অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লৱণ

লৱণ হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়।

হালনাগাদ: ৫ জুন ২০২০ ৫৪২ শব্দ · ৩ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

লৱণ হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়। এনে আয়নসমূহ ক্ল'ৰাইডৰ (Cl-) দৰে অজৈৱিক, বা এচিটেটৰ (CH৩CO২-) দৰে জৈৱিক; আৰু ফ্ল'ৰাইডৰ দৰে এটা অনুবিশিষ্ট (F-), অথবা ছালফেটৰ (SO৪২-) বহু অনুবিশিষ্ট হ'ব পাৰে।

বিভিন্ন প্ৰকাৰৰ লৱণ আছে।

  • ক্ষাৰকীয় লৱণ: পানীত দ্ৰৱীভূত হ'লে হাইড্ৰ'ক্সাইড আয়ন উৎপন্ন কৰে;
  • আম্লিক লৱণ: পানীত দ্ৰৱিভূত হৈ হাইড্ৰ'ণিয়াম আয়ন উৎপন্ন কৰে; আৰু
  • প্ৰশম লৱণ: যিবোৰ ক্ষাৰকীয় বা আম্লিক লৱণ নহয়।
  • জুৱিটেৰিয়ন (Zwitterion) হৈছে, একেটা অনুতেই এটা এনায়নিক কেন্দ্ৰ আৰু এটা কেটায়নিক কেন্দ্ৰ থাকে। ইহঁতক লৱণ বুলি গণ্য কৰা নহয়, যেনে- এমিন’ এছিড, বহু মেটাবলাইট (metabolite), পেপ্টাইড, আৰু মাংসসাৰ।

সাধাৰণতে, মান উষ্ণতা আৰু চাপত অ-দ্ৰৱণীয় লৱণ বোৰ কঠিন, অৱশ্যে ব্যক্তিক্ৰমো দেখা পোৱা যায় (বিগলিত লৱণ আৰু আয়নিত তৰল চাওক)। বিগলিত লৱণ আৰু লৱণ যুক্ত দ্ৰৱ (যেনে- ছডিয়াম ক্ল'ৰাইড দ্ৰৱিভূত হৈ থকা পানী)ক ইলেক্ট্ৰলাইট বোলে, কাৰণ ই বিদ্যুৎ পৰিবহণ কৰিব পাৰে।

দেখা যায় যে, কোষৰ কোষপ্ৰৰস, তেজ, মূত্ৰ, উদ্ভিদ ৰস আৰু লৱণিকৃত পানী, বিভিন্ন মিশ্ৰিত আয়ন যুক্ত পানী, আদিৰ পানী বাষ্পীভূত হোৱাৰ পাছত তাত থকা নিৰ্দিষ্ট লৱণসমূহ গঠিত নহয়, সেয়ে দ্ৰৱিভূত আয়ন সাপেক্ষেহে লৱণ দ্ৰৱটোক বৰ্ণনা কৰা হয়।

বৰণ

পটেছিয়াম ডাইক্ৰ'মেট, ৰঞ্জক হিচাপে ব্যৱহাৰ কৰা এবিধ উজ্জ্বল কমলা বৰণৰ লৱণ।
পটেছিয়াম ডাইক্ৰ'মেট, ৰঞ্জক হিচাপে ব্যৱহাৰ কৰা এবিধ উজ্জ্বল কমলা বৰণৰ লৱণ।ছবি: Benjah-bmm27 · Public domain

বিভিন্ন বৰণৰ লৱণ দেখা পোৱা যায়:

  • হালধীয়া (ছডিয়াম ক্ৰ'মেট)
  • কমলা (পটেছিয়াম ডাইক্ৰ'মেট)
  • ৰঙা (ক'বাল্ট নাইট্ৰেট)
  • Mauve (ক'বাল্ট ক্ল'ৰাইড হেক্সাহাইড্ৰেট)
  • নীলা (কপাৰ ছালফেট পেণ্টাহাইড্ৰেট, ফেৰিক হেক্সাচাইন'ফেৰেট)
  • বেঙুনীয়া (পটেছিয়াম পাৰমেংগানেট)
  • সেউজীয়া (নিকল ক্ল'ৰাইড হেক্সাহাইড্ৰেট)
  • বৰণহীন (ছডিয়াম ক্ল'ৰাইড, মেগনেছিয়াম ছালফাৰ হেপ্টাহাইড্ৰেট)—গুৰি বা ক্ষুদ্ৰ আকাৰত বগা বৰণৰ হ'ব পাৰে

''

সোৱাদ

বিভিন্ন লৱণৰ সোৱাদো ভিন্ন হয়, মূল সোৱাদ পাঁচটাৰ[ নে ছটা? ] আটাইকেইটা সোৱাদৰে লৱণ পোৱা যায়। লুণীয়া: ছডিয়াম ক্ল'ৰাইড; মিঠা: লেড ডাইএচিটেট, ইয়াক খালে লেড বিষক্ৰিয়া হয়; টেঙা: পটেছিয়াম বাইটাৰট্ৰেট; তিতা: মেগনেছিয়াম ছালফেট, আৰু কেহেতা: মন'ছডিয়াম গ্লুটামেট।

গন্ধ

শক্তিশালী অম্ল আৰু শক্তিশালী ক্ষাৰৰ লৱণবোৰ সাধাৰণতে গন্ধহীন। আনহাতে দুৰ্বল অম্ল বা দুৰ্বল ক্ষাৰৰ লৱণবোৰত সমন্ধীয় অম্লটোৰ গন্ধ থাকে, যেনে, এচিটেটবোৰ এচিটিক এচিড (ভিনেগাৰ)ৰ দৰে, চাইনাইড হাইড্ৰ'জেন চাইনাইডৰ দৰে গোন্ধায়, বা ক্ষাৰটোৰ গন্ধ থাকে, যেনে, এম'নিয়াম এম'নিয়াৰ দৰে গোন্ধায়।

দ্ৰৱণীয়তা

লৱণবোৰ পানী বা এনে দ্ৰৱত দ্ৰৱীভূত হৈ লৱণ দ্ৰৱ সৃষ্টি কৰে। প্ৰতিটো যৌগ গঠন কৰা আয়নসমূহৰ দ্ৰৱীভূত হোৱাৰ অনন্য দ্ৰৱণীয়তা থাকে। দ্ৰাৱ্যৰ লগত আয়নসমূহৰ আন্তঃক্ৰিয়াৰ ভিত্তিত লৱণৰ দ্ৰৱণীয়তা ভিন্ন হয়। উদাহৰণ স্বৰূপে, সকলো ছডিয়াম, পটেছিয়াম আৰু এম'নিয়াম লৱণ পানীত দ্ৰৱীভূত হয়, আনহাতে সকলো নাইট্ৰেট, আৰু বেৰিয়াম ছালফেট, কেলচিয়াম ছালফেট, আৰু লেড ছালফেটৰ দৰে বহু ছালফেট লৱণ ইয়াৰ ব্যতিক্ৰম। যিবোৰ লৱণৰ আয়নবোৰ শক্তিশালী বন্ধনৰ দ্বাৰা সুস্থিৰ গঠন (লেটিছ) লাভ কৰে, সিহঁতৰ দ্ৰৱণীয়তা কম হয়, কাৰণ দ্ৰৱত আয়ণবোৰৰ গঠন সহজে ভাগি নেযায়। যেনে, লেড কাৰ্বনেট, বেৰিয়াম কাৰ্বনেটৰ দৰে কাৰ্বনেট লৱণ বোৰ।

দ্ৰৱীভূত হ'ব পৰা কাৰ্বনেট লৱণ কিছুমান হৈছে: ছডিয়াম কাৰ্বনেট, পটেছিয়াম কাৰ্বনেট, আৰু এম'নিয়াম কাৰ্বনেট।

পৰিবাহিতা

কঠিন লৱণবোৰ পৰিবাহী নহয়, তৰল লৱণবোৰ বিদ্যুৎৰ সুপৰিবাহী। আনহাতে লৱণ দ্ৰৱসমূহৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

গঠন

কঠিন লেড(II) ছালফেট (PbSO4)
কঠিন লেড(II) ছালফেট (PbSO4)ছবি: Picture taken August 2005 by User:Walkerma. · Public domain

লৱণবোৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা গঠিত হয়:

  • এটা ক্ষাৰ আৰু এটা অম্লৰ বিক্ৰিয়াত, যেনে, NH3 + HCl → NH4Cl
  • এটা ধাতু আৰু এটা অম্লৰ বিক্ৰিয়াত, যেনে, Mg + H2SO4 → MgSO4 + H2
  • এটা ধাতু আৰু এটা অধাতুৰ বিক্ৰিয়াত, যেনে, Ca + Cl2 → CaCl2
  • এটা ক্ষাৰ আৰু এটা আম্লিক এনহাইড্ৰাইডৰ বিক্ৰিয়াত, যেনে, 2 NaOH + Cl2O → 2 NaClO + H2O
  • এটা অম্ল আৰু এটা ক্ষাৰকীয় এনহাইড্ৰাইডৰ বিক্ৰিয়াত, যেনে, 2 HNO3 + Na2O → 2 NaNO3 + H2O
  • বিভিন্ন লৱণ দ্ৰৱৰ সংমিশ্ৰণ ঘটায়ো নতুন লৱণ আহৰণ কৰিব পৰা যায়, নতুন লৱণটো অদ্ৰৱণীয় হয় আৰু অৱক্ষেপিত হয়, উদাহৰণ স্বৰূপে:
  • Pb(NO3)2(aq) + Na2SO4(aq) → PbSO4(s) + 2 NaNO3(aq)

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৱণ” প্ৰবন্ধৰ সংশোধন ২৩৬৩৯৬ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।