গণিতৰ গ্ৰন্থ
৭ প্ৰবন্ধ
-
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স
এঙ্গল' আছামিজ ডিক্সনেৰি অৱ মেথেমেটিক্স (Anglo Assamese Dictionary Of Mathematics নতুবা ইংৰাজী-অসমীয়া গণিত অভিধান) হৈছে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ এখন গণিত অভিধান। অসমীয়া ভাষাত গণিত বিষয়ত এনে অভিধান এয়ে প্ৰথম।
-
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy) চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ।
-
ৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)
ৰামানুজন আৰু তেওঁৰ গণিত (Ramanujan Aaru teur Gonit) হৈছে ভাৰতীয় তথা অসমীয়া গণিতজ্ঞ, গণিত অধ্যাপক, লেখক নয়নদীপ ডেকা বৰুৱাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। সঞ্জীৱন প্ৰকাশনৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশিত গ্ৰন্থখনত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জীৱনকাহিনী আৰু তেওঁৰ গাণিতিক অৱদানৰ বিষয়ে বৰ্ণনা…
-
অংক নহয় আতংক (গ্ৰন্থ)
অংক নহয় আতংক(Anko Nohoi Aatonko) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। এইখনক অসমীয়া সমাজত ‘গণিত’ৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপ বুলিও কোনো কোনো লোকে কয়। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই।
-
গণিতৰ কথা (গ্ৰন্থ)
গণিতৰ কথা (Gonitor Kotha) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ড॰ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়।
-
প্ৰিন্সিপিয়া মেথেমেটিকা
প্ৰিন্সিপিয়া মেথেমেটিকা হ'ল গণিতৰ ভিত্তিৰ আধাৰত তথা তিনিটা খণ্ডত ৰচিত এখন কিতাপ। আলফ্ৰেড ন'ৰ্থ হোৱাইটহেড আৰু বাৰট্ৰাণ্ড ৰাছেলৰ দ্বাৰা ৰচিত এই কিতাপখন ক্ৰমে ১৯১০, ১৯১২ আৰু ১৯১৩ চনত প্ৰকাশ কৰে।
-
পৰহিতা
পৰহিতা ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত জ্যোতিৰ্বিজ্ঞানৰ এক ব্যৱস্থা। ইয়াক কেৰেলাৰ জ্যোতিৰ্বিজ্ঞানী হৰিদত্তই প্ৰৱৰ্তন কৰিছিল, (প্ৰায় ৬৮৩ খ্ৰীষ্টাব্দ)।