অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গ্লী

গ্লী (Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়।

হালনাগাদ: ২৬ জুলাই ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গ্লী (Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়।

ধাৰাবাহিকখনৰ কাহিনী আমেৰিকাৰ লাইমা, অ’হাঅ’ৰ এখন কাল্পনিক বিদ্যালয়, মেককেনলি হাই,-ৰ ‘নিউ ডাইৰেকচন’ নামৰ সংগীত ক্লাবৰ সদস্য সকলক কেন্দ্ৰ কৰি গতি কৰে। বিভিন্ন কোৰাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই ক্লাবৰ সদস্য সকলৰ সামাজিক মৰ্যাদা একেবাৰে কম। বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত নানা নিৰ্যাতন চলায়। ক্লাবটোৰ ডাইৰেক্টৰ আৰু স্পেনিছ ভাষাৰ শিক্ষক ৱিল চুষ্টাৰৰ নিউ ডাইৰেকচনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী ৰূপে চাব বিচৰাৰ অদম্য স্পৃহাই ক্লাবটোৰ সদস্যসকলক একগোট কৰি ৰাখে। দ্বিতীয় শৃংখলাৰ শেষত নিউ ডাইৰেকচনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলে সক্ষম হয় যদিও মূল গায়ক ফিন হাডচনে মঞ্চত কৰা এক ভুলৰ বাবে ১২তম স্থানতে সন্তুষ্ট থাকিব লগা হয়।

বৰ্তমান ধাৰাবাহিকখনৰ তৃতীয় শৃংখলা চলি আছে।১ এই শৃংখলাৰ সম্প্ৰচাৰ আৰম্ভ হয় ২০১১ চনৰ ২০ চেপ্টেম্বৰৰ পৰা।

অভিনয়ত

  • মেথিউ মৰিচন (ৱিল চুষ্টাৰৰ)
  • জেন লিন্স (চু চিলভেষ্টাৰ)
  • লিয়া মিচেল (ৰেচেল বেৰী)
  • কৰী মণ্টেইটঠ (ফিন হাডচন)
  • ক্ৰিচ কলফাৰ (কাৰ্ট হামল)
  • এম্বাৰ ৰাইলী (মাৰ্চিডিচ জোনচ)
  • জেন উজকোৱিচ (টিনা কোহান-চেং)
  • কেভিন মেকহল (আৰ্টি আব্ৰামচ)
  • ডায়েনা এগ্ৰণ (কুইন ফেব্ৰে)
  • নায়া ৰিভেৰে (চেণ্টেনা লোপেজ)
  • হেথাৰ মৰিচ (ব্ৰিটনী এচ পিয়েৰ্চ)
  • মাৰ্ক চেলিং (নোৱাহ "পাক" পাকাৰমৰন)
  • ডাৰেণ ক্ৰিচ (ব্লেইন এণ্ডাৰচন)
  • হেনৰী চাম, কনিষ্ঠ (মাইক চেং)
  • জেময়া মেইচ (এমা পিলচবেৰী)
  • মাইক অ’মেলী (বাৰ্ট হামল)

শৃংখলাসমূহৰ তালিকা

+ List of ratings by season
SeasonTimeslot (ET)Season premiereSeason finaleTV seasonRankViewers (in millions)
1Wednesday 9:00 pm (2009) Tuesday 9:00 pm (2010)May 19, 2009June 8, 20102009–2010No. 33 (overall)২9.77২
2Tuesday 8:00 pm (2010–2011)৩ Sunday 10:38 pm (February 6, 2011) Tuesday 9:00 pm (May 24, 2011)৪September 21, 2010May 24, 20112010–2011No. 4310.112৫
3Tuesday 8:00 pm (2011–2012)৬September 20, 2011TBA2011–2012TBATBA

তথ্যসূত্ৰ

  1. ↑ Rice, Lynette. (May 23, 2010). 'Glee' earns season 3 pickup from Fox (EW Exclusive). Entertainment Weekly. Time Inc
  2. ↑ (May 28, 2010). Deadline Hollywood. ZDeadline Hollywood
  3. ↑ Rice, Lynette. (November 19, 2010). Fox moves 'American Idol' to Wednesdays and Thursdays. Entertainment Weekly. Time Inc
  4. ↑ Showatch. The Futon Critic
  5. ↑ Gorman, Bill. (June 1, 2011). 2010-11 Season Broadcast Primetime Show Viewership Averages. TV by the Numbers
  6. ↑ (May 16, 2010). Fox Announces Primetime Slate for 2011-2012 Season - ComingSoon.net. ComingSoon.net

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লী” প্ৰবন্ধৰ সংশোধন ৫২৭৪৮৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।