অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পৰাশৰ

সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি। বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ (Parashara; पराशर)। সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি।১ বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ (Parashara; पराशर)।২ সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ।

পৰাশৰ, সত্যৱতী আৰু বেদব্যাস

মূল প্ৰবন্ধ: বেদব্যাস

যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু সত্যৱতীৰ মিলনৰ ফলত সত্যৱতী গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন। তেওঁৰ দেহৰ বৰ্ণ ক'লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন। তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল। চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল। তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল। সেইবাবে তেওঁ বেদব্যাস বা 'ব্যাস' নামে পৰিচিত। জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে। তেওঁ বদৰিকাশ্ৰমত তপস্যা কৰিছিল। সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।

বংশধৰ

পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।২

তথ্যসূত্ৰ

  1. ↑ হেমচন্দ্ৰ বৰুৱা. বশিষ্ঠ (হেমকোষ). হেমকোষ প্ৰকাশন (২০০৭)
  2. ↑ প্ৰদীপ শইকীয়া. বনলতা প্ৰকাশন (একাদশ প্ৰকাশ: মাৰ্চ ২০১৫). ISBN 81-7339-384-2

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাশৰ” প্ৰবন্ধৰ সংশোধন ২৫৭৫৪৮ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।