চিত্ৰকলা
৬ প্ৰবন্ধ
-
কুৰুম্বা চিত্ৰকলা
কুৰুম্বা চিত্ৰকলা বা কুৰুম্বাৰ চিত্ৰকলা হ’ল এক প্ৰাগৈতিহাসিক কলা যিয়ে আধুনিক তামিলনাডুৰ নীলগিৰি পৰ্বতমালাত বাস কৰা কুৰুম্বা জনজাতীয় লোকসকলৰ জীৱনৰ বিভিন্ন দিশ চিত্ৰিত কৰে।
-
কেৰালাৰ দেৱাল চিত্ৰকলা
কেৰালাৰ দেৱাল চিত্ৰকলা কেৰালাৰ হিন্দু পুৰাণৰ আখ্যানসমূহক ফুটাই তোলা এক বিশেষ ধৰণৰ ফ্ৰেছক’ বা ভিত্তিচিত্ৰ। [ভাৰত]]ৰ কেৰালাত থকা প্ৰাচীন মন্দিৰ আৰু প্ৰাসাদসমূহত এই দেৱাল চিত্ৰকলাৰ এক চহকী পৰম্পৰা দেখিবলৈ পোৱা যায়। এই চিত্ৰসমূহ মূলতঃ নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ।
-
চীনৰ থলুৱা চিত্ৰকলা
চীনৰ থলুৱা চিত্ৰকলা (ইংৰাজী: Vernacular painting in China) হৈছে দৈনন্দিন ঘৰুৱা জীৱনৰ দৃশ্যসমূহ বাস্তৱসন্মতভাৱে ফুটাই তোলা এক প্ৰকাৰৰ লোকচিত্ৰশৈলী। এই শব্দটো প্ৰায়ে সেইবোৰ চিত্ৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিবোৰ উচ্চ চিং যুগৰ চীনত নতুন বছৰ আৰু জন্মদিনৰ দৰে উৎসৱ-পাৰ্বনত প্ৰদৰ্শন কৰা হৈছিল।
-
দ্য ষ্টাৰ অৱ বেথলেহেম
দ্য ষ্টাৰ অৱ বেথলেহেম (The Star of Bethlehem) হৈছে ছাৰ এডৱাৰ্ড বাৰ্ন-জোনছৰ দ্বাৰা অংকিত এক জলৰঙৰ চিত্ৰ, য’ত এজন দেবদূতে 'বেথলেহেমৰ তৰা' ধৰি থকা অৱস্থাত তিনিজন জ্ঞানী ব্যক্তিৰ যীচু বন্দনা (Adoration of the Magi) দেখুওৱা হৈছে।
-
পেট্ৰিকিভকা চিত্ৰ
পেট্ৰিকিভকা চিত্ৰ (চমুকৈ "পেট্ৰিকিভকা"; Петриківський розпис) ইউক্ৰেইনৰ এটা পৰম্পৰাগত অলংকাৰিক চিত্ৰশৈলী। এই শৈলীৰ উৎপত্তি ইউক্ৰেইনৰ দিনিপ্ৰপেট্ৰ'ভস্ক অঞ্চলৰ পেট্ৰিকিভকা নামৰ গ্ৰাম্য বসতিত হৈছিল। পৰম্পৰাগতভাৱে ইয়াক ঘৰৰ দেৱাল আৰু দৈনন্দিন ব্যৱহাৰৰ ঘৰুৱা সামগ্ৰী সজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ'(ৰাধা আৰু কৃষ্ণই ফুলৰ বাগিচা এখনত খোজ কাঢ়িছে) হৈছে প্ৰায় ১৭২০ চনত দ্য কোটা মাষ্টাৰ নামেৰে জনাজাত এজন অচিনাক্ত শিল্পীৰ এখন চিত্ৰ। ই মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট, / এছিয়ান আৰ্টত সংগ্ৰহিত হৈ আছে।