অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দাৰ্জিলিং হিলছ ইউনিভাৰচিটি

দাৰ্জিলিং হিলছ ইউনিভাৰচিটি (সংক্ষিপ্তভাৱে ডি.এইচ.ইউ.) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। দ্য গ্ৰীণফিল্ড ইউনিভাৰ্চিটি এক্ট, ২০১৮ৰ জৰিয়তে পশ্চিম বংগ চৰকাৰে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ১৯ জুলাই ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দাৰ্জিলিং হিলছ ইউনিভাৰচিটি (সংক্ষিপ্তভাৱে ডি.এইচ.ইউ.) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। দ্য গ্ৰীণফিল্ড ইউনিভাৰ্চিটি এক্ট, ২০১৮ৰ জৰিয়তে পশ্চিম বংগ চৰকাৰে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। বিশ্ববিদ্যালয়খন ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং জিলাত অৱস্থিত।১২The Greenfield University (Amendment) Act, 2019 আইনখনৰদ্বাৰা সংশোধন কৰা হয় আৰু পৰৱৰ্তী সময়ত Greenfield University নামটোৰ ঠাইত 'Darjeeling Hills University' নামটো ব্যৱহাৰ কৰিবলৈ ধৰিলে॥ ২০২১ চনৰ নৱেম্বৰ মাহত প্ৰথম উপাচাৰ্য সুবীৰেশ ভট্টাচাৰ্যক নিযুক্তি দিয়াৰ লগে লগে বিশ্ববিদ্যালয়খন সক্ৰিয়ভাৱে আৰম্ভ হয়।৩৪৫

ইতিহাস

উপাচাৰ্য

উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত সুবীৰেশ ভট্টাচাৰ্যই অতিৰিক্তভাৱে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সুবীৰেশ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ পাছত৬ ওম প্ৰকাশ মিশ্ৰা উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ অন্তৱৰ্তীকালীন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় আৰু লগতে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ উপাচাৰ্য হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰে। ৭২০২৩ চনৰ মাৰ্চ মাহত প্ৰেম পদ্দাৰক তিনি মাহৰ বাবে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়।৮ কাৰ্যকাল শেষ হোৱাৰ পিছত ২০২৪ চনৰ ডিচেম্বৰ লৈকে কোনো অন্তৱৰ্তীকালীন বা পূৰ্ণকালীন উপাচাৰ্য নিযুক্তি দিয়া নাছিল। ২০২৫ চনৰ জানুৱাৰীত তেজীমলা গুৰুং নাগে দাৰ্জিলিং হিলছ ইউনিভাৰচিটিৰ প্ৰথম নিয়মীয়া উপাচাৰ্য হিচাপে যোগদান কৰে।

তথ্যসূত্ৰ

  1. ↑ Greenfield University Act, 2018
  2. ↑ (23 November 2021). Greenfield University (Amendment) Act, 2018
  3. ↑ Hills varsity issues notice seeking application to six new PG courses
  4. ↑ bn:Darjeeling Hill University: দাৰ্জিলিং পাহাড়ে চালু হল প্ৰথম বিশ্ববিদ্যালয়, পাহাড়বাসী পেল দাৰ্জিলিং হিল ইউনিভাৰ্সিটি. ABP Live
  5. ↑ bn:Darjeeling Hill University: ৰবীন্দ্ৰনাথেৰ স্মৃতি বিজড়িত মংপুতে পাহাড় বিশ্ববিদ্যালয়. Ananda Bazar
  6. ↑ Singh, Shiv Sahay. (2022-09-19). CBI arrests VC of North Bengal University in teacher recruitment scam. The Hindu
  7. ↑ (28 September 2022). JU professor Omprakash Mishra appointed interim VC of NBU. news.careers360.com
  8. ↑ Paul, Binita. Prem Poddar to take charge as vice-chancellor of Darjeeling Hills University on Friday. The Telegraph (India)

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়পশ্চিমবংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰ্জিলিং হিলছ ইউনিভাৰচিটি” প্ৰবন্ধৰ সংশোধন ৬১৮১৬৭ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।