অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য বিগ বেং থিয়ৰি

বিগ বেং থিয়ৰী (The Big Bang Theory) হৈছে ছাক লৰে আৰু বিল প্ৰাডিয়ে নিৰ্মাণ কৰা এখন আমেৰিকান টেলিভিছন চিটকম। দুয়োগৰাকী ষ্টিভেন মোলাৰোৰ সৈতে ধাৰাবাহিকখনৰ কাৰ্যবাহী প্ৰযোজক আৰু মুখ্য লেখক হিচাপে কাম কৰিছিল।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৫ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

বিগ বেং থিয়ৰী (The Big Bang Theory) হৈছে ছাক লৰে আৰু বিল প্ৰাডিয়ে নিৰ্মাণ কৰা এখন আমেৰিকান টেলিভিছন চিটকম। দুয়োগৰাকী ষ্টিভেন মোলাৰোৰ সৈতে ধাৰাবাহিকখনৰ কাৰ্যবাহী প্ৰযোজক আৰু মুখ্য লেখক হিচাপে কাম কৰিছিল। চিটকমখন ২০০৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২০১৯ চনৰ ১৬ মে'লৈকে চিবিএছ চেনেলযোগে সম্প্ৰচাৰিত হয়৷ ১২টা ছিজনৰ ধাৰাবাহিকখনৰ মুঠ খণ্ড হৈছে ২৭৯টা৷

এই ছিটকমখন প্ৰথমে কেলিফৰ্ণিয়াৰ পাছাডেনাত বাস কৰা পাঁচটা চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল৷ তেওঁলোক হৈছে-লিঅ'নাৰ্ড হফষ্টাডাৰ (জনী গেলেকি) আৰু শ্বেলডন কুপাৰ (জিম পাৰ্ছনছ)৷ এওঁলোক দুয়োজনেই কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ পদাৰ্থবিজ্ঞানী৷ তেওঁলোক দুয়ো এটা এপাৰ্টমেণ্টত বাস কৰে৷ আৰু তেওঁলোকৰ সমুখৰ হলঘৰৰ বিপৰীত দিশত বাস কৰে পেনি (কেলি কুওকো) নামৰ এগৰাকী ওৱেট্ৰেছ আৰু অভিনেত্ৰী-প্ৰত্যাশী যুৱতী৷ লিঅ'নাৰ্ড আৰু শ্বেলডনৰ সংগী হৈছে বন্ধু আৰু সহকৰ্মী, মহাকাশ অভিযন্তা হাৱাৰ্ড ৱ'ল'ভিটজ (চাইমন হেলবাৰ্গ) আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ৰাজ কুথ্ৰাপালি (কুনাল নায়াৰ)।[4][5] সময়ৰ লগে লগে চিটকমখনলৈ ভালেমান সহকাৰী চৰিত্ৰৰ আগমন ঘটে৷ তাৰ ভিতৰত স্নায়ুবিজ্ঞানী এমি ফাৰা ফাউলাৰ (মাইম বিয়ালিক), অণুজীৱবিজ্ঞানী বাৰ্নাডেট ৰষ্টেনকোভস্কি (মেলিছা ৰাউচ), কমিক বুক ষ্ট'ৰৰ মালিক ষ্টুয়াৰ্ট ব্লুম (কেভিন ছাছমেন) আদি অন্যতম।

২০১১ চনৰ কমিক-কন ইণ্টাৰনেছনেলৰ বিগ বেং থিয়ৰিৰ কেইগৰাকীমান সদস্য
২০১১ চনৰ কমিক-কন ইণ্টাৰনেছনেলৰ বিগ বেং থিয়ৰিৰ কেইগৰাকীমান সদস্যছবি: vagueonthehow · CC BY 2.0

পোনপটীয়াকৈ দৰ্শকৰ সন্মুখত দৃশ্যগ্ৰহণ কৰা এই অনুষ্ঠানটো ছাক লৰে প্ৰডাকচনে প্ৰযোজনা কৰিছিল আৰু ৱাৰ্নাৰ ব্ৰাদাৰ্ছ টেলিভিছনে বিতৰণৰ কাম চম্ভালিছিল। ইয়াৰ প্ৰথম ছিজনটোৱে মিশ্ৰিত সমালোচনা লাভ কৰিছিল যদিও দ্বিতীয় আৰু তৃতীয় ছিজনত ইয়াৰ সমালোচনা অধিক অনুকূল আছিল। আৰম্ভণিতে মিশ্ৰিত সমালোচনাৰ পিছতো সাতটা ছিজন চূড়ান্ত ছিজনৰ ৰেটিঙৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছিল আৰু অৱশেষত একাদশ ছিজনত ই ১ নং স্থানত উপনীত হৈছিল। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ই এমি বঁটাৰ বাবে মনোনীত হৈছিল আৰু পাৰ্ছনছৰ হৈ চাৰিবাৰকৈ কমেডী ছিৰিজৰ অসাধাৰণ মুখ্য অভিনেতাৰ এমি বঁটা লাভ কৰিছিল৷ ছিটকমখনে ৪৬টা মনোনয়নৰ পৰা মুঠ সাতটা এমি বঁটা লাভ কৰিছিল। ২০১১ চনত টেলিভিছন কমেডী ছিৰিজৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবেও পাৰ্ছনছে গোল্ডেন গ্ল’ব লাভ কৰে।

এই ধাৰাবাহিকখনৰ সফলতাই মাল্টিমিডিয়া ফ্ৰেঞ্চাইজি আৰম্ভ কৰে। ইয়ং শ্বেলডন শীৰ্ষক আৰু পাৰ্ছনছৰ চৰিত্ৰ শ্বেলডন কুপাৰৰ আধাৰত নিৰ্মিত এখন প্ৰিক্যুৱেল ধাৰাবাহিক ২০১৭ চনৰ পৰা ২০২৪ চনলৈকে প্ৰচাৰিত হৈছিল, য'ত পাৰ্ছনে আখ্যানকাৰী প্ৰাপ্তবয়স্ক শ্বেলডনৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছিল। ফ্ৰেঞ্চাইজিটোৰ তৃতীয়খন ছিৰিজ, ইয়ং শ্বেলডনৰ ছিকুৱেল ছিৰিজ জৰ্জি এণ্ড মেণ্ডিছ ফাৰ্ষ্ট মেৰিজ, ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰিমিয়াৰ হৈছিল আৰু ইয়াত শ্বেলডনৰ ডাঙৰ ভাতৃ জৰ্জি আৰু তেওঁৰ পত্নী মেণ্ডীক অনুসৰণ কৰা হৈছে। ষ্টুয়াৰ্ট, তেওঁৰ প্ৰেমিকা ডেনিছ আৰু ভূতত্ত্ববিদ বাৰ্ট কিবলাৰৰ পিছত চতুৰ্থখন ধাৰাবাহিক মেক্সৰ বাবে প্ৰস্তুত কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য বিগ বেং থিয়ৰি” প্ৰবন্ধৰ সংশোধন ৪৬৪৮১৩ (১৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।