অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ক্ল'জ আপ

ক্ল'জ আপ (Close up) হৈছে অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখকৰ ব্যক্তিগত অভিজ্ঞতা-সম্বলিত এখনি চলচ্চিত্ৰ-বিষয়ক গ্ৰন্থ৷ অসমীয়া ভাষাত ৰচিত গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমত প্ৰকাশিত হৈছিল৷…

হালনাগাদ: ৮ জুলাই ২০২২ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

ক্ল'জ আপ (Close up) হৈছে অসমৰ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ দ্বাৰা লিখিত আৰু বনফুল প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত লেখকৰ ব্যক্তিগত অভিজ্ঞতা-সম্বলিত এখনি চলচ্চিত্ৰ-বিষয়ক গ্ৰন্থ৷ অসমীয়া ভাষাত ৰচিত গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা লেখাসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমত প্ৰকাশিত হৈছিল৷ গ্ৰন্থাকাৰে ২০১৪ চনৰ নৱেম্বৰ মাহত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা সমালোচনা-পুথিখনে ভাৰতৰ আঞ্চলিক ভাষাৰ চিনেমাৰ উপৰি বিদেশৰ চলচ্চিত্ৰকাৰৰ কৰ্মৰাজিকো সামৰি লৈছে৷ গ্ৰন্থখনত কেইবাটাও ভিন্নধৰ্মী তথা চলচ্চিত্ৰৰ কলাৰ লগত জড়িত কিছুমান আনুষংগিক লেখা সন্নিৱিষ্ট হৈছে৷ ১

লেখক পৰিচয়

মূল প্ৰবন্ধ: নয়ন প্ৰসাদ'নয়ন প্ৰসাদ' হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ ১৯৫৮ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা নয়ন প্ৰসাদে শৈশৱৰ সময়তে গুৱাহাটী কেন্দ্ৰৰ শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত মঞ্চতো অভিনয় কৰে৷ পাছলৈ গুৱাহাটী কেন্দ্ৰত নাট প্ৰযোজকৰূপে কাৰ্যনিৰ্বাহ কৰি ২০১১ আৰু ২০১২ চনত আকাশবাণীৰ বছেৰেকীয়া প্ৰতিযোগিতাত নাট শাখাত পুৰস্কাৰ অৰ্জন কৰে৷ ১৯৮৫ চনত পৰিচালক হিচাপে তেখেতে পোনপ্ৰথমবাৰৰ বাবে হোলী পৰিচালনা কৰে৷ ১৯৯২ চনত তেখেতে সঞ্জীৱ হাজৰিকা পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কথাছবি হলধৰতো অভিনয় কৰে৷ ১৯৯৭ চনত সান্ত্বনা বৰদলৈ পৰিচালিত ছবি অদাহ্য (চলচ্চিত্ৰ)ৰ কাৰ্যবাহী প্ৰযোজকৰ দায়িত্ব পালন কৰে৷ ২২০০৯ আৰু ২০১২ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ 'ভাৰত ৰঙ্গ মহোৎসৱ'ৰ নিৰ্বাচক সমিতিৰ সদস্যৰূপে অংশ লয়৷ ইয়াৰ উপৰি নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটটোৰ সদস্যৰূপে চাৰিটা বছৰ কাৰ্যনিৰ্বাহ কৰে৷ ২০০০ চনত তেখেতৰ প্ৰবন্ধ সংকলন ইনছাৰ্ট প্ৰকাশিত হয়৷ ৩

গ্ৰন্থৰ নেপথ্য

বিশেষ গ্ৰন্থখনৰ পাতনিত লেখক নয়ন প্ৰসাদে উল্লেখ কৰা অনুসৰি, সাংবাদিক মণ্টু শইকীয়াৰ অনুৰোধত তেখেতে আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকাত ক্ল'জ আপ নামেৰে এটি ধাৰাবাহিক শিতানত লিখিছিল৷ মণ্টু শইকীয়াই পাছলৈ গ্ৰন্থকাৰে চপোৱাৰো দায়িত্ব লয় আৰু আমাৰ অসমৰ গোটেইবোৰ লেখা সংগ্ৰহ কৰি লেখকক ছমজায়৷ এইদৰেই গ্ৰন্থখনে বনফুল প্ৰকাশনৰ সহযোগিতাত ২০১৪ চনত প্ৰকাশৰ মুখ দেখে৷ ৪

গ্ৰন্থৰ বিষয়বস্তু

কেইবাটাও চুটি-দীঘল প্ৰবন্ধৰে প্ৰস্তুত কৰা এই সংকলনখনত পোলেণ্ডৰ বিখ্যাত পৰিচালক আণ্ড্ৰে ৱাইডাৰ আত্মজীৱনীৰ প্ৰসংগ, জাপানী পৰিচালক আকিৰা কুৰোছাৱাকে ধৰি হিন্দী ভাষা ভাষাৰ কথাছবি ধোবীঘাত, মেট্ৰ, ভেজা ফ্ৰাইৰ বিষয়ে আলোচনা কৰা হৈছে৷ বিজয় টেণ্ডুলকাৰৰ নাটক, সত্যজিৎ ৰায়ৰ অপুৰ পাঁচালি, কিং লিয়েৰ, অসমীয়া অভিনেতা আদিল হুছেইনৰ কৰ্মকো কিছুমান প্ৰবন্ধত আধাৰ কৰি লোৱা হৈছে৷ গ্ৰন্থখনৰ প্ৰথমটো প্ৰবন্ধ এগৰাকী তৰুণ পৰিচালকৰ বিষয়েত লেখকে ২০০৪ চনত কলিকতা চলচ্চিত্ৰ উৎসৱৰ প্ৰসংগ টানি আনি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিছে৷ প্ৰবন্ধটোৰ আৰম্ভণিতে আলোচকে কৈছে যে- যিকোনো চলচ্চিত্ৰ উৎসৱলৈ গ'লে প্ৰতিনিধিসকলৰ প্ৰথম কাম দুটা-প্ৰদৰ্শন হ'ব লগা ছবিসমূহৰ তালিকাখন আৰু ছবিসমূহৰ বিষয়ে খৰচি মাৰি জানিবলৈ স্মৰণিকা বা আলোচনীখন সংগ্ৰহ কৰা৷ ৫

তথ্যসূত্ৰ

  1. ↑ (২০১৪). ক্ল'জ আপ. বনফুল. পৃ. ৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১
  2. ↑ (Last Updated: Feb 10, 2013, 06:54 AM IST). NAYAN PRASAD
  3. ↑ প্ৰকাশক. (২০১৪). ক্ল'জ আপ. বনফুল. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১
  4. ↑ নয়ন প্ৰসাদ. (২০১৪). ক্ল'জ আপ. বনফুল. পৃ. ৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১
  5. ↑ নয়ন প্ৰসাদ. (২০১৪). ক্ল'জ আপ. বনফুল. পৃ. ১৩-১৫. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১

সম্পৰ্কিত শ্ৰেণী

সমালোচনাঅসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ল'জ আপ” প্ৰবন্ধৰ সংশোধন ৩২৬৯৯৪ (৮ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।