ত্ৰিপুৰী সংস্কৃতি
১০ প্ৰবন্ধ
-
গঙ্গা পূজা
গঙ্গা পূজা (Ganga Puja) উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়।
-
বিঝু নৃত্য
বিঝু নৃত্য (Bizhu dance) ভাৰত আৰু বাংলাদেশৰ চাকমা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক লোকনৃত্য। এই নৃত্য চাকমা লোকসকলে তেওঁলোকৰ নতুন বছৰত পালন কৰা বিঝু উৎসৱৰ সময়ত পৰিৱেশন কৰে। বিঝু ত্ৰিপুৰাৰ অন্যতম পৰম্পৰাগত নৃত্য।
-
হালখাতা
হালখাতা হৈছে বঙালী ব্যৱসায়ী, দোকানদাৰ আৰু ব্যৱসায়ীকসকলে পইলা বৈশাখ, অৰ্থাৎ প্ৰথম ব'হাগত উদ্যাপন কৰা এক পৰম্পৰাগত উৎসৱ। এই দিনা নতুন হিচাপ বহী আৰম্ভ কৰা হয়।
-
অৱা নৃত্য
অৱা নৃত্য ( Owa Dance) ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠী মগসকলৰ পৰম্পৰাগত “অৱা উৎসৱ’’ৰ লগত পৰিৱেশিত নৃত্য৷ অৱশ্যে এই নৃত্য বৰ্তমান সময়ত লুপ্তপ্ৰায়৷ “অৱা চো লাব্ৰে’’ নামৰ বুদ্ধদেৱৰ পূজাৰ সময়ত সম্ভৱতঃ এই নৃত্য পৰিৱেশন কৰা হৈছিল৷ এই অৱা উৎসৱ সমগ্ৰ মগ জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ৷ এই উৎসৱত লোকগীত আৰু লোকনৃত্যৰ…
-
খাৰ্চী
খাৰ্চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰি অনুষ্ঠিত কৰা এই খাৰচী উৎসৱ বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে পালন কৰে।
-
গৰীয়া নৃত্য
গৰীয়া নৃত্য বা গৰিয়া নৃত্য ( Goriya Dance) হৈছে ভাৰতৰ পূব প্ৰান্তত থকা ৰাজ্য ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য। এই নৃত্য পৰিৱেশন কৰা হয় গৰীয়া পূজাৰ সময়ত৷ গৰীয়া পূজা নতুন শস্যৰ বীজ সিঁচাৰ আনন্দ উৎসৱ আৰু ব’হাগ মাহত ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰা উৎসৱ।
-
ঝুম নৃত্য
ঝুম নৃত্য ( Jhum Dance) বিভিন্ন পাহাৰীয়া জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত নৃত্য৷ ত্ৰিপুৰা ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীৰ উপৰি বাংলাদেশৰ গাৰোসকলৰ মাজতো ঝুম নৃত্যৰ প্ৰচলন আছে৷ এই নৃত্যৰ কেইবাটিও ধাপ আছে৷ প্ৰত্যেকটি ধাপ বা পৰ্বৰ দ্বাৰা ঝুম খেতিৰ মাটি নিৰ্বাচনৰ পৰা শস্য চপোৱালৈ সকলো কাম নৃত্যৰ মাজেৰে…
-
ত্ৰিপুৰাৰ সংস্কৃতি
ত্ৰিপুৰাৰ সংস্কৃতি(Culture of Tripura) উত্তৰ-পূব ভাৰতৰ আন মানুহৰ সৈতে সুকীয়া আৰু অলপ মিল আছে। কিন্তু অসম, মণিপুৰ, বাৰ্মা আৰু দক্ষিণ-পূব এছিয়াৰ দৰে ত্ৰিপুৰাৰ সংস্কৃতিৰ বৈশিষ্ট্য সৰু অংশত য'ত মানুহে সমতল আৰু পাহাৰীয়া অঞ্চলত বাস কৰে। ত্ৰিপুৰা উত্তৰ-পূব ভাৰত ৰ এখন ৰাজ্য।
-
মমিতা (নৃত্য)
মমিতা নৃত্য ( Mamita Dance) ত্ৰিপুৰা ৰাজ্যৰ এক পৰম্পৰাগত লোক নৃত্য৷ ই কৃষিভিত্তিক উৎসৱ৷ আহিন মাহৰ শেষৰ ফালে শস্য চপোৱাৰ পাছত কাতি মাহৰ আৰম্ভণিতে মমিতা উৎসৱ পালন কৰা হয়৷ শস্য চপোৱাৰ পাছত “মাইমি’’ ধানৰ চাউল উলিয়াই “মাইলুমা’’(শস্যৰ দেৱী) আৰু “খুলুমা’’(তুলাৰ দেৱী)ক উছৰ্গা কৰি পূজা কৰা হয়৷ ইয়াক…
-
হোজাগিৰি নৃত্য
হোজাগিৰি নৃত্য (Hojagiri) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত প্ৰচলিত একপ্ৰকাৰৰ পাৰম্পৰিক লোকনৃত্য। ত্ৰিপুৰী সম্প্ৰদায়ৰ ভিতৰত ব্ৰু বা ৰিয়াং সকলে এই নৃত্য প্ৰদৰ্শন কৰে।