Thrones'. The New York Times
  17. ↑ Cogman, Bryan. (November 6, 2014). Inside HBO's Game of Thrones. Orion. পৃ. 7. ISBN 978-1-4732-1040-0
  18. ↑ Fitzpatrick, KellyAnn. (2020). Neomedievalism, Popular Culture and the Academy: From Tolkien to Game of Thrones by Kellyann Fitzpatrick. 2019. Boydell & Brewer. পৃ. 124–125
  19. ↑ Young, Joseph. (2018). Review of Medievalism in a Song of Ice and Fire and Game of Thrones. Mythlore. পৃ. 248–251
  20. ↑ Larsson, Simon; Lundström, Markus. (June 2020). Anarchy in the Game of Thrones. Neohelicon. পৃ. 117–129
  21. ↑ Gevers, Nick. (December 2000). Sunsets of High Renown – An Interview with George R. R. Martin. Infinity Plus
  22. ↑ (June 11, 2011). The battle between good and evil reigns – Martin talks about new series Game of Thrones. The Guardian
  23. ↑ Baum, Michele Dula. (April 11, 2001). A Song of Ice and Fire – Author George R.R. Martin's fantastic kingdoms. CNN. WarnerMedia
  24. ↑ Fowler, Matt. (August 27, 2017). Game of Thrones: 'The Dragon and the Wolf' Review. IGN. Ziff Davis
  25. ↑ McCluskey, Megan. (May 17, 2016). George R.R. Martin Explains Why He Kills Off Your Favorite Game of Thrones Characters. Time
  26. ↑ O'Connell, Michael. (May 22, 2012). 'Game of Thrones' Topped by 'Spartacus: Vengeance' as TV's Deadliest Series. The Hollywood Reporter. Valence Media
  27. ↑ Lystad, Reidar P.; Brown, Benjamin T. (December 2018). "Death is certain, the time is not": mortality and survival in Game of Thrones. Injury Epidemiology. BioMed Central. পৃ. 44
  28. ↑ Hibberd, James. (March 17, 2015). 'Game of Thrones' showrunners answer burning season 5 questions. Entertainment Weekly. Meredith Corporation
  29. ↑ Holland, Tom. (March 24, 2013). Game of Thrones is more brutally realistic than most historical novels. The Guardian
  30. ↑ Mund, Lucas. (March 27, 2013). Are the Lands of Westeros Inspired by Real-Life Countries?. Slate. The Slate Group
  31. ↑ DeVries, Kelly. (March 29, 2012). Game of Thrones as History. Foreign Affairs
  32. ↑ May Fathallah, Judith. (2017). Fanfiction and the Author. Amsterdam University Press. পৃ. 102. ISBN 978-90-485-2908-7
  33. ↑ Young, Joseph. (2017). "Enough About Whores": Sexual Characterization in A Song of Ice and Fire. Mythlore. Mythopoeic Society. পৃ. 45–61
  34. ↑ Orr, David. (August 12, 2011). Dragons Ascendant: George R. R. Martin and the Rise of Fantasy. The New York Times
  35. ↑ Milne, Ben. (April 4, 2014). Game of Thrones: The cult French novel that inspired George RR Martin. BBC News Online. BBC News
  36. ↑ Kustritz, Anne. (June 9, 2016). "They All Lived Happily Ever After. Obviously.": Realism and Utopia in Game of Thrones-Based Alternate Universe Fairy Tale Fan Fiction. Humanities. MDPI. পৃ. 7
  37. ↑ Miller, Laura. (April 4, 2011). Just Write It!. The New Yorker. Condé Nast
  38. ↑ Barnett, David. (April 15, 2019). How Game of Thrones achieved world domination.. 15 years before the TV show even aired. The Independent
  39. ↑ Flood, Alison. (April 10, 2015). George RR Martin revolutionised how people think about fantasy. The Guardian
  40. ↑ এ ছং অফ আইচ এণ্ড ফায়াৰ awards *1997 World Fantasy Award Winners and Nominees. World Fantasy Award. World Fantasy Convention *Locus Awards Nominees List. Locus Awards
  41. ↑ Grossman, Lev. (November 13, 2005). The American Tolkien. Time
  42. ↑ Cogman, Bryan. (2014). Inside HBO's Game of Thrones. Orion Publishing Group. পৃ. 6. ISBN 978-1473210400
  43. ↑ Mitchell, Elvis. (May 8, 2013). UpClose: Game of Thrones with David Benioff and D. B. Weiss (Full Length). KCRW. National Public Radio At about 2:50
  44. ↑ Birnbaum, Debra. (April 15, 2015). 'Game of Thrones' Creators: We Know How It's Going to End. Variety. Penske Media Corporation
  45. ↑ Armstrong, Jennifer. (April 4, 2011). 'Game of Thrones': George R. R. Martin talks HBO show. Entertainment Weekly
  46. ↑ (March 17, 2014). Game of Thrones: Long Story Short (HBO). HBO
  47. ↑ Shannon Miller, Liz. (August 27, 2017). 'Game of Thrones': Only 1 Out of 19 Directors Have Been Women — Why the Final Season Should Change That. IndieWire. Penske Media Corporation
  48. ↑ Hudson, Laura. (August 14, 2007). Talking with George R. R. Martin Part 2. Publishers Weekly. PWxyz
  49. ↑ Howden, Martin. (2012). Games of Thrones A-Z: An Unofficial Guide to Accompany the Hit TV Series. Kings Road Publishing. পৃ. 3. ISBN 978-1782190929
  50. ↑ Kirschling, Gregory. (November 27, 2007). George R.R. Martin answers your questions. Entertainment Weekly. Meredith Corporation
  51. ↑ Hibberd, Jame. (November 11, 2008). HBO orders fantasy pilot Thrones. The Hollywood Reporter. Valence Media
  52. ↑ Robinson, Joanna. (February 3, 2016). Game of Thrones Show-Runners Get Extremely Candid About Their Original "Piece of Sh—t" Pilot. Vanity Fair. Penske Media Corporation
  53. ↑ Hibberd, James. (January 14, 2010). HBO: 'Game of Thrones' dailies 'look fantastic'. The Hollywood Reporter. Penske Media Corporation
  54. ↑ Goldberg, Lesley. (April 14, 2011). 'Game of Thrones' by The Numbers. The Hollywood Reporter. Penske Media Corporation
  55. ↑ Pallotta, Frank. (April 7, 2012). How HBO Let Game of Thrones Make an $8 Million Episode. Slate. The Slate Group
  56. ↑ (March 14, 2012). This Week's Cover: 'Game of Thrones,' the battle to make season 2 epic. Entertainment Weekly. Meredith Corporation
  57. ↑ Gornstein, Leslie. (May 28, 2012). Holy Flaming Warships! How Expensive Is Game of Thrones, Anyway?. E!. NBCUniversal Television Group
  58. ↑ Lee, Ben. (March 30, 2016). Game of Thrones season 6 costs A LOT per episode: The HBO fantasy epic's massive budget is revealed. Digital Spy. Hearst Communications
  59. ↑ Martin, Emmie. (April 14, 2019). Here's how much it costs to produce one episode of 'Game of Thrones'. CNBC. NBCUniversal Television Group
  60. ↑ Barraclough, Leo. (April 15, 2016). 'Game of Thrones' Casting Director Nina Gold to Receive BAFTA Award. Variety. Penske Media Corporation
  61. ↑ Andreeva, Nellie. (May 5, 2009). Two will play HBO's 'Game'. The Hollywood Reporter. Valence Media
  62. ↑ Kit, Borys; Andreeva, Nellie. (July 19, 2009). Sean Bean ascends to 'Game of Thrones'. Reuters
  63. ↑ Walsh, Michael. (March 12, 2017). What We Learned From Game Of Thrones' SXSW Panel, and What It Might Mean. Nerdist Industries. Legendary Entertainment
  64. ↑ Sepinwall, Alan. (March 19, 2010). 'Game of Thrones' recasting: Ehle out, Fairley in. HitFix
  65. ↑ Ryan, Maureen. (May 21, 2010). Exclusive: 'Game of Thrones' recasts noble role. Chicago Tribune. Tribune Publishing
  66. ↑ Ryan, Maureen. (October 13, 2009). The 'Games' afoot: HBO's 'Game of Thrones' gears up. Chicago Tribune. Tribune Publishing
  67. ↑ Roberts, Kayleigh. (December 26, 2017). 9 Times 'Game of Thrones' Recast Characters. Harper's Bazaar. Hearst Communications
  68. ↑ Collins, Sean T. (April 2, 2015). Blood Caffeine Sex Magic: How 'Game of Thrones' Gets Written. The New York Observer. Observer Media
  69. ↑ Karmali, Luke. (March 30, 2015). George R. R. Martin Not Writing Game of Thrones Season 6 Episode. IGN. Ziff Davis
  70. ↑ Ryan, Maureen. (March 16, 2010). HBO's 'Game of Thrones': The 'Buffy' and 'Battlestar' connection. Chicago Tribune. Tribune Publishing
  71. ↑ (March 24, 2014). The Surprising Connection Between Game of Thrones and Monty Python. Vanity Fair. Condé Nast
  72. ↑ Robinson, Joanna. (March 22, 2015). Game of Thrones Creators Confirm the Show Will Spoil the Books. Vanity Fair. Condé Nast
  73. ↑ Bruner, Raisa. (April 14, 2019). Here's Why the Game of Thrones Show Is Better Than the Books. Time. TIME USA, LLC
  74. ↑ Gartenberg, Chaim. (May 21, 2019). An apology to George R.R. Martin: ending Game of Thrones is really hard. The Verge. Vox Media
  75. ↑ Bruney, Gabrielle. (August 18, 2019). Game of Thrones Author George R.R. Martin Says the Show's Ending Won't Change His Books. Esquire. Hearst Communications
  76. ↑ Birnbaum, Debra. (April 14, 2016). 'Game of Thrones' Creators Mull Shorter Final Seasons. Variety. Penske Media Corporation
  77. ↑ Hibberd, James. (July 18, 2016). Game of Thrones: HBO announces summer return, 7 episodes. Entertainment Weekly. Meredith Corporation
  78. ↑ Andreeva, Nellie. (April 21, 2016). 'Game of Thrones' Picked Up For Season 7, 'Veep' & 'Silicon Valley' Also Renewed By HBO. Deadline Hollywood
  79. ↑ Gonzales, Erica. (April 12, 2019). Game of Thrones Season 8: Everything We Know. Harper's Bazaar. Hearst Communications
  80. ↑ Collins, Sean T. (March 20, 2013). Q&A: 'Game of Thrones' Insider Bryan Cogman on the Biggest Season Yet. Rolling Stone. Penske Media Corporation
  81. ↑ Hibberd, James. (March 30, 2012). 'Game of Thrones' showrunners on season 2, splitting Book 3 and their hope for a 70-hour epic. Entertainment Weekly. Meredith Corporation. পৃ. 3
  82. ↑ Martin, George R. R. (July 16, 2010). From HBO. Not a Blog
  83. ↑ Grubbs, Jefferson. (August 9, 2015). Which 'Game Of Thrones' Locations Film In Belfast? Kit Harington's Trip Gave Fans Hope. Bustle. Bustle Digital Group
  84. ↑ Roberts, Josh. (April 1, 2012). Where HBO's hit 'Game of Thrones' was filmed. USA Today. Gannett
  85. ↑ (October 23, 2009). Medieval keep becomes film set. BBC News. BBC
  86. ↑ Celik Rappas, Ipek A. (January 21, 2019). From Titanic to Game of Thrones: Promoting Belfast as a Global Media Capital. Media, Culture & Society. পৃ. 550
  87. ↑ (March 24, 2019). 30 incredible Game of Thrones filming locations you must visit in your lifetime. The Daily Telegraph
  88. ↑ Denham, Jess. (July 16, 2015). Game of Thrones: Stunning visual effects reel separates the real from the fake in season five. The Independent. Independent Digital News & Media
  89. ↑ Smith, Oliver. (June 7, 2016). Iceland's most spectacular Game of Thrones filming locations. The Daily Telegraph
  90. ↑ (August 14, 2017). 30 incredible Game of Thrones filming locations you must visit in your lifetime. The Telegraph. Telegraph Media Group
  91. ↑ Game of Thrones: Season 3 (2013). Rotten Tomatoes. Fandango Media
  92. ↑ (September 29, 2013). HBO: 20 Best Original Series. Entertainment Weekly. Meredith Corporation
  93. ↑ Kirkland, Justin. (March 12, 2020). The 25 Best HBO Series of All Time, Ranked. Esquire. Hearst Communications
  94. ↑ Gregory, Mathilda. (July 23, 2010). Is A Game of Thrones the most eagerly anticipated TV show ever?. The Guardian
  95. ↑ Colins, Scott. (August 8, 2010). With 'Game of Thrones,' HBO is playing for another 'True Blood'. Los Angeles Times
  96. ↑ Tucker, Ken. (April 14, 2011). Game of Thrones (2011). Entertainment Weekly. Meredith Corporation
  97. ↑ Levine, Stuart. (December 27, 2011). Cablers hit highs, lows, PR hurdles in 2011. Variety. Penske Media Corporation
  98. ↑ Tucker, Ken. (March 21, 2012). TV Review: Game Of Thrones (2012). Entertainment Weekly. Meredith Corporation
  99. ↑ Goodman, Tim. (March 27, 2012). 'Game of Thrones' Season 2: TV Review. The Hollywood Reporter. Valence Media

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেম অফ থ্ৰোনছ” প্ৰবন্ধৰ সংশোধন ৬০৩৮৯১ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।