দোহাৰ ভাৰতৰ এটি লোকসঙ্গীতৰ দল; যাৰ মূলকেন্দ্ৰ কলকাতাত। কেৱল ভাৰতৰ পশ্চিমবঙ্গতে নহয়, বাংলাদেশতো এই দলটি অতি জনপ্ৰিয়। ১
নামকৰণ
এই গানৰ দলটোৰ নামকৰণ কৰে দলটোৰ সদস্যসকলৰ বিশ্ববিদ্যালয়ৰ শিক্ষক অভিক মজুমদাৰে। যিহেতু দলৰ সদস্যসকলৰ সকলোৱে একেলগে গীত পৰিৱেশন কৰে, আৰু তেওঁলোকৰ কোনোৱেই পৰম্পৰাগত লোকসঙ্গীতৰ শিল্পী নহয়, সেয়েহে তেওঁ দোহাৰ নামটোৱেই উপযুক্ত বুলি অনুভৱ কৰিছিল।
যাত্ৰাপথ
১৯৯৯ চনত এক সংগীতৰ অনুষ্ঠান আয়োজনৰ যোগেদি দোহাৰৰ যাত্ৰা আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত সুপ্ৰভাত নামৰ এটি গীতৰ অনুষ্ঠানৰ পৰা তেওঁলোকলৈ আমন্ত্ৰণ আহে। তাত গীত পৰিৱেশন কৰাৰ পিছতেই কেছেট কোম্পানীৰ পৰা আমন্ত্ৰণ আহে। হাছান ৰাজা, শ্বাহ আব্দুল কৰিম, শীতলাং শ্বাহকে ধৰি বিভিন্ন বাউলৰ মুঠ ৯টা গীতেৰে ২০০১ চনত দোহাৰৰ প্ৰথম এলবাম "বন্ধুৰ দেশে" মুক্তি লাভ। ১

দলৰ সদস্যসকল
- কালিকাপ্ৰসাদ ভট্টাচাৰ্য
- ৰাজীৱ
- মৃগনাভি
- ঋত্বিক
- নিৰঞ্জন
- সত্যজিৎ
- অমিত
- সৌম্য
মুক্তিপ্ৰাপ্ত এলবাম
- বন্ধুৰ দেশে (মুক্তি - ২০০১)
- বাংলাৰ গান শিকড়েৰ টান (মুক্তি - ২০০২)
- ৰূপসাগৰে (মুক্তি - ২০০৪)
- বাংলা (মুক্তি - ২০০৬)
- লোকগান ২০০৭
- মাটিশ্বৰ (মুক্তি - ২০০৯)
- মাটিৰ কেল্লা - ভিডিঅ' এলবাম (মুক্তি - ২০১১)
- সহস্ৰ দোতাৰা (মুক্তি - ২০১২) [বাংলাদেশৰ পৰা মুক্তি লাভ]।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোহাৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৫৭৭ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।