অসমৰ অলংকাৰ
১২ প্ৰবন্ধ
-
গামখাৰু
গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়।
-
জোনবিৰি (অলংকাৰ)
জোনবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ কাঁচি জোনটোৰ দৰে বা ক'ব পাৰি ইয়াৰ আকাৰ অৰ্ধ-চন্দ্ৰৰ দৰে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে।
-
ঢোলবিৰি
ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল।
-
থুৰীয়া
থুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে।
-
নেপুৰ
নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ…
-
মুঠিখাৰু
মুঠিখাৰু হৈছে অসমীয়া নাৰীয়ে হাতৰ মণিবন্ধত পৰিধান কৰা একপ্ৰকাৰৰ পৰম্পৰাগত অলংকাৰ। এই খাৰু কেইবাডালো চেপেতা বালা লগ লগাই সজা হয় আৰু পিন্ধাৰ সময়ত হাতখন মুঠি মাৰি লোৱা হয়। কেতিয়াবা গামখাৰুৰ সৈতে মুঠিখাৰুৰ সাদৃশ্য দেখা যায়।
-
অসমীয়া গহনা
অসমীয়া গহনা বা অসমীয়া অলংকাৰ ভাৰতৰ অসম ৰাজ্যৰ পৰম্পৰাগত হস্তনিৰ্মিত অলংকাৰ। এই গহনা সাধাৰণতে বিশুদ্ধ সোণ, যাক স্থানীয়ভাৱে কেঁচা সোণ বুলি কোৱা হয়, অথবা সোণৰ প্ৰলেপ দিয়া ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াত প্ৰায়ে বিভিন্ন ৰঙৰ ৰত্ন, মণি, জাংফাই আৰু মীনা কাম ব্যৱহাৰ কৰা হয়।
-
কেৰু
কেৰু (𑜀𑜢𑜐𑜫) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। কেৰু অতীততে চুতীয়া আৰু আহোম ৰাজ্যত প্ৰচলিত আছিল। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু,জাংফাই কেৰু, লং কেৰু ইত্যাদি।
-
দুগদুগী
দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে।
-
লোকাপাৰ
লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়।
-
জাংফাই (অলংকাৰ)
জাংফাই এবিধ লা জাতীয় পদাৰ্থ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন(resin) আৰু ই সুগন্ধি দ্ৰব্য৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷ পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল৷ চিংফৌ বুৰঞ্জীমতে পাটকাইৰ অৰ্থ:- ’পাট’ মানে জাংফাই আৰু…
-
সাতসৰী (অলংকাৰ)
সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ। সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে৷৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি…