আলফাৰ সদস্য
৪ প্ৰবন্ধ
-
পৰেশ বৰুৱা
পৰেশ বৰুৱা, পৰেশ অসম বা কামৰুজ জামান খান হৈছে এজন অসমীয়া বিদ্ৰোহী যোদ্ধা। তেওঁ ভাৰতীয় সংঘৰ পৰা অসমৰ বাবে স্বাধীনতা বিচৰা অলফাৰ সেনা প্ৰধান। তেওঁ ইউনাইটেড্ লিবাৰেচন ফ্ৰণ্ট অৱ আসাম – ইণ্ডিপেণ্ডেণ্ট (আলফা – আই)ৰ উপাধ্যক্ষ আৰু মুখ্য সেনাধ্যক্ষ।
-
কবিৰঞ্জন শইকীয়া
কবিৰঞ্জন শইকীয়া (স্বাধীনতা ফুকন'নামেৰেও পৰিচিত, ১৯৭৪–২০০০) এগৰাকী অসমীয়া কবি, সমাজকৰ্মী আৰু বিদ্ৰোহী আছিল। সাহিত্যিক অৱদান আৰু সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাৰ লগত জড়িত হোৱাৰ বাবে তেওঁক স্বীকৃতি দিয়া হৈছিল।
-
কাবেৰী কছাৰী
কাবেৰী কছাৰী (ইংৰাজী: Kaberi Kachari) নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ মহিলা শাখাৰ মুৰব্বী আছিল। তেওঁ সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ পত্নী। তেওঁ কলেজীয়া দিনৰে পৰাই কাব্যিক উৎকৰ্ষতাৰ বাবে পৰিচিত আছিল।
-
ৰাজু বৰুৱা
ৰাজু বৰুৱা (Raju Baruah )ৰ প্ৰকৃত নাম হিতেশ কলিতা, ওৰফে অনিছ আহমেদ, আৰু নিষিদ্ধ সংগঠন আলফাৰ অসম ভিত্তিক অৰ্ধ স্বায়ত্তশাসিত 'এনিগমা বাহিনী'ৰ মুৰব্বী।