গীতা জুতশী (Geeta Zutshi; জন্ম: ২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰত কেইবাটাও ৰাষ্ট্ৰীয় আৰু এছিয়ান দৌৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
গীতায়ে ১৯৮২ চনত ৮০০ মিটাৰ দৌৰত মহিলাৰ ৰূপৰ পদক লাভ কৰে আৰু ১৯৭৮ আৰু ১৯৮২ চনত ১৫০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে।১ ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ শীৰ্ষ ভাৰতীয় মহিলা খেলুৱৈ হিচাপে তেওঁ প্ৰতিযোগীসকলৰ হৈ মুকলি অনুষ্ঠানৰ সময়ত শপত গ্ৰহণ কৰে।২ তেওঁৰ এই কৃতিত্বৰ বাবে তেওঁ অৰ্জুন বঁটা আৰু পদ্মশ্ৰী লাভ কৰিছে।
তেওঁ আন ভাৰতীয় মহিলাসকলক অনুপ্ৰাণিত কৰিছে, যেনে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বাচেন্দ্ৰী পাল। সৰুতে পালে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে গীতাৰ এখন বাতৰি কাকতৰ ফটো দেখি ৰাষ্ট্ৰীয় খ্যাতিৰ আকাংক্ষা কৰিবলৈ আৰম্ভ কৰে।৩
তেখেতৰ প্ৰশিক্ষক আছিল মহম্মদ ইলিয়াছ বাবৰে। ১৭ বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ পিছত ২০০২ চনৰ জুলাই মাহত ভাৰতলৈ উভতি আহি ভাৰতীয় জুনিয়ৰ এথলেটিকছ দলৰ (৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ) প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা
| 1978 | এছিয়ান গেমছ | বেংকক, থাইলেণ্ড | 1st | ৮০০ মি |
| 2nd | ১৫০০ মি | |||
| 1981 | এছিয়ান চেম্পিয়নশ্বিপ | টকিঅ', জাপান | 1st | ৮০০ মি |
| 2nd | ১৫০০ মি | |||
| 1982 | এছিয়ান গেমছ | নতুন দিল্লী, ভাৰত | 2nd | ৮০০ মি |
| 2nd | ১৫০০ মি |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Asian Games. GBR Athletics. Retrieved on 2015-02-08
- ↑ Archived copy
- ↑ Tata.com: The man from Reno
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা জুতশী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৯১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।